ETV Bharat / bharat

Land in the name of monkeys: বান্দৰৰ নামত 32 একৰ ভূমি - 32 একৰ ভূমি দান কৰিলে গাওঁবাসীয়ে

বান্দৰৰ নামত 32 একৰ ভূমি দান কৰিলে গাওঁবাসীয়ে (32 acore land to monkeys)৷ আধুনিকতাৰ ধামখুমীয়াত পৌৰাণিক ৰীতি নীতি বৰ্তাই ৰাখিবলৈ মহাৰাষ্ট্ৰৰ ওচমানাবাদৰ উপলা গাঁৱত বান্দৰৰ নামত এই অভিনৱ পদক্ষেপ গ্ৰহণ কৰা হয় ৷

land in the name of monkeys
land in the name of monkeys: বান্দৰৰ নামত 32 একৰ ভূমি
author img

By

Published : Oct 16, 2022, 3:39 PM IST

নিউজ ডেস্ক, 16 অক্টোবৰ: আজৱ দেশৰ গজৱ কাণ্ড (Land in thename of monkeys)৷ বান্দৰৰ নামত 32 একৰ ভূমি দান কৰিলে গাওঁবাসীয়ে (32 acre land to monkeys)৷ আধুনিকতাৰ ধামখুমীয়াত পৌৰাণিক ৰীতি নীতি বৰ্তাই ৰাখিবলৈ মহাৰাষ্ট্ৰৰ ওচমানাবাদৰ উপলা গাঁৱত বান্দৰৰ নামত এই অভিনৱ পদক্ষেপ গ্ৰহণ কৰা হয় ৷

বৰ্তমানৰ সমাজত ভূমি বিবাদৰ ফলত বিভিন্ন হিংসাত্মক কাৰ্যকলাপ সংঘটিত হৈ থকাৰ সময়তে গাঁবাসীৰ এই মহানুভৱতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ প্ৰবাদ অনুসৰি উপলা গাঁৱত বান্দৰবোৰক বিশেষ সন্মানেৰে সন্মানিত কৰা হয় ৷ কোনো লোকে মংগল কাৰ্য সাধন কৰাৰ পূৰ্বে বান্দৰক সন্মান জনালে কাৰ্যটো সফলভাৱে ৰূপায়ন হয় বুলি বিশ্বাস কৰে গাঁওবাসীয়ে ৷ আনকি কোনো লোকে বিয়াৰ পূৰ্বেও বান্দৰক সন্মান আগবঢ়াইহে মাংগলিক ৰীতি-নীতিসমূহ সম্পন্ন কৰে ৷ উপলা গ্ৰাম পঞ্চায়তৰ ভূমি ৰেকৰ্ড অনুসৰি, গাওঁখনত বাস কৰা সকলো বান্দৰৰ নামত 32 একৰ ভূমি আছে ।

সম্প্ৰতি গাঁওখনত একালত গাঁওবাসীয়ে বান্দৰৰ নামত মুঠ 32 একৰ ভূমি পঞ্জীয়ন কৰি থোৱা ঘটনা পোহৰলৈ অহাৰ পিছতে একাংশ লোক হতবাক হৈছে ৷ ভূমিৰ দস্তাবেজখনত স্পষ্টকৈ উল্লেখ আছিল যে এই ভূমিখিনি বান্দৰৰ নামত পঞ্জীয়ন কৰা আছে ৷ যদিও আন কোনো জীৱ-জন্তুৰ নাম এই তালিকাত উল্লেখ নাই ৷

কিন্তু কেতিয়া এই ভূমি দান দিয়া হৈছিল সেই বিষয়ে দস্তাবেজখনত কোনো ধৰণৰ তথ্য উল্লেখ নাছিল ৷ বৰ্তমান সময়ত সেই দস্তাবেজ পৰিলক্ষিত কৰি গাঁৱৰ লোকে তেওঁলোকৰ পূৰ্বজে এই মহান দান কৰি থৈ গৈছিল বুলি বিশ্বাস কৰে ৷

গাঁৱৰ মুখিয়াল চৰপঞ্চ বাপ্পা পাদৱালে কয় যে গাওঁখনত এতিয়া প্ৰায় ১০০ টা বান্দৰ আছে আৰু যোৱা কেইবছৰমানত সিহতৰ সংখ্যা হ্ৰাস পাইছে ৷ উক্ত ভূমিখিনিত বান্দৰবোৰে বাস কৰিবলৈ বন বিভাগে গছ ৰোপন কৰাৰ লগতে এটা বান্দৰ থকাৰ বাবে ঘৰো নিৰ্মাণ কৰিছিল ৷ কিন্তু মেৰামতিৰ অভাৱত ঘৰটোও জহি খহি গৈছে ৷ এতিয়া গাঁৱৰ লোকসকলৰ সহযোগত পুনৰ বান্দৰৰ বাসগৃহটো নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে গাঁওবাসীয়ে ৷

আনহাতে গাঁওখনত যেতিয়া কোনো লোকৰ ঘৰলৈ বান্দৰ আহে সন্মান সহকাৰে বান্দৰক খাবলৈ খাদ্যৰ যোগান ধৰা হয় ৷ আনকি বান্দৰেও কেতিয়াও যাচি দিয়া খাদ্য নোখোৱাকৈ বিমুখ নকৰে গৃহস্থক ৷ এতিয়া গাঁওবাসীয়ে পুনৰ পুৰণি ৰীতি-নীতি বৰ্তাই ৰাখিবলৈ বান্দৰক সন্মান দিয়াৰ লগতে পূৰ্বজৰ নীয়ম নীতিসমূহ মানি চলাৰ সংকল্পৱদ্ধ হৈছে ৷

লগতে পঢ়ক: মাজুলীত ভৰা লুইতৰ বুকুত আৱদ্ধ যাত্ৰীবাহী ফেৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.