নিউজ ডেস্ক , ২৪ জানুৱাৰী : বিহাৰৰ প্ৰাক্তন মুখ্য়মন্ত্ৰী তথা ৰাষ্ট্ৰীয় জনতা দলৰ নেতা লালু প্ৰসাদ যাদৱৰ স্বাস্থ্য়ৰ অৱনতি ঘটাৰ পিছতে তেওঁক দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হয় । লগে লগে তেওঁৰ শুভাকাংক্ষী আৰু দলৰ কৰ্মীয়ে নেতা গৰাকীৰ সু-স্বাস্থ্য় কামনা কৰি বিভিন্ন স্থানত প্ৰাৰ্থনা কৰা দেখা যায় । বিহাৰৰ মুখ্য়মন্ত্ৰী নীতিশ কুমাৰেও বিৰোধী দলৰ নেতা গৰাকীৰ দ্ৰুত আৰোগ্য কামনা কৰে ।
পাটনাত বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কাৰপুৰী ঠাকুৰৰ জন্মবাৰ্ষিকী উদযাপনত অংশগ্ৰহণ কৰাৰ সময়ত সংবাদ মাধ্য়মৰ আগত লালু প্ৰসাদৰ স্বাস্থ্য় উন্নত হোৱাৰ আশা প্ৰকাশ কৰে নীতিশ কুমাৰে । লগতে তেওঁ কয় যে বিৰোধী দলৰ নেতাগৰাকীৰ পূৰ্বেও স্বাস্থ্য়ৰ বুজ লৈছিল কিন্তু এতিয়া কেৱল সংবাদ মাধ্য়মৰ জৰিয়তেহে তেওঁৰ খবৰ লাভ কৰে । লালু প্ৰসাদৰ পুত্ৰ তেজস্বী যাদৱৰ প্ৰসংগ উল্লেখ কৰি মুখ্য়মন্ত্ৰী গৰাকীয়ে কয় যে পূৰ্বে তেওঁ ফোনত লালু প্ৰসাদৰ খবৰ লৈছিল কিন্তু তেজস্বী যাদবে তেওঁক অপমান কৰাৰ পিছত এতিয়া কেৱল বাতৰি কাকতৰ জৰিয়তেহে তেওঁৰ খবৰ পায় মুখ্য়মন্ত্ৰী গৰাকীয়ে ।
উল্লেখ যে পশুখাদ্য কেলেংকাৰী গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত লালু প্ৰসাদ ৰাঁচীৰ কাৰাগাৰত আছিল । কিন্তু স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক ৰাঁচীৰ ৰাজেন্দ্ৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত ভৰ্তি কৰা হৈছিল আৰু তেওঁৰ স্বাস্থ্য অধিক অৱনতি হোৱাত শনিবাৰে নতুন দিল্লীৰ এইমছলৈ প্ৰেৰণ কৰা হয় ।
লগতে পঢ়ক : 'ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস'ত প্ৰধানমন্ত্ৰী মোডীৰ বিশেষ শুভেচ্ছাবাণী