নিউজ ডেস্ক, ২৭ নৱেম্বৰ : তেলেংগানা বিধানসভা নিৰ্বাচন সমাগত । ৰাজ্যখনত এতিয়া নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে । শাসনাধিষ্ঠিত বিআৰএছৰ উপৰি কংগ্ৰেছ তথা বিজেপিয়েও প্ৰচাৰ কাৰ্য তীব্ৰ কৰি তুলিছে । তাৰ মাজতে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেলেংগানাত নিৰ্বাচনী প্ৰচাৰ চলায় । মোদীয়ে ৰাজ্যখনৰ মেহবুবাবাদ আৰু কৰিমনগৰত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে ।
মোদীয়ে তাত কয় যে হুজুৰাবাদৰ জনতাই ইতিমধ্যে ফাৰ্মহাউছৰ মুখ্যমন্ত্ৰীক ট্ৰেইলাৰখন দেখুৱাইছে আৰু তেওঁলোকে এই নিৰ্বাচনত সম্পূৰ্ণ চিনেমাখন দেখুৱাব । তেওঁ লগতে বিশ্বাস ব্যক্ত কৰে যে তেলেংগানাত বিজেপি চৰকাৰ প্ৰথমবাৰৰ বাবে আহি আছে । তেওঁ পুনৰ কয় যে তেলেংগানাত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰথম মুখ্যমন্ত্ৰী হ'ব অ'বিচি ব্যক্তি ।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেলেংগানা বৰ্তমান দহ বছৰীয়া হৈছে । তেলেংগানাৰ ভৱিষ্যতৰ বাবে পৰৱৰ্তী পাঁচ বছৰ গুৰুত্বপূৰ্ণ হ'ব । তেওঁ পৰৱৰ্তী পাঁচ বছৰত ৰাজ্যখন দেশৰ শীৰ্ষস্থানত উপনীত হোৱাৰ আকাংক্ষা কৰিছে । প্ৰধানমন্ত্ৰীয়ে কয় যে তেলেংগানাত বিজেপি চৰকাৰৰ প্ৰয়োজন আছে । সেয়ে জনসাধাৰণক উন্নয়নৰ বাবে বিজেপিক ভোট দিবলৈ আহ্বান জনায় । তেওঁ লগতে কয় যে তেলেংগানাত বৰ্তমান পৰিৱৰ্তনৰ বতাহ বৈ আছে । পৰিৱৰ্তন অৱধাৰিত ।
মোদীয়ে কয় যে ৰাজ্যখনৰ জনসাধাৰণে বিআৰএছক পৰাস্ত কৰিব । তেওঁলোকে কংগ্ৰেছকো জয়ী কৰাব নোখোজে । বিআৰএছ আৰু কংগ্ৰেছে জনসাধাৰণক প্ৰতাৰণা কৰাৰ কোনো সুযোগ এৰি দিয়া নাই বুলিও অভিযোগ কৰে । লগতে তেওঁ উদ্বেগ প্ৰকাশ কৰে যে কংগ্ৰেছ শাসনলৈ আহিলে পিএফআইৰ দৰে সন্ত্ৰাসবাদী সংগঠনে উৎসাহ লাভ কৰিব ।
প্ৰধানমন্ত্ৰী মোদীয়ে লগতে দাবী কৰে যে তেলেংগানাৰ জনসাধাৰণে এইটোও বুজি পাইছে যে বিআৰএছ হৈছে বৰ্তমান এখন ডুব যোৱা জাহাজ । সেইকাৰণেই পৰিয়ালৰ সকলো সদস্যই এই নিৰ্বাচনত জয়ী হ'বলৈ সংগ্ৰাম কৰি আছে । আনহাতে, ৩ ডিচেম্বৰত বিজেপি চৰকাৰ গঠন হোৱাৰ পিছত সুৰা কেলেংকাৰীৰ তদন্ত ত্বৰান্বিত কৰা হ'ব বুলিও তেওঁ কয় । ইফালে যদি কংগ্ৰেছ চৰকাৰ পুনৰ গঠন হয় তেন্তে ৰাজ্যখনক এটিএমলৈ পৰিণত কৰিব বুলিও দাবী কৰে ।
লগতে পঢ়ক : দ্বিতীয় দিনাও মোহালি-চণ্ডীগড় সীমান্তত কৃষকৰ প্ৰতিবাদ অব্যাহত