ETV Bharat / bharat

Kuki Mass cremation : কুকি সংগঠনৰ ৰাজহুৱা সমাধি কাৰ্যসূচী বাতিল - curfew in Imphal east

চুৰাচান্দপুৰৰ লামকাত কুকি শ্বহীদসকলৰ ৰাজহুৱা সমাধিৰ কাৰ্যসূচী আয়োজন কৰা হৈছিল যদিও কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এক নিৰ্দেশযোগে এই কাৰ্যসূচী বাতিল কৰে । ইম্ফল পূবত পুনৰ সান্ধ্য আইন জাৰি ।

Kuki Mass cremation
কুকি সংগঠনৰ ৰাজহুৱা সমাধি কাৰ্যসূচী বাতিল
author img

By

Published : Aug 3, 2023, 3:05 PM IST

তেজপুৰ, ৩ আগষ্ট : মণিপুৰৰ চুৰাচান্দপুৰ জিলাত কুকি সংগঠনে আয়োজন ৰাজহুৱা সমাধি বাতিল কৰা হয় । কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এক নিৰ্দেশযোগে বৃহস্পতিবাৰে মণিপুৰৰ হিংসাত মৃত্যু হোৱা লোকৰ ৰাজহুৱা সমাধিৰ কাৰ্যসূচী বাতিল কৰে । নিৰ্দেশনা অনুসৰি আগন্তুক ৭ দিনৰ বাবে এই গণ সমাধি কাৰ্যসূচী বাতিল কৰা হৈছে । ইফালে সম্পূৰ্ণ সুৰক্ষা ব্যৱস্থা আৰু দণ্ডাধীশৰ উপস্থিতিত চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ভূমিত এই সমাধিৰ ব্যৱস্থা কৰাৰ বাবে আহ্বান জনাইছে ।

Kuki Mass cremation
কুকি সংগঠনৰ ৰাজহুৱা সমাধি কাৰ্যসূচী বাতিল

উল্লেখ্য যে শেহতীয়াকৈ জনজাতীয় নেতাসকলে এক বৈঠকত সিদ্ধান্ত লৈছিল যে বৃহস্পতিবাৰে চুৰাচান্দপুৰৰ টুইবুং (লামকা)ৰ পীছ গ্ৰাউণ্ডত কুকি-জো'ৰ শ্বহীদসকলক সমাধিস্থ কৰা হ'ব । সেই সিদ্ধান্ত অনুসৰি হিংসাত্মক পৰিস্থিতিত নিহত হোৱা প্ৰায় ৩৫ টা মৃতদেহ একেলগে সমাধিস্থ কৰা হ'ব । এই কাৰ্যসূচীত হাজাৰ হাজাৰ লোক সমৱেত হোৱাৰ আশংকা কৰা হৈছিল । আনকি এই পৰিস্থিতিক লৈ কটকটীয়া নিৰাপত্তা বেষ্টনীও গঢ়ি তোলা হৈছে । ইয়াৰ পূৰ্বেও কুকি সংগঠনে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীৰ আয়োজন কৰিছিল য'ত অস্ত্ৰ-শস্ত্ৰ লৈ বহু লোকে অংশ লৈছিল ।

লক্ষণীয়ভাৱে ইম্ফলৰ ৰিজিঅ'নেল ইনষ্টিটিউট অব মেডিকেল চায়েন্স আৰু জৱাহৰলাল নেহেৰু ইনষ্টিটিউট অফ মেডিকেল চায়েঞ্চৰ মৰ্গত থকা মৃতদেহসমূহো চুৰাচান্দপুৰলৈ পঠোৱাৰ ব্যৱস্থা কৰিব লাগে বুলি কুকি সংগঠনসমূহে দাবী জনাইছিল । চুৰাচান্দপুৰত কুকি সংগঠনে আয়োজন কৰা এই কাৰ্যসূচীক লৈ ৰাজ্যখনত উত্তেজনাময় পৰিৱেশৰো সৃষ্টি হৈছিল ।

আনহাতে ইম্ফল পূবত সান্ধ্য আইন শিথিল পুনৰ বাতিল কৰা হৈছে । পুৱা ৫ বজাৰ পৰা ৮ বজালৈ সান্ধ্য আইন শিথিল কৰাৰ কথা আছিল যদিও তাৎক্ষণিকভাৱে এই সিদ্ধান্ত বাতলি কৰি পুনৰ অনিৰ্দিষ্ট কাললৈ সান্ধ্য আইন জাৰি কৰা হৈছে । জানিব পৰা মতে জিলাখনৰ কাংভাইত পুনৰ গুলীয়াগুলি আৰু বোমাৰ শব্দ শুনা গৈছে । যাৰ বাবে চৰকাৰে সান্ধ্য আইন শিথিলৰ সিদ্ধান্ত বাতিল কৰিবলৈ বাধ্য হয় ।

লগতে পঢ়ক :Manipur Violence : চুৰাচান্দপুৰৰ লামকাত আজি কুকি শ্বহীদৰ ৰাজহুৱা সমাধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.