ETV Bharat / bharat

Kuki demands Puducherry like UT : পুডুচেৰীৰ দৰে কেন্দ্ৰীয় শাসিত অঞ্চলৰ দাবী কুকি সংগঠনৰ

মণিপুৰত অস্থিৰতা অব্যাহত আছে । ইয়াৰ মাজতে পুডুচেৰীৰ দৰে পৃথক অঞ্চলৰ দাবী জনাইছে কুকি উগ্ৰপন্থীয়ে । গৃহ মন্ত্ৰালয়ে এই সন্দৰ্ভত পৰীক্ষা নিৰীক্ষা চলাই আছে ।

Kuki demands Puducherry like UT
পুডুছেৰীৰ দৰে কেন্দ্ৰীয় শাসিত অঞ্চলৰ দাবী কুকি সংগঠনৰ
author img

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 12:19 PM IST

নেশ্যনেল ডেস্ক,১ অক্টোবৰ : বিগত প্ৰায় ৪ মাহ ধৰি মণিপুৰত মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত সংঘৰ্ষ অব্যাহত আছে । একপ্ৰকাৰ ৰাজ্যখনত অস্থিৰতাই বিৰাজ কৰি আছে । পৰিস্থিতি নিয়ন্ত্ৰণত সম্পূৰ্ণ বিফল হৈছে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰ । ইয়াৰ মাজতে অস্ত্ৰ বিৰতিত থকা কুকি জো উগ্ৰপন্থী সংগঠনে চৰকাৰক গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে । উগ্ৰপন্থী সংগঠনটোৱে গৃহ মন্ত্ৰালয়ক পৃথক অঞ্চলৰ দাবী জনাইছে ।

গৃহ মন্ত্ৰালয়ৰ এক সূত্ৰৰ মতে ভাৰত চৰকাৰৰ হাতত কুকি উগ্ৰপন্থী সংগঠনসমূহে উত্থাপন কৰা বিভিন্ন দাবীৰ এখন তালিকা আছে । সেই দাবীৰ ওপৰত ভিত্তি কৰি চৰকাৰে মণিপুৰত কুকিসকলৰ বাবে পৃথক অঞ্চল স্থাপন কৰাৰ সম্ভাৱনা পৰীক্ষা কৰি আছে বুলিও সূত্ৰটোৱে জনাইছে ।

সূত্ৰটোৰ মতে গৃহ মন্ত্ৰালয়ে অস্থিৰ ৰাজ্যখনত শান্তি স্থাপনৰ সকলো সম্ভাৱনা পৰীক্ষা কৰি আছে । শেহতীয়াকৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে হোৱা বাৰ্তালাপত কুকি-জো উগ্ৰপন্থী সংগঠনসমূহে পুডুচেৰীৰ দৰে কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্যাদা দাবী কৰে । ৩ মে'ত মণিপুৰত জাতিগত অস্থিৰতা আৰম্ভ হোৱাৰ পাছৰে পৰা কুকি-জো সম্প্ৰদায়সমূহে চুৰাচান্দপুৰ, কাংপোকপি, চান্দেল, টেংনুপাল আৰু ফেৰজলকে ধৰি ৫ খন জিলাক লৈ এখন পৃথক প্ৰশাসনৰ দাবী কৰি আহিছে ।

কুকি-জো উগ্ৰপন্থী সংগঠনবোৰ ২০০৮ চনৰ পৰা ভাৰত চৰকাৰৰ সৈতে স্বাক্ষৰিত শান্তি আলোচনা ৰক্ষা কৰি আছে । কুকিৰ এজন নেতা হাওকিপে এই সন্দৰ্ভত কয় যে তেওঁলোকৰ সম্প্ৰদায়ৰ বাবে এক পৃথক প্ৰশাসন গঠনে বৰ্তমানৰ সংকট সমাধানৰ একমাত্ৰ উপায় । হাওকিপে লগতে কয় যে এখন পৃথক প্ৰশাসন গঠন কৰাটো কুকিসকলৰ দীৰ্ঘদিনীয়া দাবী আছিল ।

উত্তৰ-পূৱৰ বিশেষ সচিব এ কে মিশ্ৰৰ সৈতে ছেপ্টেম্বৰত হোৱা এক বৈঠকত কুকি-জো উগ্ৰপন্থী সংগঠনবোৰে দাবীৰ চাৰ্টাৰ দাখিল কৰিছিল । ইফালে জুলাই মাহৰ পৰা ভাৰত চৰকাৰৰ প্ৰতিনিধি আৰু কুকি গ্ৰুপ নেচনেল অৰ্গেনাইজেচন আৰু ইউনাইটেড পিপলছ ফ্ৰণ্টৰ মাজত ইতিমধ্যে ৪টা পৰ্যায়ৰ আলোচনা হৈছে ।

কেএনঅ' আৰু ইউপিএফ ১৮ টা সংগঠনৰ সন্মিলিত উগ্ৰপন্থী গোট । পুডুচেৰী আৰ্হিৰ বাবে তেওঁলোকৰ দাবীক ন্যায়সঙ্গত বুলি উল্লেখ কৰি আন এগৰাকী কুকি নেতাই কয় যে পৃথক প্ৰশাসনৰ বাবে ৫ খন জিলা সংলগ্ন নহয় । টেংনুপাল আৰু চান্দেল ৰাজ্যখনৰ পূব আৰু দক্ষিণ-পূবত আছে আনহাতে কাংপোকপি ইম্ফলৰ ওচৰত আছে ।

পুডুচেৰীৰ কথা উল্লেখ কৰি কুকি নেতাগৰাকীয়ে কয় যে কেন্দ্ৰীয় শাসিত অঞ্চলটোত ৪ খন জিলা আছে যিবোৰ ভৌগোলিকভাৱে একেলগে অৱস্থিত নহয় । সেই জিলাসমূহ তামিলনাডু, কেৰালা আৰু অন্ধ্ৰ প্ৰদেশৰ কাষৰীয়া অঞ্চলত সিঁচৰতি হৈ আছে ।

তাৎপৰ্যপূৰ্ণভাৱে, মণিপুৰৰ মেইটেই আৰু নগা উভয়ে ইতিমধ্যে কুকিসকলৰ বাবে পৃথক প্ৰশাসন গঠনৰ বিৰুদ্ধে তেওঁলোকৰ আপত্তি দৰ্শাইছে । মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে ইতিমধ্যে মণিপুৰত কুকিসকলৰ বাবে পৃথক প্ৰশাসন বা অঞ্চল গঠনৰ ক্ষেত্ৰত চৰকাৰৰ আপত্তি উত্থাপন কৰিছে ।

লগতে পঢ়ক :Manipur Violence : ট্ৰেন্সনেচনেল ষড়যন্ত্ৰৰ গোচৰত চুৰাচান্দপুৰত NIA ৰ দ্বাৰা গ্ৰেপ্তাৰ এজন অভিযুক্ত

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.