ETV Bharat / bharat

বিআৰএছ বিধায়িনী দলৰ নেতা নিৰ্বাচিত কেচিআৰ

author img

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 4:11 PM IST

বিআৰএছ বিধান দলৰ তেলেংগানা ভৱনত এক বৈঠক অনুষ্ঠিত হয় । তাত সৰ্বসন্মতিক্ৰমে প্ৰাক্তন মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয় । আনহাতে, কেচিআৰৰ পুত্ৰ তথা বিআৰএছৰ কাৰ্যকৰী সভাপতি কে টি ৰামা ৰাৱে পিতৃৰ চিকিৎসাজনিত কাৰণত বিআৰএছএলপিৰ বৈঠকত উপস্থিত থাকিব নোৱাৰে ।

KCR elected BRS Legislature Party leader
বিআৰএছ বিধায়িনী দলৰ নেতা নিৰ্বাচিত কেচিআৰ

নিউজ ডেস্ক, ৯ ডিচেম্বৰ : তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওক শনিবাৰে নতুন বিধানসভাত বিআৰএছ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয় । দলটোৰ নৱনিৰ্বাচিত বিধায়কসকলৰ এখন বৈঠকত এই কথা ঘোষণা কৰা হয় । "বিধানসভা অধিবেশনৰ পূৰ্বে তেলেংগানা ভৱনত মিলিত হোৱা বিআৰএছ বিধায়িনী দলে সৰ্বসন্মতিক্ৰমে প্ৰাক্তন মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওক বিআৰএছএলপিৰ নেতা হিচাপে নিৰ্বাচিত কৰে ।" বিআৰএছৰ অফিচিয়েল এক্স হেণ্ডেলত কয় ।

বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ পোচাৰাম শ্ৰীনিবাস ৰেড্ডীয়ে কেচিআৰৰ নামৰ প্ৰস্তাৱ দিয়ে । এই প্ৰস্তাৱত প্ৰাক্তন মন্ত্ৰী টি শ্ৰীনিবাস যাদৱ আৰু কাদিয়াম শ্ৰীহৰিয়ে সমৰ্থন কৰে । বৈঠকখন বিআৰএছ সংসদীয় দলৰ নেতা কে কেশৱ ৰাওৰ অধ্যক্ষতাত অনুষ্ঠিত হয় ।

উল্লেখ্য যে বিআৰএছে শেহতীয়া বিধানসভা নিৰ্বাচনত মুঠ ১১৯ খন আসনৰ ভিতৰত ৩৯ খন আসন লাভ কৰে । আনহাতে, কংগ্ৰেছে ৬৪ খন আসন লাভ কৰে । ইয়াৰ বিপৰীতে বিজেপি, এআইএমআইএম আৰু চিপিআয়ে ক্ৰমান্বয়ে আঠ, সাত আৰু এখন আসনত জয়লাভ কৰে । ইফালে কেচিআৰৰ পুত্ৰ বিআৰএছৰ কাৰ্যকৰী সভাপতি কে টি ৰামা ৰাৱে কয় যে তেওঁ শনিবাৰে বিআৰএছ বিধায়িনী দলৰ বৈঠক আৰু বিধানসভাৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰে । তেওঁৰ পিতৃৰ চিকিৎসাজনিত কাৰণত উপস্থিত থাকিব নোৱাৰে বুলি জনায় ।

ৰামা ৰাৱে এক্সত কয়, "আজি উপস্থিত থাকিব নোৱাৰা আন ৪-৫ জন বিধায়কৰ সৈতে শপত গ্ৰহণৰ বাবে বিধানসভা সচিবৰ পৰা আন এটা তাৰিখ বিচাৰিছোঁ ।" উল্লেখ্য যে কেচিআৰ নামেৰে জনাজাত চন্দ্ৰশেখৰ ৰাৱে শুকুৰবাৰে তেওঁৰ বাসগৃহত পৰি যোৱাৰ ফলত হাড় ভাঙে । যাৰ ফলত হায়দৰাবাদত এখন ব্যক্তিগত ছুপাৰ-স্পেচিয়েলিটি চিকিৎসালয়ত বাঁওভৰিৰ আঁঠুৰ অস্ত্ৰোপচাৰ কৰাবলগা হয় ।

জানিব পৰা মতে, তেওঁ আৰোগ্য হৈ উঠিবলৈ ছয়ৰ পৰা আঠ সপ্তাহ লাগিব । চিকিৎসালয়খনৰ চিকিৎসকে এই কথা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক :দেশৰ বৰ্ধিত জিডিপিক লৈ আনন্দিত প্ৰধানমন্ত্ৰী মোদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.