ETV Bharat / bharat

Man and wild animal conflict: বন্য জন্তুৰ জন্ম নিয়ন্ত্ৰণৰ বাবে আদালতৰ কাষ চাপিব চৰকাৰ

বিভিন্ন ৰাজ্যত মানুহ আৰু বন্য জন্তুৰ সংঘাত প্ৰায়ে হোৱা দেখা যায় (Man wild animal conflict)। প্ৰতিবছৰে বহু লোক বন্য জন্তুৰ আক্ৰমণত নিহত হোৱাও দেখা গৈছে । বন্য জন্তুৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে এই ঘটনাবোৰ বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে । যাৰ বাবে বন্য জন্তুৰ জন্ম নিয়ন্ত্ৰণ কৰিবলৈ উচ্চতম ন্যায়ালৰ কাষ চাপিব বিচাৰিছে এখন ৰাজ্যৰ চৰকাৰে । কোনখন ৰাজ্যৰ চৰকাৰে এই সিদ্ধান্ত লৈছে ?

Man and wild animal conflict
বন্য জন্তুৰ জন্ম নিয়ন্ত্ৰণৰ বাবে আদালতৰ কাষ চাপিব চৰকাৰ
author img

By

Published : Jan 13, 2023, 4:10 PM IST

নেশ্যনেল ডেস্ক,১৩ জানুৱাৰী : দেশৰ বিভিন্ন ৰাজ্য মানুহ আৰু বন্য জন্তুৰ সংঘাতৰ ঘটনা প্ৰতিদিনে সংঘটিত হৈ আহিছে (Man wild animal conflict)। কেৰালাতো পথৰ কুকুৰ, বাঘৰ লগতে বিভিন্ন বন্য জন্তুৰ উপদ্ৰৱ অব্যাহত আছে (Wild animal terror in Kerala)। তাৰ মাজতে চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে । বন্য জন্তুৰ জন্ম নিয়ন্ত্ৰণ ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব চৰকাৰ (Kerala wants birth control measures in wild animal)।

কেৰালাৰ বনমন্ত্ৰী এ কে সচিন্দ্ৰনে শেহতীয়াকৈ এই ঘোষণা কৰিছে । মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে কেৰালা চৰকাৰে বন্য জন্তু আৰু মানুহৰ সংঘাত প্ৰতিহত কৰিবলৈ কেইবাটাও পদক্ষেপ লৈছিল । কিন্তু সেই পদক্ষেপবোৰে কোনো ধৰণে আকাংক্ষিত ফলাফল নিদিলে । ইয়াৰ বিপৰীতে মানুহৰ ওপৰত আক্ৰমণ আৰু খেতি পথাৰত বন্য জন্তুৰ উপদ্ৰৱ বৃদ্ধি পাইছে (Kerala minister on birth control of wild animal)।

মন্ত্ৰীগৰাকীৰ মতে ৰাজ্যখনত এনে ধৰণৰ ঘটনাবোৰৰ সংখ্যা ক্ৰমান্বয়ে বাঢ়ি আহিছে । সেয়ে চৰকাৰে বন্য জন্তুৰ জন্মৰ হাৰ নিয়ন্ত্ৰণ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব । উল্লেখ্য যে বৰ্তমান বন্য জন্তুৰ ওপৰত এনে ধৰণৰ যিকোনো জন্ম নিয়ন্ত্ৰণ কাৰ্যকলাপৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশ আছে ।

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে শেহতীয়াকৈ কেৰালাৰ ৱায়ানাডত এজন কৃষক বাঘৰ আক্ৰমণৰ ফলত মৃত্যু হৈছে । যাক লৈ চৰকাৰ অধিক চিন্তিত হৈ পৰিছে । মৃত কৃষকজনৰ পৰিয়ালক ক্ষতিপূৰণ দিয়া হ'ব বুলিও তেওঁ ঘোষণা কৰে (Tiger killed man in Kerala)। তেওঁ উল্লেখ কৰা মতে বন্য জন্তুৰ সংখ্যাই অৰণ্যৰ ক্ষমতা বৃদ্ধি কৰিছে আৰু বন্যপ্ৰাণীৰ সংখ্যা আৰু বৃদ্ধি হোৱাত ই নিয়ন্ত্ৰণ কৰিব নোৱাৰা হৈ উঠিছে । চৰকাৰে ৰাজ্যখনৰ বনাঞ্চলৰ পৰিমাণ জানিবলৈ এটা অধ্যয়ন কৰিব আৰু অধ্যয়ন অনুসৰি বন্য জন্তুবোৰ এটা স্থানৰ পৰা আন ঠাইলৈ স্থানান্তৰ কৰাৰ প্ৰচেষ্টাও লোৱা হ'ব বুলিও বনমন্ত্ৰীগৰাকীয়ে কয় ।

বাঘৰ আক্ৰমণৰ কথা উল্লেখ কৰি বনমন্ত্ৰী এ কে সচিন্দ্ৰনে কয় যে চৰকাৰে বাঘৰ আক্ৰমণত নিহত কৃষকজনৰ পৰিয়ালৰ এজন সদস্যক চৰকাৰী চাকৰি দিয়াৰ সম্ভাৱনাৰ ওপৰতো সক্ৰিয়ভাৱে বিবেচনা কৰি আছে । কৃষকজনক হত্যা কৰা বাঘটোক ধৰিবলৈ অঞ্চলটোত অধিক চিচিটিভি কেমেৰা স্থাপন কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে । তেওঁৰ মতে মানুহৰ বাসস্থানত বন্য জন্তুৰ উপদ্ৰৱ নিয়ন্ত্ৰণ কৰাৰ যিকোনো প্ৰচেষ্টা চুবুৰীয়া ৰাজ্যসমূহৰ সহযোগিতাৰে কৰিব পাৰি । তেওঁ লগতে কয় যে কৰ্ণাটক বন বিভাগে কেৰালাৰ এই প্ৰচেষ্টাত উপযুক্ত সহযোগিতা আগবঢ়াই আহিছে ।

লগতে পঢ়ক :Nashik accident : নাছিকত বাছ আৰু ট্ৰাকৰ সংঘৰ্ষত ১০ গৰাকী যাত্ৰীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.