ETV Bharat / bharat

Amritpal surrenders: অৱশেষত শিৰনত কৰিলে অমৃতপালে; ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অনাৰ সম্ভাৱনা - Amritpal surrenders

খালিস্তানী বিচ্ছিন্নতাবাদী নেতা অমৃতপাল সিঙৰ আত্মসমৰ্পণ ৷ শান্তি-শৃংখলাজনিত পৰিৱেশ বৰ্তায় ৰাখিবলৈ পঞ্জাৱ আৰক্ষীৰ আহ্বান (Khalistani separatist Amritpal Singh surrenders) ৷

Amritpal surrenders
Amritpal surrenders
author img

By

Published : Apr 23, 2023, 7:30 AM IST

Updated : Apr 23, 2023, 8:04 AM IST

নেশ্যনেল ডেস্ক, 23 এপ্ৰিল : অৱশেষত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ খালিস্তানী বিচ্ছিন্নতাবাদী নেতা অমৃতপাল সিঙৰ ৷ 18 মাৰ্চৰ পৰা পলাতক অৱস্থাত থকা খালিস্তানী বিচ্ছিন্নতাবাদী নেতা অমৃতপাল সিঙে পঞ্জাৱৰ মোগা আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, খালিস্তানী বিচ্ছিন্নতাবাদী নেতা সিঙৰ লগতে সিঙৰ সংগঠন ‘ৱাৰিছ পঞ্জাৱ দে’ৰ সদস্যসকলৰ বিৰুদ্ধে বিগত 18 মাৰ্চৰ পৰাই আৰক্ষীয়ে আৰম্ভ কৰিছিল অভিযান (Khalistani separatist Amritpal Singh surrenders) ৷ 34 দিন ধৰি পলাতক অৱস্থাত আছিল অমৃতপাল সিং ৷

খালিস্তানী বিচ্ছিন্নতাবাদী নেতা সিঙে আত্মসমৰ্পণ কৰাৰ পিচতে সিঙক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ যোৱা হ’ব বুলি পঞ্জাৱ আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ উল্লেখ্য যে, অমৃতপাল সিঙৰ আত্মগোপন কৰি থকা সময়চোৱাত কেইবাজনো খালিস্তানপন্থী নেতাক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ অনা হৈছে ৷ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ৰখা হৈছে খালিস্তানপন্থী নেতাকেইজনক (khalistani supporter in Dibrugarh central jail) ।

উল্লেখ কৰা প্ৰয়োজন যে, আৰক্ষীয়ে অমৃতপাল সিঙৰ বিচাৰ-খোচাৰ অব্যাহত ৰখাৰ সময়ত অমৃতপাল সিঙৰ সহযোগী তথা খালিস্তানৰ বহু সমৰ্থকক গ্ৰেপ্তাৰ কৰিছে । কিছুদিন পূৰ্বে অমৃতপাল সিঙৰ পত্নী কিৰণদীপ কৌৰকো অমৃতসৰ বিমানবন্দৰৰ পৰা পঞ্জাৱ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছিল ৷ ইয়াৰ পিচতে শীঘ্ৰে খালিস্তানী বিচ্ছিন্নতাবাদী নেতা অমৃতপাল সিঙক কৰায়ত্ত কৰিবলৈ সক্ষম হ’ব বুলি আৰক্ষী নিশ্চিত হৈছিল (Amritpal wife detained)।

অমৃতপাল সিঙৰ পত্নী কিৰণদীপ কৌৰে লণ্ডনলৈ যোৱাৰ চেষ্টা চলাওঁতেই আৰক্ষীয়ে কৰায়ত্ত কৰে খালিস্তানী বিচ্ছিন্নতাবাদী নেতাৰ পত্নীগৰাকীক । মূলতঃ এগৰাকী প্ৰবাসী ভাৰতীয় হোৱাৰ বাবেহে কিৰণদীপ কৌৰে লণ্ডনলৈ যাবলৈ বিচাৰিছে বুলি জনোৱাৰ লগতে ভাৰতত তেওঁ মাত্ৰ 180 দিনহে থাকিব পাৰে বুলি ইমিগ্ৰেচনে চলোৱা জেৰাৰ সময়ত উল্লেখ কৰে ৷

  • #AmritpalSingh arrested in Moga, Punjab.

    Further details will be shared by #PunjabPolice

    Urge citizens to maintain peace and harmony, Don't share any fake news, always verify and share.

    — Punjab Police India (@PunjabPoliceInd) April 23, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

খালিস্তানী বিচ্ছিন্নতাবাদী নেতা অমৃতপাল সিঙক গ্ৰেপ্তাৰৰ পিচতে পঞ্জাৱ আৰক্ষীয়ে শান্তি-শৃংখলাজনিত পৰিৱেশ বৰ্তায় ৰাখিবলৈ তথা উৰা বাতৰি প্ৰচাৰ নকৰিবলৈ সামাজিক মাধ্যমযোগে আহ্বান জনায় (Punjab police tweet on Amritpal Singh) ৷

লগতে পঢ়ক: Allegation against ACS officer: পত্নীক বিচাৰি শহুৰৰ পদুলিত গুলী ফুটালে কোন এ চি এছ বিষয়াই ?

Last Updated : Apr 23, 2023, 8:04 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.