ETV Bharat / bharat

Kerala tragedy : পলাতক নাৱৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ, ন্যায়িক তদন্তৰ নিৰ্দেশ চৰকাৰৰ

অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ হ’ল কেৰালা নাও দুৰ্ঘটনাত পতিত হোৱা নাওখনৰ মালিকক (Kerala tragedy) ৷ স্বত্বাধিকাৰীজন নজৰ বুলি জানিবলৈ পৰা গৈছে ৷ ম’বাইল টাৱাৰৰ যোগেদি আৰক্ষীয়ে সন্ধান উলিয়াবলৈ সক্ষম হয় স্বত্বাধিকাৰীজনৰ ৷ অনুজ্ঞাপত্ৰ অবিহনে যাত্ৰী অনা নিয়া কৰিছিল নাওখনে (Kerala boat tragedy update) ৷

author img

By

Published : May 9, 2023, 7:55 AM IST

Tanur boat accident
অৱশেষত গ্ৰেপ্তাৰ হ’ল কেৰেলাত দুৰ্ঘটনাত পতিত হোৱা নাওখনৰ স্বত্বাধিকাৰী

নেশ্যনেল ডেস্ক, 9 মে’ : কেৰালাত দেওবাৰে বিয়লি সংঘটিত হৈছিল এক মৰ্মান্তিক নাও দুৰ্ঘটনা ৷ অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পলাতক অৱস্থাত থকা নাওখনৰ স্বত্বাধিকাৰীক ৷ স্বত্বাধিকাৰীজনৰ নাম নজৰ বুলি জানিবলৈ পৰা গৈছে আৰু আৰক্ষীয়ে কোঝিকোড়ৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় নজৰক (Boat owner arrested) ৷

উল্লেখ্য যে, কেৰালাৰ মালাপ্পুৰম জিলাৰ থুভালথিৰাম বিলত দেওবাৰৰ বিয়লি প্ৰায় 7.30 বজাত হোৱা এই নাও দুৰ্ঘটনাৰ ফলত পুৰুষ-মহিলা আৰু শিশুসহ 22 জন লোকৰ মৃত্যু ঘটে । ইফালে এই ঘটনাক কেন্দ্ৰ কৰি টনুৰ আৰক্ষীয়ে নাওখনৰ মালিকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল ৷ তাৰ পাচতে আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত ৷

আনকি আৰক্ষীয়ে কোচিৰ পৰা অভিযুক্ত নজৰৰ গাড়ী জব্দ কৰে ৷ লগতে সোমবাৰে পুৱা তেওঁৰ ভাতৃকো নিজৰ জিম্মাত লয় আৰক্ষীয়ে । লক্ষণীয়ভাৱে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিচৰে পৰা পলাতক অৱস্থাত আছিল নাওখনৰ স্বত্বাধিকাৰী নজৰ । ম’বাইল টাৱাৰৰ স্থান অনুসৰি আৰক্ষীয়ে নাওখনৰ মালিক নজৰক বিচাৰি উলিবলৈ সক্ষম হয় আৰক্ষীয়ে ।

নাওখনত যাত্ৰী পৰিৱহণৰ বাবে অনুজ্ঞাপত্ৰ নাছিল বুলি পৰৱৰ্তী সময়ত তদন্তত পোহৰলৈ আহে । যাত্ৰী পৰিৱহণৰ অনুজ্ঞাপত্ৰ নথকা স্বত্বেও নাওখনত 34 গৰাকী যাত্ৰী বহাইছিল বুলি ৰাজহ মন্ত্ৰী কে ৰাজনে জানিবলৈ দিয়ে (boat accident at Tanur Malappuram in Kerala) ।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নে দুৰ্ঘটনাটোক 'ট্ৰেজেডী' বুলি অভিহিত কৰি চিকিৎসাধীন অৱস্থাত থকা লোকসকলক চিকিৎসাৰ খৰচ চৰকাৰে বহন কৰিব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে । তথ্য অনুসৰি, চিকিৎসালয়ত ভৰ্তি হোৱা 10 গৰাকীৰ ভিতৰত ইতিমধ্যে দুজনক হাস্পতালৰ পৰা যাবলৈ দিয়া হৈছে আৰু বৰ্তমান আঠজন চিকিৎসাধীন অৱস্থাত আছে (Kerala boat accident) ।

ভুক্তভোগী তথা প্ৰত্যক্ষদৰ্শীয়ে এখন মাছ ধৰা নাৱক বিনোদনমূলক নাওলৈ ৰূপান্তৰিত কৰা হৈছিল বুলি অভিযোগ তোলে ৷ লগতে নাওখনত লাইফ জেকেটৰ দৰে পৰ্যাপ্ত সুৰক্ষা সঁজুলিৰো অভাৱ আছিল বুলি জানিবলৈ দিয়ে প্ৰত্যক্ষদৰ্শীয়ে ৷ আনকি প্ৰত্যক্ষদৰ্শীয়ে উল্লেখ কৰা অনুসৰি, উক্ত নাওখনত প্ৰয়োজনতকৈ অধিক যাত্ৰী কঢ়িয়াইছিল নাৱৰ মালিকে ৷ আনকি নাওখনে যাত্ৰীৰ অতিৰিক্ত ভৰৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি উল্লেখ কৰে (Pinarayi Vijayan on Tanur boat accident) ৷

নাও দুৰ্ঘটনাটোৰ পিচতে কেৰালা চৰকাৰে বিষয়টোৰ ন্যায়িক তদন্তৰ কথা ঘোষণা কৰে ৷ মৃতকৰ আত্মীয়ক দহ লাখ টকা ক্ষতিপূৰণ দিয়াৰ কথাও ঘোষণা কৰে ৰাজ্য চৰকাৰে । ইফালে ৰাজ্যিক মানৱ অধিকাৰ আয়োগে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰে নাও দুৰ্ঘটনাটোক লৈ । মানৱ অধিকাৰ আয়োগৰ ন্যায়িক সদস্য কে বাইজু নাথে মালাপ্পুৰম জিলা উপায়ুক্ত আৰু আলাপুজাৰ মুখ্য বন্দৰ জৰীপকাৰীক 10 দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে (Kerala govt on Tanur boat accident) ।

লগতে পঢ়ক : Kerala boat accident : কেৰালাৰ নাও দুৰ্ঘটনাত ২২ লোকৰ মৃত্যু

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.