ETV Bharat / bharat

Delhi Ordinance Row : সমৰ্থন বিচাৰি অখিলেশক সাক্ষাৎ কৰিব কেজৰিৱালে - centre ordinance on Delhi

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বুধবাৰে সমাজবাদী পাৰ্টীৰ সভাপতি অখিলেশ যাদৱক সাক্ষাৎ কৰিব । কেন্দ্ৰৰ অধ্যাদেশৰ বিৰুদ্ধে সমৰ্থন সংগ্ৰহৰ বাবেই উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰিব কেজৰিৱালে (Kejriwal to meet akhilesh yadav on Delhi ordinance) । বৈঠকখন লক্ষ্ণৌত অনুষ্ঠিত হ'ব ।

Delhi Ordinance Row
Delhi Ordinance Row
author img

By

Published : Jun 6, 2023, 5:03 PM IST

Updated : Jun 6, 2023, 5:36 PM IST

বুধবাৰে কেজৰিৱালে সাক্ষাৎ কৰিব অখিলেশ যাদৱক

নিউজ ডেস্ক, ৬ জুন : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বুধবাৰে সমাজবাদী পাৰ্টীৰ সভাপতি অখিলেশ যাদৱক সাক্ষাৎ কৰি কেন্দ্ৰৰ অধ্যাদেশৰ বিৰুদ্ধে সমৰ্থন বিচাৰিব (Kejriwal to meet akhilesh yadav on Delhi ordinance) । কেজৰিৱালে কয় যে কেন্দ্ৰৰ এই দিল্লী বিৰোধী অধ্যাদেশ সংসদত গৃহীত কৰাবৰ বাবে লোকসভা আৰু ৰাজ্যসভাত উত্থাপন কৰা হ'ব (Delhi Ordinance Row) । বিধেয়কখন লোকসভাত গৃহীত হ'ব পাৰে । কিন্তু যদি বিৰোধী দলবোৰে একত্ৰিতভাৱে ৰাজ্যসভাত এই অধ্যাদেশৰ বিৰোধিতা কৰে, তেন্তে এই বিধেয়কখন গৃহীত কৰাত বাধা দিব পৰা যাব । এনে পৰিস্থিতিত কেন্দ্ৰই অনা অধ্যাদেশ নাকচ কৰা হ'ব (centre ordinance on Delhi) ।

উল্লেখ্য, বিগত সপ্তাহত কেজৰিৱালে চেন্নাইত তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন আৰু ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনক সাক্ষাৎ কৰিছিল (Delhi CM Arvind Kejriwal) । ইয়াৰে অংশ হিচাপে বৰ্তমান তেওঁ বুধবাৰে লক্ষ্ণৌত অখিলেশ যাদৱক লগ কৰিব ।

আনহাতে, কেন্দ্ৰীয় চৰকাৰে অনা অধ্যাদেশৰ বিৰুদ্ধে বিৰোধী দলসমূহক একত্ৰিত কৰিবলৈ চেষ্টা কৰি থকা আম আদমী পাৰ্টীয়ে কংগ্ৰেছৰ ওপৰতো নিৰ্ভৰ কৰিছে । ৰাজ্যসভাত কংগ্ৰেছৰ ৩১ জন সদস্য আছে । কেন্দ্ৰৰ অধ্যাদেশৰ বিৰুদ্ধে কংগ্ৰেছে প্ৰদৰ্শন কৰা বিৰোধিতাৰ বাবে কেজৰিৱালে কংগ্ৰেছকো অধ্যাদেশৰ বিৰুদ্ধে ভোট দিবলৈ দাবী জনাইছে । এই সন্দৰ্ভত কেজৰিৱালে কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীৰ সৈতে সাক্ষাতৰ বাবে সময় বিচাৰিছে । অৱশ্যে এতিয়ালৈকে তেওঁ সময় পোৱা নাই ।

উল্লেখ্য যে উচ্চতম ন্যায়ালয়ে দিল্লী চৰকাৰৰ সেৱা সম্পৰ্কীয় বিষয়ত নিৰ্বাচিত চৰকাৰক সম্পূৰ্ণ কৰ্তৃত্ব দিবলৈ নিৰ্দেশ দিছিল । কিন্তু এই অধ্যাদেশৰ জৰিয়তে ইয়াৰ বিপৰীতটোহে কৰা হৈছে । কেন্দ্ৰৰ অধ্যাদেশত কোৱা হৈছে যে দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল (সংশোধিত অধ্যাদেশ) ২০২৩-ৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে এখন ৰাষ্ট্ৰীয় ৰাজধানী অসামৰিক সেৱা কৰ্তৃপক্ষ গঠন কৰিছে । দিল্লীত বিষয়াসকলৰ বদলিকৰণ, নিযুক্তি আৰু সেৱা সম্পৰ্কীয় সিদ্ধান্ত এতিয়া কৰ্তৃপক্ষৰ জৰিয়তে হ'ব । যাৰ দ্বাৰা দিল্লীৰ মুখ্যমন্ত্ৰীক প্ৰধান হিচাপে প্ৰক্ষেপ কৰিব বুলি কোৱা হৈছে । কিন্তু সিদ্ধান্ত সংখ্যাগৰিষ্ঠতাৰ দ্বাৰাহে হ'ব ।

দিল্লীৰ মুখ্যমন্ত্ৰীৰ উপৰি, মুখ্য সচিব আৰু প্ৰধান সচিব ৰাষ্ট্ৰীয় ৰাজধানী অসামৰিক সেৱা কৰ্তৃপক্ষৰ গৃহ বিভাগৰ সদস্য হ'ব । যিকোনো বিবাদৰ ক্ষেত্ৰত লেফটেনেণ্ট গৱৰ্ণৰৰ সিদ্ধান্ত চূড়ান্ত হ'ব । কেন্দ্ৰৰ অধীনৰ বিষয়বোৰৰ বাহিৰে আন সকলো বিষয়ত কৰ্তৃপক্ষই দিল্লীত সেৱা আগবঢ়োৱা গ্ৰুপ এ আৰু ডেনিক্স বিষয়াসকলক বদলি আৰু নিযুক্তিৰ পৰামৰ্শ দিব । যাৰ ওপৰত লেফটেনেণ্ট গৱৰ্ণৰে চূড়ান্ত মোহৰ লগাব । এই অধ্যাদেশখন ৬ মাহৰ ভিতৰত সংসদত গৃহীত হ'ব লাগিব । ইয়াৰ পিছত ই আইনত পৰিণত হ'ব ।

লগতে পঢ়ক :IIT Student Faizan dead case : হত্যা কৰা হৈছিল IITৰ ছাত্ৰ ফাইজানক !

Last Updated : Jun 6, 2023, 5:36 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.