ETV Bharat / bharat

কৃষ্ণ জন্মভূমি বিতৰ্ক: শ্বাহী ঈদগাহ মছজিদত জৰীপৰ অনুমতি এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

author img

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 5:51 PM IST

শ্ৰীকৃষ্ণ জন্মভূমি সন্দৰ্ভত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায় ৷ জৰীপ চলোৱা হ’ব শ্বাহী ঈদগাহ মছজিদত ৷

Krishna Janmabhoomi land dispute
Allahabad High Court

নিউজ ডেস্ক, 14 ডিচেম্বৰ: কৃষ্ণ জন্মভূমি-শ্বাহী ঈদগাহ মছজিদ গোচৰৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে ৷ বৃহস্পতিবাৰে মথুৰাৰ শ্ৰীকৃষ্ণ জন্মভূমি মন্দিৰত সংলগ্ন শ্বাহী ঈদগাহ চৌহদত আদালতৰ নিৰীক্ষণত জৰীপৰ অনুমতি প্ৰদান কৰে উচ্চ ন্যায়ালয়ে ।

আদালতে নিজৰ আদেশত মছজিদটোৰ জৰীপ চোৱাচিতা কৰিবলৈ এজন অধিবক্তা আয়ুক্ত নিযুক্তি দিবলৈ সন্মত হয় ৷ আবেদনকাৰীসকলে দাবী কৰে যে মছজিদটোত এসময়ত হিন্দু মন্দিৰ আছিল আৰু তাত কিছুমান কীৰ্তিচিহ্ন আছিল । আদালতে কয় যে অহা ১৮ ডিচেম্বৰত পৰৱৰ্তী শুনানিত এই সমীক্ষাৰ পদ্ধতিসমূহৰ বিষয়ে আলোচনা কৰা হ’ব ।

হিন্দু পক্ষৰ অধিবক্তা বিষ্ণু শংকৰ জৈনে কয়, "আমি অধিবক্তা আয়ুক্তৰ দ্বাৰা (শ্বাহী ঈদগাহ মছজিদ) জৰীপ কৰাৰ দাবী জনাইছিলো ৷ এলাহাবাদ উচ্চতম ন্যায়ালয়ে আমাৰ আবেদনত অনুমতি জনাইছে । ১৮ ডিচেম্বৰত মডেলিটিৰ সিদ্ধান্ত লোৱা হ'ব । আদালতে বিপক্ষৰ যুক্তি নাকচ কৰিছে । মোৰ দাবী আছিল যে শ্বাহী ঈদগাহ মছজিদত হিন্দু মন্দিৰৰ বহুত চিন আৰু প্ৰতীক আছে আৰু প্ৰকৃত অৱস্থান জানিবলৈ এজন অধিবক্তা আয়ুক্তৰ প্ৰয়োজন । ই আদালতৰ এক গুৰুত্বপূৰ্ণ ৰায় ।"

দীৰ্ঘদিনীয়া বিবাদৰ মাজত এলাহাবাদ উচ্চ ন্যায়ালয়ে মছজিদ পৰিদৰ্শনৰ অনুমতি দিয়াৰ সিদ্ধান্তটো এক উল্লেখযোগ্য দিশ । আদালতে এই বিবাদ সন্দৰ্ভত দুটা নতুন গোচৰো নিজলৈ হস্তান্তৰ কৰি মথুৰাৰ জিলা ন্যায়াধীশক এই সন্দৰ্ভত সংশ্লিষ্ট পক্ষক জাননী দিবলৈ নিৰ্দেশ দিছে ।

ন্যায়াধীশ মায়ংক কুমাৰ জৈনে ভগৱান হিচাপে দাবী কৰা শ্ৰীকৃষ্ণ বিৰাজমান আৰু আন সাতজন ব্যক্তিয়ে দাখিল কৰা আবেদনৰ প্ৰতি সঁহাৰি জনাই এই ৰায়দান কৰে । এই আবেদনখন আদালতত বিচাৰাধীন হৈ থকা এটা মূল গোচৰৰ অংশ আৰু ইয়াত দাবী কৰা হৈছে যে ভগৱান শ্ৰীকৃষ্ণৰ জন্মস্থান মছজিদৰ তলত আছে ।

আবেদনত উল্লেখ কৰা হৈছে যে মছজিদটোত যে আগেয়ে হিন্দু মন্দিৰ আছিল তাৰ স্পষ্ট চিন আছে ৷ য’ত আছে পদুম আকৃতিৰ স্তম্ভ আৰু ভগৱান শ্ৰীকৃষ্ণৰ সৈতে জড়িত হিন্দু দেৱতা শ্বেষনাগৰ প্ৰতিমূৰ্তি । ফলত আয়োগ নিযুক্তি অতি প্ৰয়োজনীয় বুলি গণ্য কৰা হ’ল ।

এই গোচৰত শ্বাহী ইদগাহ মছজিদ থকা অঞ্চলকে ধৰি বিবাদিত ভূমি ভগৱান শ্ৰী কৃষ্ণ বিৰাজমান দেৱতাৰ বুলি ঘোষণা কৰাটোও বিচৰা হৈছে । ইয়াৰ উপৰিও উত্তৰ প্ৰদেশৰ চুন্নী কেন্দ্ৰীয় ৱাকফ ব’ৰ্ডকে ধৰি প্ৰতিবাদকাৰীসকলক মছজিদটো আঁতৰোৱাৰ নিৰ্দেশ দিবলৈ অনুৰোধ জনাইছে ।

লগতে পঢ়ক: Ram Mandir Pran Pratistha: 2024 চনৰ 22 জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠা হ’ব অযোধ্যাৰ ৰাম মন্দিৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.