ETV Bharat / bharat

লখিমপুৰ খেৰীৰ হিংসাত্মক কাণ্ডঃ ২৬ অক্টোবৰলৈ শুনানি স্থগিত কৰিলে উচ্চতম ন্যায়ালয়ে - আশীষ মিশ্ৰ টেনি

উত্তৰ প্ৰদেশ(Uttar Pradesh)ৰ লখিমপুৰ খেৰীত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত দাখিল কৰা ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ শুনানি ২৬ অক্টোবৰলৈ শুনানি স্থগিত কৰিলে উচ্চতম ন্যায়ালয়ে(Supreme Court) । লগতে ন্যায়িক দণ্ডাধীশৰ সন্মুখত লখিমপুৰ খেৰী ঘটনাৰ আন সাক্ষীসকলৰ জবানবন্দী ল'বলৈ উত্তৰ প্ৰদেশ আৰক্ষীক নিৰ্দেশ দিয়ে । ইয়াৰ পূৰ্বৰ শুনানিত, আদালতে উত্তৰ প্ৰদেশ আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াৰ অগ্ৰগতিক লৈ অসন্তুষ্টি ব্যক্ত কৰিছিল ।

Supreme Court adjourns hearing
লখিমপুৰ খেৰীৰ ঘটনা সন্দৰ্ভত ২৬ অক্টোবৰলৈ শুনানি স্থগিত কৰিলে উচ্চতম ন্যায়ালয়ে
author img

By

Published : Oct 20, 2021, 5:25 PM IST

নেশ্যনেল ডেস্ক, ২০ অক্টোবৰ: যোৱা ৩ অক্টোবৰত উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰী(Lakhimpur Kheri)ত সংঘটিত হিংসাত্মক ঘটনা সম্পৰ্কীয় শুনানি স্থগিত কৰিলে উচ্চতম ন্যায়ালয়ে । এই ঘটনা সন্দৰ্ভত দাখিল কৰা ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ শুনানি ২৬ অক্টোবৰত গ্ৰহণ কৰিব আদালতে । বুধবাৰে সৰ্বোচ্চ ন্যায়ালয়ে এই গোচৰ সন্দৰ্ভত উত্তৰ প্ৰদেশ চৰকাৰকো সমালোচনা কৰে । মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰ বিচাৰপীঠে কয় যে, আদালতে ধাৰণা কৰিছে যে, চৰকাৰে এই ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিয়াত বিশেষ আগ্ৰহ প্ৰকাশ কৰা নাই ।

এই মনোভাৱ সলনি কৰিবলৈও উত্তৰ প্ৰদেশ চৰকাৰক সকীয়াই দিয়ে বিচাৰপীঠে । লগতে ন্যায়িক দণ্ডাধীশৰ সন্মুখত লখিমপুৰ খেৰী ঘটনাৰ আন সাক্ষীসকলৰ জবানবন্দী ল'বলৈ উত্তৰ প্ৰদেশ আৰক্ষীক নিৰ্দেশ দিয়ে । উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত সংঘটিত হিংসাত্মক ঘটনাত চাৰিজন কৃষকসহ মুঠ আঠজন লোকে প্ৰাণ হেৰুৱাইছিল । কৃষকৰ প্ৰতিবাদী কাৰ্যসূচী চলি থকাৰ সময়তে দ্ৰুতবেগী বাহনে তেওঁলোকক মহতিয়াই নিয়ে ।

কৃষক সংগঠনৰ লগতে আন ৰাজনৈতিক দলসমূহে এই ঘটনাৰ বাবে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰ টেনিৰ পুত্ৰ আশীষ মিশ্ৰ টেনিকে দোষাৰোপ কৰিছে । ৰাজ্য চৰকাৰে আদালতত কৈছিল যে, এই ঘটনাৰ ৪৪ জন সাক্ষীৰ ভিতৰত চাৰিজনৰ জবানবন্দী লৈছে ন্যায়িক দণ্ডাধীশে । ন্যায়াধীশ সূৰ্য কান্ত আৰু হিমা কোহলীক লৈ গঠিত বিচাৰপীঠক ৰাজ্য চৰকাৰে কয় যে, ন্যায়িক দণ্ডাধীশৰ সন্মুখত সাক্ষীসকলৰ জবানবন্দী লোৱাৰ প্ৰক্ৰিয়া চলি আছে ।

এতিয়ালৈকে, লখিমপুৰ খেৰী হিংসাৰ সন্দৰ্ভত আশীষ মিশ্ৰকে ধৰি আঠজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । কৃষকসকলে অভিযোগ তুলিছিল যে কৃষকক মহতিয়াই নিয়া বাহনবোৰৰ ভিতৰত এখন বাহনত আশীষ মিশ্ৰ আছিল । কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰ টেনিৰ পুত্ৰই এই অভিযোগ অস্বীকাৰ কৰে আৰু দাবী কৰে যে, তেওঁ সেই সময়ত বনবীৰপুৰ গাঁৱত উপস্থিত আছিল ।

লগতে পঢ়ক:কেৰালাত ধাৰাসাৰ বৰষুণ : পেৰিয়াৰ নদীৰ সমীপৰ অঞ্চলত হাই এলাৰ্ট জাৰি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.