ETV Bharat / bharat

মণিপুৰত PREPAK ৰ মহিলা কেডাৰ আটক

সোমবাৰে ইম্ফলৰ পূৱ জিলাৰ থিয়াম অঞ্চলত কাংলিপাকৰ পিপ’লছ ৰিভলিউশ্বনেৰা পাৰ্টী (PREPAK) ৰ এগৰাকী মহিলা কেডাৰক আটক ৷ অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীৰ যৌথ অভিযানত আটক হয় মহিলা কেডাৰ গৰাকী ৷

lady insurgent apprehended in Manipur
মণিপুৰত PREPAKৰ মহিলা কেডাৰ আটক
author img

By

Published : Mar 9, 2021, 8:35 PM IST

ইম্ফল,9 মাৰ্চ : অসম ৰাইফলছৰ সেনা আৰু মণিপুৰ আৰক্ষীৰ এক সংযুক্ত দলে সোমবাৰে ইম্ফলৰ পূৱ জিলাৰ থিয়াম অঞ্চলত আটক কৰে কাংলিপাকৰ পিপ’লছ ৰিভলিউশ্বনেৰা পাৰ্টী (PREPAK)ৰ এগৰাকী মহিলা কেডাৰক ৷ অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীয়ে যৌথভাৱে অভিযান চলাই আটক কৰে মহিলা কেডাৰ গৰাকীক ৷

PREPAK হৈছে ৰাজ্যৰ এক বিশিষ্ট ভূ-গৰ্ভস্থ সংগঠন, যিটো সংগঠনে মণিপুৰৰ অতীতৰ সাৰ্বভৌমত্ব পুনৰুদ্ধাৰ কৰিবলৈ সংগ্ৰাম চলাই আছে ৷ আটকাধীন মণিকা দেৱী (29) নামৰ মহিলা কেডাৰগৰাকী একেখন জিলাৰ কেৰাও ৱাংখেম অঞ্চলৰ বাসিন্দা বুলি সামৰিক বাহিনীয়ে এক বিবৃতিযোগে জানিবলৈ দিয়ে ৷

ইফালে আটক হোৱা মহিলা কেডাৰ গৰাকীয়ে PREPAK ৰ সক্ৰিয় সদস্য বুলি স্বীকাৰ কৰে ৷ বিবৃতিত উল্লেখিত অনুসৰি, অধিক তদন্ত আৰু আইনী ব্যৱস্থাৰ বাবে মহিলা কেডাৰ গৰাকীক আৰক্ষীলৈ হস্তান্তৰ কৰা হয় ৷

লগতে পঢ়ক : উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱটৰ পদত্যাগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.