নেশ্যনেল ডেস্ক, ৩১ জুলাই : মণিপুৰৰ বিষয়ক লৈ সংসদৰ বৰ্ষাকালীন অধিৱেশনত অচলাৱস্থা চলি আছে । ইয়াৰ মাজতে বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খাৰ্গেৰ নেতৃত্বত কংগ্ৰেছে আগন্তুক নিৰ্বাচনৰ বাবে ৰণনীতি প্ৰস্তুত কৰিছে । জানিব পৰা মতে শীঘ্ৰে মল্লিকাৰ্জুন খাৰ্গেয়ে দক্ষিণৰ ৫ খন ৰাজ্যত ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ প্ৰস্তুতি পৰ্যালোচনা কৰিব ।
দলীয় সূত্ৰৰ মতে, খাৰ্গেয়ে ১ আগষ্টত কেৰালা, ২ আগষ্টত কৰ্ণাটক আৰু ৩ আগষ্টত তামিলনাডুত এআইচিচি আৰু প্ৰদেশ কংগ্ৰেছৰ নেতাসকলৰ সৈতে নিৰ্বাচনৰ প্ৰস্তুতি পৰ্যালোচনা কৰিব । পাছত তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশৰ নেতাসকলকো আমন্ত্ৰণ জনোৱা হ'ব পাৰে ।
২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে দলটোক প্ৰস্তুত কৰিবলৈ খাৰ্গেয়ে সংশ্লিষ্ট প্ৰদেশ কংগ্ৰেছ তথা ৰাজ্যিক নেতাসকলৰ সৈতে ইতিমধ্যে আলোচনা আৰম্ভ কৰিছে । শেহতীয়াকৈ কৰ্ণাটকত বিজয় সাব্যস্ত কৰাৰ পাছত দক্ষিণ ভাৰতৰ ওপৰত কংগ্ৰেছে অধিক গুৰুত্ব আৰোপ কৰিছে । যাৰ ফলত সমগ্ৰ অঞ্চলটো একপ্ৰকাৰ বিজেপিমুক্ত হৈ পৰিছে । কৰ্ণাটক নিৰ্বাচনৰ ঠিক পাছতে খাৰ্গেয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি কে শিৱ কুমাৰক উপ মুখ্যমন্ত্ৰী হিচাপে মনোনীত কৰি ২০২৪ চনত ৰাজ্যখনত যাতে সংসদীয় আসনৰ সংখ্যাই অভিলেখ সৃষ্টি কৰিব পাৰে তাক নিশ্চিত কৰাৰো দায়িত্ব দিছিল ।
কৰ্ণাটকৰ লোকসভাত মুঠ আসনৰ সংখ্যা ২৮ খন । তাৰ ভিতৰত, বিজেপিয়ে ৰাজ্যখনত ২৫ খন আসন লাভ কৰিছিল, আনহাতে কংগ্ৰেছ, জেডি-এছ আৰু এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ আসন আছিল । অৱশ্যে কৰ্ণাটক প্ৰদেশ কংগ্ৰেছে দাবী কৰা মতে এইবাৰ দলটোৱে ২৮ খন আসনতে জয়ী হোৱাৰ বাবে চেষ্টা চলাব ।
দলৰ ভিতৰুৱা তথ্য অনুসৰি বেংগালুৰুক ১৮ জুলাইত দ্বিতীয় বিৰোধী ঐক্য সভাৰ স্থান হিচাপে বাছনি কৰা হৈছিল মুখ্যতঃ দক্ষিণ ভাৰতক এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰাৰ বাবে । অৱশ্যে কেৰালা কংগ্ৰেছৰ বাবে আটাইতকৈ প্ৰতিশ্ৰুতিপূৰ্ণ ৰাজ্য আছিল, য'ত ২০১৯ৰ সাধাৰণ নিৰ্বাচনত ২০ খন লোকসভা আসনৰ ভিতৰত ১৯ খন আসনতে কংগ্ৰেছ জয়ী হৈছিল । সমান্তৰালকৈ বিআৰএছে তেলেংগানাৰ মুঠ ১৭ খন লোকসভা আসনৰ ভিতৰত ৯ খন লাভ কৰিছিল ।
আনহাতে কংগ্ৰেছৰ ৩ খন, বিজেপিৰ ৪ খন আৰু এআইএমআইএমৰ এখন আসন আছিল । খাৰ্গেয়ে ইতিমধ্যে তেলেংগানাৰ আটাইকেইখন সংসদীয় আসনৰ বাবে এআইচিচি পৰ্যবেক্ষক নিয়োগ কৰিছে । তেওঁলোকক ২০২৪ৰ নিৰ্বাচনী ৰণনীতি প্ৰস্তুতৰ দায়িত্ব দিয়া হৈছে ।
একেদৰে অন্ধ্ৰ প্ৰদেশত, ৱাইএছআৰচিপিয়ে মুঠ ২৫ খন লোকসভা আসনৰ ভিতৰত ২২ খন আসন লাভ কৰিছিল আৰু কংগ্ৰেছৰ সন্মুখত এই দলটোৱে প্ৰত্যাহ্বান অব্যাহত ৰাখিছে । তামিলনাডুত, ডিএমকে-কংগ্ৰেছ মিত্ৰজোঁটে ২০১৯ৰ নিৰ্বাচনত মুঠ ৩৯ খন লোকসভা আসনৰ ভিতৰত ৩৮ খনে লাভ কৰিছিল । কংগ্ৰেছে ৯ খন আসনত প্ৰতিদ্বন্দিতা আগবঢ়াই ৮ খনত জয়ী হৈছিল । যিহেতু ৰাজ্যখনত মিত্ৰতা শক্তিশালী হৈ আছে, কংগ্ৰেছে ডিএমকেৰ পৰা অধিক আসন বিচাৰি মিত্ৰতা শক্তিশালী কৰিবলৈ কাম কৰিব ।
লগতে পঢ়ক:No confidence motion against BJP govt : বিৰোধীৰ অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত ২ আগষ্টত হ'ব আলোচনা