নিউজ ডেস্ক, 7 মে’: ভাৰতীয় কুস্তি মহাসংঘৰ অধ্যক্ষ ব্ৰীজ ভূষণ শৰণ সিঙৰ (WFI chief Brij Bhushan Sharan Singh) বিৰুদ্ধে মল্লযোদ্ধাসকলে ধাৰাবাহিকভাৱে নতুন দিল্লীৰ যন্তৰ-মন্তৰত অব্যাহত ৰাখিছে প্ৰতিবাদ ৷ দেওবাৰে প্ৰতিবাদী মল্লযোদ্ধাসকলক সমৰ্থন আগবঢ়াই ‘খাপ পঞ্চায়ত’ৰ নেতাসকলে ৷ উল্লেখ্য যে, খাপ পঞ্চায়তে বিষয়টোৰ ওপৰত গুৰুত্ব দিবলৈ 15 দিনৰ সময়সীমা বান্ধি দিছিল ৷ লগেত ব্ৰীজ ভূষণ শৰণ সিঙৰ গ্ৰেপ্তাৰৰো দাবী জনাইছিল ৷
ইফালে, প্ৰতিবাদকাৰী মল্লযোদ্ধাসকলক পৰামৰ্শ দিয়া 31 জনীয়া সমিতিয়ে দেওবাৰে কয় যে, যদি ডব্লিউএফআইৰ মুৰব্বী ব্ৰীজ ভূষণ শৰণ সিঙক 21 মে'ৰ ভিতৰত গ্ৰেপ্তাৰ কৰা নহয় তেন্তে অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব ৷ আনহাতে, প্ৰতিবাদী মল্লযোদ্ধাসকলৰ কাষত উপস্থিত হৈ ভাৰতীয় কিষাণ ইউনিয়নৰ (Bhartiya Kisan Union) মুখপাত্ৰ ৰাকেশ টিকেইট, খাপ মহাম 24 (Khap Maham 24) ৰ মুৰব্বী মেহৰ সিং আৰু সংযুক্ত কিষাণ মৰ্চাৰ (Sankyut Kisna Morcha) বলদেৱ সিং চিৰছাই সংবাদমাধ্যমৰ আগত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷
সংবাদমাধ্যমক সম্বোধন কৰি ৰাকেশ টিকেইটে কয় যে, খাপ পঞ্চায়ত আৰু সংযুক্ত কিষাণ মৰ্চাৰ বহু নেতাই আজিৰ সমাৱেশত অংশগ্ৰহণ কৰিছে ৷ সমাৱেশত প্ৰতিটো খাপ পঞ্চায়তৰ প্ৰতিনিধিয়ে প্ৰতিদিনেই প্ৰতিবাদস্থলীলৈ আহি মল্লযোদ্ধাসকলৰ সৈতে প্ৰতিবাদত অংশ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলিও ৰাকেশ টিকেইটে উল্লেখ কৰে ৷
ইফালে, 21 মে’ত আন এখন বিশাল সভাৰ আয়োজন কৰাৰ কথা সদৰী কৰি তেতিয়ালৈকে চৰকাৰে যদি কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে পৰৱৰ্তী গুৰুত্বপূৰ্ণ পদক্ষেপ হোৱা হ’ব বুলিও মন্তব্যকৰে টিকেইটে ৷ তেওঁ লগতে কয়, "যদি কোনো জৰুৰীকালীন পৰিস্থিতিৰ উদ্ভৱ হয় বা যদি মল্লযোদ্ধাসকলে কোনো সমস্যাৰ সন্মুখীন হয় তেন্তে সমগ্ৰ দেশ তেওঁলোকৰ পিচফালে থিয় হৈ আছে ৷’’ উল্লেখ্য যে, দেওবাৰে প্ৰতিবাদস্থলীত বৃহৎ সংখ্যক ৰেপিড একচন ফ’ৰ্চ মোতায়েন কৰা হয় (Protest against Brij Bhushan Sharan Singh) ৷
স্মৰ্তব্য যে, ব্ৰীজ ভূষণ শৰণ বিৰুদ্ধে উত্থাপন হৈছে মহিলা মল্লযোদ্ধাসকলক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ ৷ সেয়েহে, তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰক দাবী জনাই প্ৰতিবাদ অব্যাহত ৰাখিছে মল্লযোদ্ধাসকলে ৷