ETV Bharat / bharat

নাবালক পুত্ৰক যৌন নিৰ্যাতনৰ অভিযুক্ত মাতৃৰ জামিন মঞ্জুৰ - নাবালক পুত্ৰক যৌন নিৰ্যাতনৰ অভিযুক্ত মাতৃৰ জামিন মঞ্জুৰ

কেৰালা উচ্চ ন্য়ায়ালয়ে পুত্ৰক যৌন আতিশায্য় চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা এগৰাকী মহিলাৰ জামিন আবেদন মঞ্জুৰ কৰে । লগতে এগৰাকী মহিলা আইপিএছ বিষয়াৰ দ্বাৰা ঘটনাৰ উচিত তদন্তৰো নিৰ্দেশ দিছে আদালতে ।

নাবালক পুত্ৰক যৌন নিৰ্যাতনৰ অভিযুক্ত মাতৃৰ জামিন মঞ্জুৰ

author img

By

Published : Jan 22, 2021, 4:37 PM IST

নিউজ ডেস্ক , ২২ জানুৱাৰী : পোকছো আইনৰ অধীনত এটা ঘটনাৰ অভিযুক্ত এগৰাকী ৩৫ বছৰীয়া মহিলাৰ জামিন মঞ্জুৰ কৰে কেৰালা উচ্চ ন্য়ায়ালয়ে । নিজৰ পুত্ৰক যৌন নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল মহিলা গৰাকী । ২৮ ডিচেম্বৰত আৰক্ষীয়ে থিৰুৱনানথাপুৰাম জিলাৰ কাদাক্কাভুৰৰ মহিলা গৰাকীক ৩ বছৰ পূৰ্বে পুত্ৰক যৌন আতিশায্য় চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল । মহিলাগৰাকীৰ স্বামীয়ে তাইৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰিছিল । দাবী কৰা মতে পুত্ৰই ঘটনাৰ বিষয়ে অৱগত কৰাৰ পিছতে এজাহাৰ দাখিল কৰিছিল মহিলাগৰাকীৰ স্বামী অৰ্থাৎ ভুক্তভোগীৰ দেউতাকে ।

ইফালে মহিলাগৰাকীৰ জামিনকলৈ সম্পূৰ্ণ বিৰোধিতা কৰে ৰাজ্য় চৰকাৰে । ৰাজ্য় চৰকাৰে আদালতত জনোৱা মতে মহিলাগৰাকীৰ মোবাইলৰ পৰা বহুত গুৰুত্বপূৰ্ণ প্ৰমাণ লাভ কৰিছে আৰক্ষীয়ে । মহিলাগৰাকীৰ পুত্ৰই দিয়া ভাষ্য়ও বহু গুৰুত্ব প্ৰদান কৰিছে । কিন্তু শুকুৰবাৰে মহিলাগৰাকীৰ জামিন আবেদন মঞ্জুৰ কৰাৰ লগতে এগৰাকী মহিলা আইপিএছ বিষয়াৰ দ্বাৰা ঘটনাৰ উচিত তদন্তৰো নিৰ্দেশ দিছে আদালতে ।

লগতে পঢ়ক :গুৱাহাটীত আটক বিহাৰৰ পৰা আহি বাহৰ পতা 6 চিলনী চোৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.