ETV Bharat / bharat

বাৰ্ড ফ্লুঃ ফাৰ্মৰ গৰাকী সকলক ক্ষতিপূৰণ দিব কেৰালা চৰকাৰে

author img

By

Published : Jan 7, 2021, 5:08 PM IST

বাৰ্ড ফ্লুৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে কেৰালাত 50 হাজাৰ চৰাই এই পৰ্যন্ত মাৰি পেলোৱা হৈছে ৷ বাৰ্ড ফ্লুৰ ফলত ৰাজ্যখনত ক্ষতিগ্ৰস্ত হোৱা হাঁহ,কুকুৰা তথা অন্য পোহনীয়া চৰাইৰ ফাৰ্মৰ গৰাকী সকলক ক্ষতিপূৰণ দিয়াৰ বাবে বৃহস্পতিবাৰে এক বৈঠকৰ আয়োজন কৰি কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

kerala-govt-to-compensate-poultry-farmers
বাৰ্ড ফ্লুঃ ফাৰ্মৰ গৰাকী সকলক ক্ষতিপূৰণ দিব কেৰালা চৰকাৰে

নিউজ ডেস্ক, 7 জানুৱাৰী : বুধবাৰে কেৰালা চৰকাৰৰ কেবিনেটে এক বৈঠকৰ আয়োজন কৰে ৷ বাৰ্ড ফ্লুৰ ফলত ৰাজ্যখনত ক্ষতিগ্ৰস্ত হোৱা হাঁহ,মুৰ্গী তথা অন্য পোহনীয়া চৰাইৰ ফাৰ্মৰ গৰাকী সকলক ক্ষতিপূৰণ দিয়া সন্দৰ্ভত আলোচনা কৰাৰ বাবে এই কেবিনেট বৈঠকৰ আয়োজন কৰিছিল ৰাজ্য চৰকাৰে ৷ ৰাজ্য চৰকাৰে উক্ত বৈঠকৰ জৰিয়তে বাৰ্ড ফ্লুত ক্ষতিগ্ৰস্ত ফাৰ্মৰ স্বত্বাধিকাৰী সকলে মুখামুখি পোৱা পৰিস্থিতিৰ বাবে কিছুমান ক্ষেত্ৰত ৰেহাইৰ লগতে ক্ষতিপূৰণৰ বাবে পেকেজৰ ঘোষণা কৰে ৷

কেবিনেটৰ বৈঠকৰ অন্তত লোৱা সিদ্ধান্ত অনুসৰি 2 মাহৰ অধিক বয়সৰ প্ৰতিটো চৰাইৰ বাবে 200 টকা আৰু দুই মাহতকৈ কম বয়সৰ হাঁহ-মুৰ্গী অথবা অন্য পোহনীয়া চৰাইৰ বাবে 100 টকাকৈ ক্ষতিপূৰণ প্ৰদান কৰিব কেৰেলা চৰকাৰে ৷ লগতে বাৰ্ড ফ্লুৰ সংক্ৰমণৰ আশংকাত ৰেপিড ৰেচপঞ্চ টীমে ধ্বংস কৰা প্ৰত্যোকখন ফাৰ্মৰ একোটা কণীৰ বাবদ পাঁচ টকাকৈ ক্ষতিপূৰণ প্ৰদান কৰিব ৰাজ্য চৰকাৰখনে ৷

উল্লেখ্য যে, বাৰ্ড ফ্লুৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে কেৰালাত 50 হাজাৰ চৰাই এই পৰ্যন্ত মাৰি পেলোৱা হৈছে ৷ অন্যান্য ৰাজ্যৰ লগতে কেৰালা চৰকাৰেও বাৰ্ড ফ্লুৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে বিশেষ তৎপৰতা প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : জামিন আবেদন নাকচ হোৱাৰ পিছতে শোকত ম্ৰিয়মান অখিলৰ মাতৃ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.