ETV Bharat / bharat

জ’ বাইডেন প্ৰশাসনত অন্তৰ্ভুক্ত আন এগৰাকী কাশ্মীৰি মূলৰ মহিলা

author img

By

Published : Jan 15, 2021, 9:19 AM IST

আন এগৰাকী কাশ্মীৰি মহিলা সমীৰা ফজিলি অন্তৰ্ভুক্ত হৈছে জ’ বাইডেন প্ৰশাসনত ৷ ৰাষ্ট্ৰীয় অৰ্থনৈতিক পৰিষদত উপ-নিৰ্দেশকৰ দায়িত্ব পালন কৰা আন এগৰাকী ভাৰতীয়-আমেৰিকান হৈছে সমীৰা ফজিলি ৷

Sameera Fazili
সমীৰা ফজিলি

নেশ্যনেল ডেস্ক,15 জানুৱাৰী : পুনৰ জ’ বাইডেন প্ৰশাসনত অন্তৰ্ভুক্ত হৈছে ৰাষ্ট্ৰীয় অৰ্থনৈতিক পৰিষদত উপ-নিৰ্দেশকৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা আন এগৰাকী ভাৰতীয়-আমেৰিকান সমীৰা ফজিলি ৷

এগৰাকী কাশ্মীৰি মহিলা সমীৰা ফজিলিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত নিৰ্মাণ, উদ্ভাৱন আৰু ঘৰুৱা প্ৰতিযোগিতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব ৷

উল্লেখ্য যে, ড৹ ছৈয়দ ইউছুফ ফজিলি আৰু ৰফিকা ফজিলিৰ কন্যা সমীৰাই Yale Law Schoolৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ লগতে হাৰ্ভাৰ্ড কলেজৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল ৷

নিউয়ৰ্কত জন্মগ্ৰহণ কৰা সমীৰাই বিবাহৰ পাচত বাফোললৈ য়ায় ৷ বৰ্তমান স্বামী আৰু তিনি সন্তানৰ সৈতে তেওঁ বাস কৰি আহিছে জৰ্জিয়াত ৷

বাইডেনৰ প্ৰশাসনত অন্তৰ্ভুক্ত হোৱাৰ পূৰ্বে সমীৰা ফজিলিয়ে আটলাণ্টাৰ ফেডাৰেল ৰিজাৰ্ভ বেংকত সমাজ আৰু অৰ্থনৈতিক বিকাশ সম্বন্ধীয় এক সম্পৰ্কৰ ডাইৰেক্টৰ হিচাপে কাম কৰিছিল । তেওঁ ঘৰুৱা, বিত্ত আৰু আন্তৰ্জাতিক পৰিক্ৰমা দুয়োটাৰ কোষাগাৰ বিভাগত কাম কৰিছিল ৷ তাৰ পাচতে তেওঁ আন্তঃৰাষ্ট্ৰীয় বিষয়ত এগৰাকী জ্যেষ্ঠ পৰামৰ্শদাতা হিচাপে কাম কৰিছিল ৷

লগতে পঢ়ক : আজিৰে পৰা আৰম্ভ হ’ব নতুন সংসদ ভৱনৰ নিৰ্মাণ কাৰ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.