ETV Bharat / bharat

আজি ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানীৰ জন্মদিন

author img

By

Published : Nov 8, 2021, 9:18 AM IST

আজি 94 বছৰত ভৰি দিলে বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানীয়ে ৷ তেওঁ 2002ৰ পৰা 2004 চনলৈ দেশৰ উপ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ চম্ভালিছিল ৷

L K Advani birthday
আজি ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানীৰ জন্মদিন

নেশ্যনেল ডেস্ক, 8 নৱেম্বৰ : আজি ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী লালকৃষ্ণ আদৱানীৰ 94 সংখ্যক জন্মদিন ৷ 1927 চনৰ 8 নৱেম্বৰত কৰাচী (এতিয়াৰ পাকিস্তান)ত জন্মলাভ কৰা কৰা আদৱানীয়ে 2002ৰ পৰা 2004 চনলৈ দেশৰ উপ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ চম্ভালিছিল ৷ তেওঁ 1998ৰ পৰা 2004 চনলৈ বিজেপি নেতৃত্বাধীন NDA চৰকাৰত গৃহমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল ৷

লালকৃষ্ণ আদৱানী 2009 চনৰ সাধাৰণ নিৰ্বাচনত NDAৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী আছিল ৷ 2015 চনত তেওঁক ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ সন্মান ‘পদ্ম বিভূষণ’ৰে সন্মানিত কৰা হয় ৷

উল্লেখ্য যে, দেশ বিভাজনৰ সময়ত আদবানীৰ পৰিয়ালটো পাকিস্তানৰ পৰা ভাৰতলৈ আহে আৰু মুম্বাইত থাকিবলৈ লয় ৷ তেওঁ বম্বে বিশ্ববিদ্যালয়ৰ অধীনত চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী লাভ কৰে ৷ আদৱানীয়ে 1965 চনত কমলা আদৱানীৰ সৈতে বিবাহপাশত আৱদ্ধ হয় ৷

আদৱানীয়ে 1941 চনত মাত্ৰ 14 বছৰ বয়সতেই আৰ এচ এচত ভৰ্তি হৈছিল ৷ তেওঁ RSSৰ কৰাচী শাখাৰ প্ৰচাৰক হিচাপে নিযুক্ত হয় আৰু তাত সংগঠনটোৰ কেইবাটাও শাখা বিকশিত হোৱাত সহায় কৰে ৷ ইয়াৰ পিছতে আদৱানীয়ে ভাৰতীয় জনসংঘৰ সদস্য হিচাপে নিৰ্বাচিত হয় ৷

1977 চনত আদৱানী আৰু তেওঁৰ সহযোগী অটল বিহাৰী বাজপেয়ীয়ে জনতা পাৰ্টীৰ সদস্য হিচাপে নিৰ্বাচন খেলে ৷ কিন্তু পৰৱৰ্তী সময়ত জনতা পাৰ্টীৰ প্ৰাক্তন সদস্যসকলে দলটো ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টী নামৰ নতুন ৰাজনৈতিক দলটো গঠন কৰে আৰু আদৱানী এই নতুন দলৰ মুখ্য নেতা হৈ পৰে ৷

তেওঁ 1986ৰ পৰা 1991 লৈ, 1993ৰ পৰা 1998 লৈ আৰু 2004ৰ পৰা 2005 লৈ বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ আদৱানীৰ নেতৃত্বতে বিজেপি ৰামৰ জন্মভূমি অযোধ্যাক লৈ ৰাজনৈতিক চেহেৰালৈ পৰিণত হয় ৷

বিজেপি জনপ্ৰিয়তা বৃদ্ধিৰ লগতে হিন্দুবাদী ভাৱধাৰাক একগোট কৰাৰ উদ্দেশ্যে আদৱানীয়ে দেশজুৰি যথযাত্ৰাৰ আয়োজন কৰিছিল ৷ আদৱানীয়ে প্ৰথম ৰথযাত্ৰা 1990 চনৰ 25 ছেপ্টেম্বৰত গুজৰাটৰ সোমনাথৰ পৰা আৰম্ভ কৰি 1990 চনৰ 30 অক্টোবৰত সমাপ্ত কৰিছিল ৷

লগতে পঢ়ক: ত্ৰিপুৰা নগৰ পালিকাৰ নিৰ্বাচনৰ বাবে 821 খন মনোনয়নক বৈধতা প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.