ETV Bharat / bharat

Lakhimpur violence : দেশজুৰি BKUৰ প্ৰতিবাদী কাৰ্যসূচী - ভাৰতীয় কিষাণ ইউনিয়ন

লখিমপুৰ খেৰী হিংসাৰ(Lakhimpur Kheri violence) বিৰুদ্ধে দেশজুৰি BKUৰ প্ৰতিবাদী কাৰ্যসূচী ৷ উত্তৰ প্ৰদেশৰ লখিমপুৰত মন্ত্ৰীপুত্ৰৰ বাহনৰ তলত আঠজনকৈ লোকে প্ৰাণ হেৰুৱা ঘটনাৰ প্ৰতিবাদ স্বৰূপে এই সিদ্ধান্ত গ্ৰহণ ভাৰতীয় কিষাণ ইউনিয়নৰ ৷ প্ৰতিখন জিলাৰ জিলা প্ৰশাসনৰ কাৰ্যালয়ৰ বাহিৰত কৃষক গোটসমূহে বিক্ষোভ প্ৰদৰ্শন কৰিব ৷

Lakhimpur violence
দেশজুৰি BKUৰ প্ৰতিবাদী কাৰ্যসূচী
author img

By

Published : Oct 4, 2021, 11:29 AM IST

নেশ্যনেল ডেস্ক , 4 অক্টোবৰ : উত্তৰ প্ৰদেশৰ লখিমপুৰত মন্ত্ৰীপুত্ৰৰ বাহনৰ তলত আঠজনকৈ কৃষকে মৃত্যুক সাৱটি ল'বলগীয়া হোৱা ঘটনাৰ পাচতে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ তিনি বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ একত্ৰিত হোৱাৰ সময়ত সংঘটিত এই ঘটনাৰ প্ৰতিবাদস্বৰূপে ভাৰতীয় কিষাণ ইউনিয়নে(Bharatiya Kisan Union) সোমবাৰে প্ৰতিখন জিলাতে প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

লখিমপুৰ খেৰী হিংসাৰ(Lakhimpur Kheri violence) বিষয়ে আলোচনা কৰাৰ উদ্দেশ্যে দেওবাৰে ভাৰতীয় কিষাণ ইউনিয়নে উত্তৰ প্ৰদেশৰ মোজাফ্ফৰনগৰত(Uttar Pradesh's Muzaffarnagar) এখন জৰুৰী সভাৰ আয়োজন কৰে আৰু সোমবাৰে সমগ্ৰ দেশৰ প্ৰতিখন জিলাত প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ উল্লেখ্য যে, দেওবাৰে উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী(Uttar Pradesh Deputy Chief Minister) কেশৱ প্ৰসাদ মৌৰ্যৰ(Keshav Prasad Maurya) লখিমপুৰ ভ্ৰমণৰ পূৰ্বে কৃষকৰ প্ৰতিবাদৰ সময়ত সংঘটিত হিংসাত্মক ঘটনাত আঠজনকৈ লোকে প্ৰাণ হেৰুৱায় ৷

কিষাণ ইউনিয়নৰ মিডিয়া ইনচাৰ্জ ধৰ্মেন্দ্ৰ মালিকে জানিবলৈ দিয়া মতে, BKUৰ সভাপতি নৰেশ টিকাইটৰ সভাপতিত্বত Sisauli গাঁৱত অনুষ্ঠিত পঞ্চায়তৰ সময়ত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ উক্ত সিদ্ধান্ত অনুসৰি, প্ৰতিখন জিলাৰ জিলা প্ৰশাসনৰ কাৰ্যালয়ৰ বাহিৰত কৃষক গোটসমূহে বিক্ষোভ প্ৰদৰ্শন কৰিব ৷

উক্ত সভাত BKUয়ে ২০২০ চনৰ নৱেম্বৰৰ পৰা কৃষি আইন বিৰোধী প্ৰতিবাদৰ নেতৃত্ব দি থকা সংযুক্ত কিষাণ মৰ্চাৰ দ্বাৰা লোৱা সিদ্ধান্ত অটল থকাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ ইফালে কৃষক নেতা ৰাকেশ টিকেটৰ নেতৃত্বত 200ৰো অধিক কৃষক আৰু BKUৰ সমৰ্থকৰ এটা গোট দেওবাৰে লখিমপুৰ খেৰীলৈ ৰাওনা হৈছে ৷

লগতে পঢ়ক : উত্তৰ প্ৰদেশৰ খেৰীত সংঘৰ্ষ : মন্ত্ৰী পুত্ৰৰ বাহনৰ তলত আহি 8 কৃষকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.