ETV Bharat / bharat

আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ ৰোহটাং পাছ

সোমবাৰৰ পৰা পৰ্যটকৰ বাবে ৰোহটাং পাছ বন্ধ কৰা হৈছে । তুষাৰপাতৰ সতৰ্কবাণী পোৱাৰ পাছতে প্ৰশাসনে এই সিদ্ধান্ত লৈছে । পৰ্যটকৰ পাৰমিটৰ ৱেবছাইটো বন্ধ কৰা হৈছে ।

author img

By ETV Bharat Assamese Team

Published : Nov 27, 2023, 5:34 PM IST

Rohtang Pass
আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ ৰোহটাং পাছ

নেশ্যনেল ডেস্ক,২৭ নৱেম্বৰ : দেশ-বিদেশৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৰোহটাং পাছ বন্ধ কৰি দিয়া হৈছে । আগন্তুক তুষাৰপাতৰ প্ৰতি লক্ষ্য ৰাখি মানালী প্ৰশাসনে ৰোহটাং পাছ পৰ্যটকৰ বাবে বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । এনে পৰিস্থিতিত, যদি অনাগত দিনবোৰত বতৰ ভালে থাকে তেন্তে এই স্থান পৰ্যটকৰ বাবে পুনৰ মুকলি কৰিব পাৰে বুলিও প্ৰশাসনে উল্লেখ কৰিছে । ইয়াৰ পূৰ্বে, ৰোহটাং পাছ আনুষ্ঠানিকভাৱে ১৫ নৱেম্বৰৰ পৰা বন্ধ কৰা হৈছিল । কিন্তু এইবাৰ পৰ্যটকৰ সুবিধাৰ কথা মনত ৰাখি ইয়াক এতিয়ালৈ মুকলি ৰখা হৈছিল ।

ৰোহটাঙলৈ যাবলৈ অনুমতি বিচৰা অনলাইন ৱেবছাইটোও মানালী প্ৰশাসনে বন্ধ কৰিছে । ৰোহটাঙৰ পৰিৱৰ্তে এতিয়া পৰ্যটকসকলে বৰফৰ নান্দনিক দৃশ্য উপভোগ কৰিবলৈ চোলাং নালা, কোঠি আৰু মাৰহীলৈ যাব পাৰিব । শেহতীয়া দিনবোৰ ৰোহটাং পাছত হোৱা তুষাৰপাতৰ ফলত মানালীৰ পৰ্যটন ব্যৱসায়েও যথেষ্ট গতি লাভ কৰিছে । হোটেলবোৰো যথেষ্ট উপকৃত হৈছিল ।

প্ৰাপ্ত খবৰ অনুসৰি শনিবাৰ আৰু দেওবাৰে ৰোহটাং পাছত পৰ্যটকৰ ১২০০ অনুমতি পত্ৰ বুক হৈছিল । যোৱা সপ্তাহত, ৬৪২০ গৰাকী পৰ্যটকে ৰোহটাং পাছ দৰ্শন কৰিছিল । মানালীৰ লগতে লাহৌল উপত্যকাৰ পৰ্যটন স্থলসমূহটো পৰ্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে ।

মানালী প্ৰশাসনৰ এগৰাকী বিষয়াই জনোৱা মতে বতৰ বিজ্ঞান বিভাগে অঞ্চলবোৰত তুষাৰপাতৰ সতৰ্কবাণী জাৰি কৰিছে । যাৰ বাবে সোমবাৰৰ পৰা পৰ্যটকৰ চলাচলৰ বাবে ৰোহটাং পাছ বন্ধ কৰি দিয়া হৈছে । একে সময়তে, পাৰমিটৰ বাবে অনলাইন ছাইটটোও বন্ধ কৰা হৈছে । আগন্তুক সময়ত, বতৰৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি ৰোহটাং পাছত বাহনৰ চলাচল আৰম্ভ কৰা হ'ব নে নাই সেয়া সিদ্ধান্ত লোৱা হ'ব ।

লগতে পঢ়ক :বজ্ৰপাতৰ ফলত গুজৰাটত ২০ জনৰ মৃত্যু, অমিত শ্বাহৰ শোক প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.