ETV Bharat / bharat

India Presidential Election 2022 : কেৰালাৰ সকলো ভোট বিৰোধী প্ৰাৰ্থীৰ পক্ষত

দেশৰ আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনত কেৰালাই একমাত্ৰ ৰাজ্য হ'ব যিয়ে বিৰোধী প্ৰাৰ্থী যশৱন্ত সিনহাক সকলো ভোট প্ৰদান কৰিব (Kerala to vote in masse for Yashwant Sinha) । যিহেতু ৰাজ্যখনত বিজেপি বা ইয়াৰ মিত্ৰশক্তিৰ (BJP and alliance) বাবে কোনো বিধায়ক বা সাংসদ নাই, সেয়ে বাঁও গণতান্ত্ৰিক মৰ্চা (Left Democratic Front) আৰু ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টৰ (United Democratic Front) প্ৰতিটো ভোটেই ১৮ জুলাইত যশৱন্ত সিনহালৈ যাব ।

author img

By

Published : Jun 29, 2022, 6:47 PM IST

a
a

নিউজ ডেস্ক, ২৯ জুন : অহা ১৮ জুলাইত দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি নিৰ্বাচন (18th July Presidential Election of India) । দেশৰ ১৬ সংখ্যক ৰাষ্ট্ৰপতি পদৰ বাবে এনডিএৰ তৰফ পৰা প্ৰাৰ্থিত্ব দিয়া হৈছে দ্ৰৌপদী মুৰ্মূক (NDA Presedtial candidate Droupodi Murmu) । আনহাতে, বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী হিচাবে প্ৰক্ষেপ কৰা হৈছে বিজেপিৰ প্ৰাক্তন নেতা যশোৱন্ত সিনহাক (Yashwant Sinha Presidential candidate from opposition parties)। ইতিমধ্যে ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ ৰাজনৈতিক দলবোৰৰ মাজত কুছকাৱাজ আৰম্ভ হৈছে । চলিছে অংকৰ খেল ।

কেৰালাত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী যশৱন্ত সিনহা

তাৰ মাজতে দেশৰ আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনত কেৰালাই একমাত্ৰ ৰাজ্য হ'ব যিয়ে বিৰোধী প্ৰাৰ্থী যশৱন্ত সিনহাক সকলো ভোট প্ৰদান কৰিব (Kerala to vote in masse for Yashwant Sinha) । যিহেতু ৰাজ্যখনত বিজেপি বা ইয়াৰ মিত্ৰশক্তিৰ (BJP and alliance) বাবে কোনো বিধায়ক বা সাংসদ নাই, সেয়ে বাঁও গণতান্ত্ৰিক মৰ্চা (Left Democratic Front) আৰু ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টৰ (United Democratic Front) প্ৰতিটো ভোটেই ১৮ জুলাইত যশৱন্ত সিনহালৈ যাব । ৰাজ্যখনৰ পৰা শাসকীয় দলৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মূৱে কোনো ভোট নাপাব ।

উল্লেখ্য, কেৰালাত চিপিএম নেতৃত্বাধীন এলডিএফৰ ৯৯ জন বিধায়ক (CPM-led LDF has 99 MLAs in Kerala) আৰু কংগ্ৰেছ নেতৃত্বাধীন ইউডিএফৰ ৪১ জন বিধায়ক (Congress-led UDF has 41 MLAs in Kerala) আছে । আহাতে, লোকসভাত (Lok Sabha) কেৰালাৰ পৰা কংগ্ৰেছৰ 19 জন আৰু এলডিএফৰ এজন সাংসদ আছে । ৰাজ্যসভাত (Rajya Sabha) এলডিএফৰ সাতজন সাংসদ থকাৰ বিপৰীতে কংগ্ৰেছৰ আছে দুজন । সেয়ে ২৯ জন সাংসদৰ ভিতৰত আটাইকেইজনেই যশৱন্ত সিনহাৰ পক্ষত ভোট দিব ।

ৰাষ্ট্ৰপতি পদত সমৰ্থন বিচাৰি কেৰালাত যশৱন্ত সিনহা

২০১৭ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত (2017 presidential elections) শাসকীয় দলৰ প্ৰাৰ্থী ৰামনাথ কোবিন্দে (Ram Nath Kovind) কেৰালাৰ পৰা এটা ভোট লাভ কৰিছিল । কিয়নো সেই সময়ত কেৰালা বিধানসভাত বিজেপিৰ একমাত্ৰ সদস্য হিচাপে ওলাঞ্চেৰী ৰাজাগোপাল আছিল । বৰ্তমান বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী তথা কেৰালাৰ বিজেপি নেতা ভি মূৰলীধৰণ মহাৰাষ্ট্ৰৰ ৰাজ্যসভাৰ সাংসদ । আন এজন কংগ্ৰেছ নেতা কে চি বেণুগোপাল ৰাজস্থানৰ পৰা ৰাজ্যসভাৰ আসনত জয়ী হৈছে ।

উল্লেখ্য, ভাৰতৰ আন কোনো ৰাজ্যৰ পৰাই বিৰোধী প্ৰাৰ্থীজনে সম্পূৰ্ণ ভোট নাপাব । আনহাতে, আন প্ৰতিখন ৰাজ্যতে বিজেপিৰ বিধায়ক আৰু সাংসদ আছে বা তেওঁলোকৰ মিত্ৰশক্তিৰ জৰিয়তে সমৰ্থন আছে । ইফালে যশৱন্ত সিনহাই বুধবাৰে তিৰুৱন্তপুৰমত (Thiruvananthapuram) এলডিএফ আৰু ইউডিএফ দুয়োটা দলৰ বিধায়ককে পৃথকে পৃথকে সাক্ষাৎ কৰে (Yashwant Sinha meeting with LDF and UDF MLAs) । উক্ত বৈঠকৰ পিছত তেওঁ ৰাজধানীত সংবাদ মাধ্যমক সম্বোধন কৰাৰ কথা ।

লগতে পঢ়ক :লিবিয়াত নিৰ্বাচন অনুষ্ঠিত নকৰাত ৰাষ্ট্ৰসংঘত উদ্বেগ প্ৰকাশ ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.