ETV Bharat / bharat

Papier Mache box : প্ৰধানমন্ত্ৰী মোদীয়ে হীৰা উপহাৰ দিয়া বাকচটোৰ বিশেষত্ব কি ?

author img

By

Published : Jun 22, 2023, 4:58 PM IST

হোৱাইট হাউচত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বিডেন আৰু ফাৰ্ষ্ট লেডী জিল বিডেনক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ । ৰাষ্ট্ৰপতি জ' বিডেনক এটা হস্তনিৰ্মিত চন্দন কাঠৰ বাকচ আৰু ফাৰ্ষ্ট লেডী জিল বিডেনক ৭.৫ কেৰেটৰ গ্ৰীণ হীৰা উপহাৰ দিয়ে প্ৰধানমন্ত্ৰীয়ে । হীৰাটো দিয়া সেই বিশেষ বাকচটোৰ বিশেষত্ব কি ?

Papier Mache box
প্ৰধানমন্ত্ৰী মোডীয়ে হীৰা উপহাৰ দিয়া বাকচটোৰ বিশেষত্ব কি

নেশ্যনেল ডেস্ক,২২ জুন : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণক লৈ ব্যাপক চৰ্চা চলিছে । ইফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বিডেন আৰু ফাৰ্ষ্ট লেডী জিল বিডেনক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া উপহাৰকলৈও বিশেষ চৰ্চা চলিছে । সূত্ৰৰ মতে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি জ' বিডেনক এটা হস্তনিৰ্মিত চন্দন কাঠৰ বাকচ আৰু ফাৰ্ষ্ট লেডী জিল বিডেনক ৭.৫ কেৰেটৰ গ্ৰীণ হীৰা উপহাৰ দিছিল ।

প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি জ' বিডেনক 'দ্য টেন প্ৰিন্সিপাল উপনিষদ' নামৰ গ্ৰন্থখনৰ প্ৰথম সংস্কৰণৰ প্ৰিণ্টৰ এটা প্ৰতিলিপিও উপহাৰ দিয়ে । ইয়াৰ বিনিময়ত, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আৰু ফাৰ্ষ্ট লেডীয়ে এক হস্তনিৰ্মিত প্ৰাচীন আমেৰিকান গ্ৰন্থ গেলি উপহাৰ দিয়ে । সূত্ৰৰ মতে প্ৰধানমন্ত্ৰী মোদীক এটা ভিণ্টেজ আমেৰিকান কেমেৰা, আমেৰিকান বন্যপ্ৰাণী ফটোগ্ৰাফীৰ এখন হাৰ্ডকভাৰ কিতাপ আৰু 'ৰবাৰ্ট ফ্ৰষ্টৰ সংগ্ৰহ কৰা কবিতা'ৰ স্বাক্ষৰিত, প্ৰথম সংস্কৰণৰ প্ৰতিলিপিও উপহাৰ হিচাপে দিয়ে ।

প্ৰধানমন্ত্ৰী মোদীয়ে দিয়া উপহাৰবোৰৰ ভিতৰত বিশেষ গুৰুত্ব লাভ কৰিছে ফাৰ্ষ্ট লেডী জিল বিডেনক উপহাৰ দিয়া গ্ৰীণ হীৰাটো । হীৰাটো কাশ্মীৰত তৈয়াৰ কৰা এক বিশেষ পেপিয়েৰ মেক বাকচত (Papier mache box) আছিল ।

'Papier mache' শব্দটো এটা ফৰাচী শব্দ । যাৰ আক্ষৰিক অৰ্থ হৈছে চোবাই খোৱা কাগজ । Papier mache হৈছে এটা মণ্ড যাক শিল্পীসকলে প্ৰথমে পেলাই দিয়া কাগজেৰে প্ৰস্তুত কৰে । তাৰ পাছত ফুলদানি, বাটি আৰু বাকচৰ দৰে বিভিন্ন আকাৰত বনোৱা হয় । সেইবোৰ পাছত সুন্দৰ ডিজাইনেৰে সজ্জিত কৰা হয় । Papier macheৰ কলা বিশ্বব্যাপী আছে যদিও ই কাশ্মীৰৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ অংশ ।

বুৰঞ্জীবিদসকলৰ মতে, কাশ্মীৰত শ্বাহি-হামদান হিচাপে জনপ্ৰিয় পাৰ্চী চুফী সন্ত মীৰ চৈয়দ আলী হামদানীয়ে ১৪ দশকত কাশ্মীৰলৈ এই Papier mache আনিছিল । হামদানীয়ে তেওঁৰ শ শ অনুগামীৰ সৈতে কাশ্মীৰ ভ্ৰমণ কৰিছিল, যাৰ ভিতৰত বহুতো অভিজ্ঞ শিল্পী আছিল । Papier macheৰ উপৰিও, চুফী সন্তগৰাকীয়ে আন বিভিন্ন ধৰণৰ কলা যেনে কাঠত অংকন, কাৰ্পেট বয়ন আদি প্ৰৱৰ্তন কৰিছিল ।

সম্প্ৰতি Papier macheৰ আদৰ পূৰ্বৰ তুলনাত কাশ্মীৰত কিছু হ্ৰাস হৈছে যদিও একাংশ শিল্পীয়ে এই বৃত্তিটোক পৰৱৰ্তী প্ৰজন্মলৈ কঢ়িয়াই নিয়াৰ চেষ্টা কৰিছে আৰু তাৰ অংশস্বৰূপে এই কাৰ্যত জড়িত হৈ আছে ।

লগতে পঢ়ক :PM Modi gifts to US first lady : আমেৰিকাৰ ফাৰ্ষ্ট লেডীক হীৰা উপহাৰ প্ৰধানমন্ত্ৰী মোডীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.