নিউজ ডেস্ক, ৩ নৱেম্বৰ : শেহতীয়াভাৱে বিতৰ্কৰ কেন্দ্ৰবিন্দুত আছে কেৰালাৰ সবৰীমালা মন্দিৰৰ মুখ্য পুৰোহিত নিৰ্বাচনৰ প্ৰসংগ । সবৰীমালাৰ মুখ্য পুৰোহিত নিৰ্বাচনৰ বিষয়টো গৈ ইতিমধ্যে আদালতৰ মজিয়াও পাইছেগৈ । তাৰ মাজতে কেৰালা উচ্চ ন্যায়ালয়ে সবৰীমালা মেলসান্থি (মুখ্য পুৰোহিত) নিৰ্বাচন গোচৰত চিচিটিভি ফুটেজ পৰীক্ষা কৰে । মেলসান্থি বা মুখ্য পুৰোহিতৰ নিৰ্বাচন বাতিল কৰিবলৈ বিচৰা এখন আবেদনৰ পিছত এই পদক্ষেপ লোৱা হৈছে । ট্ৰাভাঙ্কোৰ দেৱস্বম বোৰ্ডে আদালতৰ নিৰ্দেশ অনুসৰি চিচিটিভি ফুটেজ প্ৰদান কৰে ।
আনহাতে, উক্ত চিচিটিভি ফুটেজৰ এটা প্ৰতিলিপি আবেদনকাৰীৰ অধিবক্তাকো দিয়া হৈছে । উল্লেখ্য এই বিষয়ত আপত্তি দৰ্শাই তিৰুৱন্তপুৰমৰ বাসিন্দা মধুসূদনে আদালতত আবেদন দাখিল কৰিছিল । তেওঁৰ আবেদনখনত এই বিষয়টো আঙুলিয়াই দিয়া হৈছিল যে সবৰীমালা মেলসান্থি নিৰ্বাচন স্বচ্ছভাৱে অনুষ্ঠিত হোৱা নাছিল । অভিযোগকাৰীয়ে লগতে এইটোও অভিযোগ কৰিছে যে নিৰ্বাচনৰ বাবে যি লটাৰী অনুষ্ঠিত হৈছিল তাত খেলিমেলি কৰা হৈছিল ।
আবেদনখনত কোৱা হৈছে যে কেৱল মেলসান্থি হিচাপে বাছনি কৰা ব্যক্তিজনৰ নামৰ কাগজখন ভাঁজ কৰা হৈছিল আৰু আনসকলৰ নাম লিখা কাগজবোৰ মোহাৰি লাড়ু কৰা হৈছিল । তাৰ পিছত নামৰ কাগজবোৰ এটা পাত্ৰত জমা কৰা হৈছিল । ফলত যেতিয়া পাত্ৰটো জোকাৰি দিয়া হয় তেতিয়া ভাঁজ কৰা কাগজখন স্বাভাৱিকতে ওপৰলৈ উঠি আহিব ।
যাৰ ফলত উক্ত কাকতখন সোনকালে চিনাক্ত কৰি উঠাই আনিব পাৰি । আনহাতে, আবেদনখনত দাবী কৰা হৈছে যে লটাৰীৰ দ্বাৰা নিৰ্বাচিত হোৱা মহেশৰ নিৰ্বাচন বাতিল কৰা উচিত । উল্লেখ্য যে সবৰীমালাৰ নতুন মেলসান্থিৰ নিৰ্বাচন ১৮ অক্টোবৰত অনুষ্ঠিত হৈছিল । উক্ত লটাৰীত মুভাতুপুঝাৰ বাসিন্দা মহেশ পিএনক সবৰীমালাৰ মেলসান্থি হিচাপে নিৰ্বাচিত কৰা হয় আৰু মুৰলী পিজিক মালিকাপ্পুৰম মেলসান্থি হিচাপে নিৰ্বাচিত কৰা হয় । মেলসান্থি লটাৰীৰ বাবে ১৭ জন লোকৰ নাম তালিকাভুক্ত কৰা হৈছিল ।
লগতে পঢ়ক :Telangana Assembly Election Notification : আজি প্ৰকাশ পাব তেলেংগানাৰ নিৰ্বাচনৰ অধিসূচনা