ETV Bharat / bharat

Save Tree in MP: পোন্ধৰ জোপা গছৰ জীৱন ৰক্ষা কৰিলে একাংশ প্ৰকৃতিপ্ৰেমীয়ে - গছ থাকিলেহে মানুহ থাকিব

প্ৰকৃতিপ্ৰেমী আৰু সমাজকৰ্মীসকলৰ সহায়ত মধ্যপ্ৰদেশত এক অনন্য পদক্ষেপ ৷ গছ কটাৰ পৰিৱৰ্তে পোন্ধৰ জোপা গছ এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰিত কৰি দাঙি ধৰিলে প্ৰকৃতিপ্ৰেমৰ এক অনন্য নিৰ্দশন (Khandwa save tree initiative) ৷

KHANDWA SAVE TREE INITIATIVE 75 YEARS OLD PEEPAL TREE SHIFTED TO ANOTHER PLACE
পোন্ধৰ জোপা গছ ৰক্ষা কৰিলে একাংশ প্ৰকৃতিপ্ৰেমীয়ে
author img

By

Published : Nov 27, 2022, 2:16 PM IST

নেশ্যনেল ডেস্ক, 27 নৱেম্বৰ: ‘‘গছ থাকিলেহে মানুহ থাকিব’’ এই কথাষাৰ আমি সকলোৱে জানো ৷ কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল যে, এই কথাষাৰ আমি বাৰু কিমান গুৰুত্ব সহকাৰে লওঁ ? কাৰণ মানুহ থাকিবৰ কাৰণে গছ নথকা কৰাটো মানুহৰ অভ্যাসত পৰিণত হৈছে ৷ উন্নয়নৰ নামত হাবি-বন কাটি, ঠাই মুকলি কৰি, ৰাস্তা-ঘাট বনোৱা হৈছে ৷ কিন্তু বসতি যিমানেই বাঢ়ি গৈ আছে, দিনক দিনে হাবি-বন সিমানেই কমি গৈ আছে ৷ গছ থাকিলেহে মানুহ থাকিব বোলা কথাষাৰ ভাবিবলৈ যেন পাহৰিয়েই গৈছে একাংশই ৷

কিন্তু ইয়াৰ সম্পূৰ্ণ বিপৰীত ছবি পৰিস্ফুট হৈছে মধ্য প্ৰদেশৰ খাণ্ডৱা চহৰত ৷ যি সময়ত উন্নয়ণৰ নামত গছ কাটি তহিলং কৰা হৈছে, সেই সময়ত মধ্য প্ৰদেশত দেখা পোৱা গ’ল ইয়াৰ সম্পূৰ্ণ এক বিপৰীত ছবি ৷ গছ কটাৰ পৰিৱৰ্তে গছ কেনেকৈ সংৰক্ষণ কৰিব পাৰি তাৰেই যেন এক উদাহৰণ দাঙি ধৰিলে সমাজসেৱক ৰিতেশ গোৱেলে ৷ প্ৰকৃতিপ্ৰেমী ৰিতেশ গোৱেলে এটা বা দুটা নহয় ১৫ জোপা গছ কটাৰ পৰা ৰক্ষা কৰিছে ৷ কিন্তু কেনেকৈ ৰক্ষা কৰিব পাৰিছে সেই কথা জানিলে আচৰিত হ’ব আপুনিও ৷

KHANDWA SAVE TREE INITIATIVE 75 YEARS OLD PEEPAL TREE SHIFTED TO ANOTHER PLACE
ghপোন্ধৰ জোপা গছ ৰক্ষা কৰিলে একাংশ প্ৰকৃতিপ্ৰেমীয়ে

এতিয়া আহিছো মূল কথালৈ, খাণ্ডৱা চহৰৰ মাজমজিয়াস্থিত ১৫জোপা গছ কাটিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ এই কথা জানিব পাৰিছিল প্ৰকৃতিপ্ৰেমী ৰিতেশ গোৱেলাই ৷ তাৰ পিছতেই গছকেইজোপা কেনেকৈ বচাব তাৰ প্ৰয়াসত লাগি গৈছিল প্ৰকৃতি প্ৰেমীগৰাকীয়ে ৷ অৱশেষত গছ কটাৰ পৰিৱৰ্তে ১৫ জোপাকৈ গছ স্থানান্তৰ কৰাৰ সিদ্ধান্ত ল’লে ৰিতেশ গোৱেলাই (Khandwa save tree initiative) ৷ গছকেইজোপা স্থানান্তৰিত কৰি পুনৰ সজীৱ কৰি তোলাৰ অদ্ভুত প্ৰয়াস কৰিলে প্ৰকৃতি প্ৰেমীগৰাকীয়ে ৷ প্ৰথম অৱস্থাত ৭৫ বছৰীয়া এজোপা আঁহত গছ পুনৰুজ্জীৱনৰ বাবে ১৭ কিলোমিটাৰ দূৰৰ কলনীলৈ স্থানান্তৰ কৰা হৈছিল (75 years old peepal tree shifted to another place) ৷

প্ৰকৃতিপ্ৰেমী ৰিতেশ গোৱেলাই কয় যে, ক’ভিড সৃষ্ট পৰিৱেশত অক্সিজেনৰ অভাৱত সকলোৱে হাঁহাকাৰ কৰিবলগীয়া হৈছিল ৷ তেতিয়াই বুজি পাইছিলো এজোপা গছৰ গুৰুত্ব যে কিমান ৷ বিগত তিনিমাহৰ ভিতৰত বহু বিশাল গছ স্থানান্তৰিত কৰিছে হায়দৰাবাদৰ প্ৰকৃত প্ৰেমীগৰাকীয়ে ৷ তেওঁ ৰাসায়নিক প্ৰচেছিঙৰ লগতে ৩টা ক্ৰেন, এটা বুলড’জাৰৰ সহায়ত ছঘণ্টা জোৰা প্ৰচেষ্টাৰ অন্তত প্ৰথমে এজোপা গছ উভালিবলৈ সক্ষম হৈছিল বুলিও উল্লেখ কৰিলে প্ৰকৃতি প্ৰেমীগৰাকীয়ে (Khandwa unique initiative) ৷

কেৱল ইমানেই নহয়, ইয়াৰ পিছত তেওঁ যি পদক্ষেপ ল’লে সেয়াও আছিল প্ৰশংসনীয় ৷ এখন ট্ৰাকত আঁহত গছজোপা লৈ অঞ্জনী বালাজী নগৰৰ পৰা বালাজী ধাম চাইগাঁও মাখানলৈ এক পদযাত্ৰা উলিয়াই ৷ মানুহক প্ৰকৃতিৰ প্ৰতি সজাগ আৰু সচেতন কৰাই আছিল এই পদযাত্ৰাৰ মূল উদ্দেশ্য । চহৰখনৰ বহু ঠাইত এইযাত্ৰা কৰি শনিবাৰে নিশা প্ৰায় ১১ বজাত বালাজী ধামত উপস্থিত হয় পদযাত্ৰী । ছয়গাঁৱৰ বালাজিধামত ৮১ ফুট ওখ ভগৱান বালাজীৰ মূৰ্তিৰ সমীপত এখন ডাঙৰ বাগিচাত আঁহত গছজোপা ৰোপণ কৰা হ’ব বুলি জানিবলৈ দিয়ে প্ৰকৃতিপ্ৰেমীগৰাকীয়ে ।

ইফালে আন এজন প্ৰকৃতিপ্ৰেমী সুনীল জৈনে কয়, "এজোপা গছ কাটিবলৈ আমাক যি অনুমতি লাগে, সেই অনুমতিৰ নিয়ম অতি সহজ, কিন্তু এজোপা গছ স্থানান্তৰিত কৰিবলৈ অনুমতিৰ সময় লাগিছিল ৩ মাহ । বন বিভাগ আৰু পৌৰ নিগমৰ বাবে বহু সময় লাগিছিল ।" গছ স্থানান্তৰ কৰাৰ আইনখন বিচাৰি উলিয়াই পৌৰ নিগমে অৱশেষত অনুমতি দিছিল ।"

লগতে পঢ়ক: লখিমপুৰক সেউজীয়া কৰাৰ প্ৰয়াস জিলা বন বিভাগৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.