ETV Bharat / bharat

মৃত কৃষকৰ পৰিয়ালক ২ কোটি টকা, চৰকাৰী চাকৰি প্ৰদানৰ দাবী অখিলেশ যাদৱৰ - সমাজবাদী পাৰ্টী

উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীৰ হিংসাত্মক ঘটনা(Lakhimpur Kheri violence)ত প্ৰাাণ হেৰুওৱা কৃষকৰ পৰিয়ালক সাক্ষাৎ কৰিলে সমাজবাদী পাৰ্টী(Samajwadi Party)ৰ সভাপতি তথা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱে(Akhilesh Yadav) । মৃত কৃষকৰ পৰিয়ালক ২ কোটি টকাৰ সাহায্য আৰু পৰিয়ালৰ সদস্যক চৰকাৰী চাকৰি প্ৰদানৰ দাবী জনায় সমাজবাদী পাৰ্টীৰ সভাপতিগৰাকীয়ে ।

Lakhimpur Kheri violence
লখিমপুৰ খেৰীত মৃত্যু হোৱা কৃষকৰ পৰিয়াালক সাক্ষাৎ অখিলেশ যাদৱৰ
author img

By

Published : Oct 8, 2021, 10:30 AM IST

নেশ্যনেল ডেস্ক, ৮ অক্টোবৰ: এজনৰ পিছত আনজন ৰাজনৈতিক নেতাই বাট বুলিছে উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীৰ হিংসাত্মক ঘটনা(Lakhimpur Kheri violence)ত মৃত্যু হোৱা কৃষকৰ বাসগৃহলৈ । মৃত কৃষকৰ পৰিয়ালক সাক্ষাৎ কৰি তেওঁলোকৰ ন্যায়ৰ বাবে যুঁজ দিয়াৰ আশ্বাস দিছে নেতাসকলে । শেহতীয়াকৈ মৃত কৃষকৰ পৰিয়ালক সাক্ষাৎ কৰিলে সমাজবাদী পাৰ্টী(Samajwadi Party)ৰ সভাপতি তথা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱে(Akhilesh Yadav) ।

তেওঁ কয় যে, পৰিয়ালকেইটাই ন্যায় বিচাৰিছে আৰু তেওঁ আশা প্ৰকাশ কৰে যে, এই ঘটনাৰ সত্যতা শীঘ্ৰেই পোহৰলৈ আহিব । লগতে তেওঁ মৃত কৃষকৰ পৰিয়ালক ২ কোটি টকাৰ সাহায্য আৰু পৰিয়ালৰ সদস্যক চৰকাৰী চাকৰি প্ৰদানৰ দাবী জনায় । ন্যায়ৰ দাবী জনাই তেওঁ কয় যে, এনে বহু গোচৰ আছে, যিবোৰত ভুক্তভোগীয়ে ন্যায় লাভৰ পৰা বঞ্চিত হৈছে । ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ তথ্য অনুসৰি, আৰক্ষীৰ জিম্মাত থকা অৱস্থাতে উত্তৰ প্ৰদেশত সৰ্বাধিক সংখ্যক লোকৰ মৃত্যু হৈছে ।

তেওঁ লগতে কয় যে, যদি এজন আৰক্ষী বিষয়াই তদন্তৰ বাবে গৃহ ৰাজ্য মন্ত্ৰী অজয় কুমাৰ মিশ্ৰক সাক্ষাৎ কৰে, তেন্তে তেওঁ প্ৰথমে মন্ত্ৰীগৰাকীক অভিবাদন জনাব লাগিব ।

তেওঁ প্ৰশ্ন উত্থাপন কৰে যে, 'আপোনালোকে এনে এজন বিষয়াই এই ঘটনাৰ তদন্ত কৰাটো বিচাৰে নেকি, যি তদন্ত কৰিবলৈ গৈ মন্ত্ৰীক অভিবাদন জনায় ?' অখিলেশ যাদৱে কয় যে, প্ৰত্যক্ষদৰ্শীয়ে কোৱা মতে, মন্ত্ৰী অজয় মিশ্ৰ আৰু তেওঁৰ পুত্ৰ আশীস মিশ্ৰ এই ঘটনাৰে জড়িত হৈ আছে । ইণ্টাৰনেট সেৱা বন্ধ কৰি ৰখা সন্দৰ্ভত তেওঁ কয় যে, মানুহে যাতে এই ঘটনাৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব নোৱাৰে আৰু সত্য জানিব নোৱাৰে তাৰ বাবে ইণ্টাৰনেট সেৱা স্থগিত কৰি ৰখা হৈছে ।

উল্লেখ্য যে, যোৱা ৩ অক্টোবৰত লখিমপুৰ খেৰীত সংঘটিত হিংসাত্মক ঘটনাত চাৰিজন কৃষকসহ মুঠ আঠজন লোকৰ মৃত্যু হয় । উত্তৰ প্ৰদেশ আৰক্ষীয়ে সোমবাৰে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীস মিশ্ৰৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰে । আশিসে ৩ অক্টোবৰত উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰী জিলাত প্ৰতিবাদকাৰী কৃষকক বাহনেৰে মহতিয়াই নিছিল ।

লগতে পঢ়ক:লখিমপুৰ খেৰীৰ ঘটনা : নিৰীহ কৃষকৰ মৃত্যু সন্দৰ্ভত উত্তৰ বিচাৰিলে বৰুণ গান্ধীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.