ETV Bharat / bharat

বিৰাট কোহলীয়ে মোৰ সৈতে তেওঁৰ বাল্যকালৰ অভিজ্ঞতা শ্বেয়াৰ কৰে: শুভমন গিল

author img

By

Published : May 24, 2021, 10:23 PM IST

বিৰাট কোহলীৰ আক্ৰমণাত্মক আৰু নিৰ্ভীক ক্ৰিকেটক দলৰ সতীৰ্থ খেলুৱৈ সকলে স্বীকাৰ কৰিছে ৷ ভাৰতীয় বেটচমেন শুভমন গিলেও স্বীকাৰ কৰে যে, ভাৰতীয় টেষ্টৰ অধিনায়কগৰাকীয়ে তেওঁক নিৰ্ভীক ক্ৰিকেট খেলিবলৈ উৎসাহিত কৰিছে ৷

Kohli shares experiences from younger days with me: Gill
বিৰাট কোহলীয়ে মোৰ সৈতে তেওঁৰ বাল্যকালৰ অভিজ্ঞতা শ্বেয়াৰ কৰে: শুভমন গিল

স্পৰ্টচ ডেস্ক, 24 মে’: বিৰাট কোহলীৰ আক্ৰমণাত্মক আৰু নিৰ্ভীক ক্ৰিকেটক দলৰ সতীৰ্থ খেলুৱৈ সকলে স্বীকাৰ কৰিছে ৷ ভাৰতীয় বেটচমেন শুভমন গিলেও স্বীকাৰ কৰে যে, ভাৰতীয় টেষ্টৰ অধিনায়কগৰাকীয়ে তেওঁক নিৰ্ভীক ক্ৰিকেট খেলিবলৈ উৎসাহিত কৰিছে ৷

"কোহলীয়ে আমাক কয় যে, আমি নিৰ্ভয়ে আৰু নিজৰ ধৰণে খেলিব লাগে, আমি যি ধৰণে খেলিব বিচাৰো । তেওঁ সদায় আমাক অনুপ্ৰাণিত কৰে । তেওঁ মানসিকতাৰ কথা কয়," গিলে কয় ।

"যেতিয়াই এনে অনুভৱ হয় যে, মই ভাল মানসিক স্থিতিত নাই, মই গৈ তেওঁৰ সৈতে কথা পাতো । তেওঁ আমাক অনুপ্ৰাণিত কৰি থাকে আৰু তেওঁ নিজৰ সৰু কালৰ অভিজ্ঞতা ভাগ বতৰা কৰে," সংবাদ মাধ্যমৰ সৈতে কথা পাতি গিলে এনেদৰে কয় ।

উল্লেখ্য যে, খেলপথাৰত কোহলীৰ আক্ৰমণাত্মক প্ৰদৰ্শনে প্ৰাক্তন ক্ৰিকেটাৰসকলৰ লগতে জনসাধাৰণৰ পৰা বিগত বছৰবোৰত মিশ্ৰিত প্ৰতিক্ৰিয়া লাভ কৰিছে । বিগত সপ্তাহত পেচ বলাৰ মহম্মদ ছামীয়ে কোহলী এজন দ্ৰুত বলাৰৰ দৰে আক্ৰমণাত্মক বুলিও মন্তব্য কৰিছিল ।

লগতে পঢ়ক: পাণ্ডিয়া ব্ৰাদাৰ্চৰ মহানুভৱতা: দান কৰিব 200 টা অক্সিজেন কণচেন্ট্ৰেট’ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.