ETV Bharat / bharat

এয়াৰ এম্বুলেঞ্চেৰে দিল্লীলৈ স্থানান্তৰ অসুস্থ লালু প্ৰসাদ যাদৱক

এখন এয়াৰ এম্বুলেঞ্চৰ জড়িয়তে আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱক পাটনা বিমানবন্দৰৰ পৰা দিল্লীলৈ লৈ যোৱা হৈছে (Lalu Prasad Taken to Delhi)। ৰাজ্যসভাৰ সাংসদ তথা তেওঁৰ কন্যা মীসা ভাৰতীও তেওঁৰ সৈতে আছে । লালু প্ৰদাস যাদৱ ৩ জুলাইত তেওঁৰ ঘৰত খটখটিত পিচলি পৰিছিল । তেতিয়াৰ পৰা তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে ।

author img

By

Published : Jul 6, 2022, 10:52 PM IST

RJD Supremo Lalu Prasad Yadav
এয়াৰ এম্বুলেঞ্চেৰে দিল্লীলৈ স্থানান্তৰ অসুস্থ লালু প্ৰসাদ যাদৱক

নিউজ ডেস্ক, 6 জুলাই: স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে লালু প্ৰসাদ যাদৱৰ ৷ এখন এয়াৰ এম্বুলেঞ্চৰ জড়িয়তে আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱক পাটনা বিমানবন্দৰৰ পৰা দিল্লীলৈ লৈ যোৱা হৈছে (Lalu Prasad Taken to Delhi) । ৰাজ্যসভাৰ সাংসদ তথা তেওঁৰ কন্যা মীসা ভাৰতীও তেওঁৰ সৈতে আছে । একে সময়তে, 3 জনীয়া চিকিৎসকৰ এটা দলে তেওঁৰ স্বাস্থ্যৰ উন্নত যত্নৰ বাবে এম্বুলেন্সত একেলগে যাত্ৰা কৰিছে ।

জানিব পৰা মতে, লালু প্ৰদাস যাদৱ ৩ জুলাইত তেওঁৰ ঘৰত খটখটিত পিচলি পৰিছিল (Lalu Yadav Falls From Stairs) । তেতিয়াৰ পৰা তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে । দিল্লীলৈ ৰাওনা হোৱাৰ আগতে, তেওঁক পাটনাৰ পাৰস চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ য'ৰ পৰা তেওঁক পোনপটীয়াকৈ পাটনা বিমানবন্দৰলৈ অনা হয় (RJD Supremo Lalu Prasad Yadav latest news)।

ইয়াৰ পূৰ্বে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বুধবাৰে চিকিৎসাধীন হৈ থকা লালু প্ৰসাদ যাদৱৰ স্বাস্থ্যৰ খবৰ লয় (Nitish Kumar visit Lalu yadav)৷ লালু তনয় তথা আৰ জে ডি নেতা তেজস্বী যাদৱ সেই সময়ত হাস্পতালত উপস্থিত আছিল ৷ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে চিকিৎসকৰ সৈতে লালুৰ স্বাস্থ্য সন্দৰ্ভত বাৰ্তালাপ কৰে ৷ তেওঁ কয় যে, দিল্লীলৈ নি সকলো চিকিৎসা কৰিলে লালু প্ৰসাদ যাদৱ সুস্থ হৈ উঠিব ৷ লালু যাদৱৰ আশু আৰোগ্য কামনা কৰি ঈশ্বৰক প্ৰাৰ্থনাও জনাই নীতিশ কুমাৰে ৷

লালু পুত্ৰ তেজস্বী যাদৱে কয় যে, ইয়াত যদি ঠিক নহয় তেতিয়াহলে বয়োজ্যেষ্ঠে নেতা গৰাকীক ছিংগাপুৰলৈ লৈ যোৱা হ’ব ৷ দিল্লীৰ এইমছলৈ যোৱাৰ সময়ত ৰাইজৰ পৰা নিজ পিতৃৰ আৰোগ্যৰ বাবে আশীৰ্বাদ বিচাৰে তেজস্বীয়ে (Air Ambulance from Patna Airport) ৷

ইয়াৰ পূৰ্বে, বিহাৰৰ স্বাস্থ্যমন্ত্ৰী মংগল পাণ্ডে আৰু উদ্যোগ মন্ত্ৰী শ্বাহনাৱাজ হুছেইনেও পাৰস চিকিৎসালয়ত উপস্থিত হৈ লালু যাদৱক সাক্ষাৎ কৰে ৷ লালু যাদৱক সাক্ষাৎ কৰাৰ পিছত মংগল পাণ্ডেয়ে কয়, "আমি চিকিৎসকসকলৰ সৈতে কথা পাতিছো আৰু এই মূহুৰ্তত লালু যাদৱৰ স্বাস্থ্য ভাল আছে ৷ চিকিৎসালয়ত তেওঁলোকৰ বাবে সকলো ধৰণৰ সুবিধা উপলব্ধ ৷ কিন্তু যদি পৰিয়ালে বিচাৰে, তেওঁলোকক উন্নত চিকিৎসাৰ বাবে দিল্লীলৈ প্ৰেৰণ কৰা হৈছে । মই নিজেই লালু যাদৱক লগ পাইছিলো আৰু তেওঁক শুভেচ্ছা জনাইছিলো’’ ।

দৰাচলতে, দেওবাৰে সন্ধিয়া লালু যাদৱ ৰাবড়ীবাসৰ চিৰিৰ পৰা পিছলি পৰি গৈছিল । ইয়াৰ পিছত তেওঁক চিকিৎসাৰ বাবে কংকৰবাগৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল আৰু তাৰ পৰা চিকিৎসাৰ পিছত তেওঁক অব্যাহতি দিয়া হয় । পিছত, স্বাস্থ্যৰ অৱনতি ঘটনাৰ বাবে দেওবাৰে নিশা তেওঁক পাৰসত ভৰ্তি কৰোৱা হয় । ইতিমধ্যে বিভিন্ন ধৰণৰ ৰোগৰ দ্বাৰা আক্ৰান্ত লালুৰ অৱস্থা স্থিৰ আৰু নিয়ন্ত্ৰণত আছে বুলি কোৱা হৈছে । চিকিৎসকৰ দলটোৱে তেওঁৰ অৱস্থা নিৰীক্ষণ কৰি আছে ।

লালু যাদৱৰ স্বাস্থ্য অৱনতি হোৱাক লৈ সকলোৱে চিন্তিত হৈ পৰিছে । সমৰ্থকৰ পৰা আন দলৰ নেতালৈকে সকলোৱে তেজস্বী যাদৱৰ পৰা ফোনযোগে লালু যাদৱৰ স্বাস্থ্যৰ বিষয়ে তথ্য লৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই তেজস্বী যাদৱক ফোন কৰি লালু যাদৱৰ স্বাস্থ্যৰ খবৰ লয় । কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধী, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, ৰাহুল গান্ধী আৰু কংগ্ৰেছ দলৰ অন্যান্য নেতাসকলৰ লগতে সকলোৱে তেওঁৰ আশু আৰোগ্য কামনা কৰিছে ।

লগতে পঢ়ক : ভাৰতীয় সংবিধানৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰি পদত্যাগ কেৰালাৰ মন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.