ETV Bharat / bharat

G20 in Kashmir: জি20 বৈঠকৰ বাবে কাশ্মীৰত নিশ্চিদ্ৰ নিৰাপত্তা

author img

By

Published : May 21, 2023, 10:09 PM IST

G20 বৈঠকৰ বাবে ইতিমধ্যেই জম্মু-কাশ্মীৰত উপস্থিত হৈছেহি বিভিন্ন সদস্য ৰাষ্ট্ৰৰ প্ৰতিনিধিসকল (G20 meeting in Kashmir) ৷ যাৰ বাবে বৃদ্ধি কৰা হৈছে নিৰাপত্তা ব্যৱস্থা ৷

G20 in Kashmir
G20 in Kashmir

নিউজ ডেস্ক, 21 মে’: জম্মু -কাশ্মীৰৰ শ্ৰীনগৰত কাইলৈৰ পৰা 24 মে’ লৈ অনুষ্ঠিত হ’ব G20 বৈঠক ৷ যাৰ বাবে ৰাজ্যখনত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ৷ য’ত অংশ গ্ৰহণ কৰিব বিশ্বৰ কেইবাখনো G20ৰ সদস্য ৰাষ্ট্ৰই ৷ উল্লেখ্য যে ৰাজ্যখনৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু পৰ্যটন ক্ষেত্ৰৰ বিষয়ে বিশ্ববাসীক জনোৱাৰ উদ্দেশ্যৰে জম্মু-কাশ্মীৰত G20 বৈঠক অনুষ্ঠিত কৰিছে ভাৰতে (G20 summit in India) ৷

কিন্তু G20 বৈঠকক ব্যৰ্থ কৰিবলৈ বিভিন্ন সন্ত্ৰাসবাদী সংগঠনে কূটাঘাতমূলক কাৰ্য সংঘটিত কৰাৰ আশংকা প্ৰকাশ কৰা হৈছে ৷ যাৰ বাবে জম্মু-কাশ্মীৰত NIA য়ে অভিযান চলোৱাৰ লগতে বৃদ্ধি কৰা হৈছে নিৰাপত্তা ব্যৱস্থা (NIA raid in Jammu and Kashmir) ৷

বৈঠকৰ গুৰুত্বৰ কথা উল্লেখ কৰি জি20 ৰ সমন্বয়ক হৰ্ষবৰ্দান শ্ৰীংলাই কয়, ‘‘বৰ্তমানলৈকে ভাৰতত 118 খনতকৈ অধিক G20 বৈঠক সুকলমে সম্পন্ন হৈছে ৷ জি20 ৰ সম্পৰ্কে মানুহৰ মাজত সজাগতা সৃষ্টিৰ বাবে যথেষ্ট প্ৰচেষ্টা কৰা হৈছে ৷ জম্মু-কাশ্মীৰত এই বৈঠক অনুষ্ঠিত কৰাৰ মূলতে হ’ল চলচ্চিত্ৰ পৰ্যটন (Kashmir G20 summit) ৷’’

তেওঁ লগতে কয় যে বৈঠকৰ উদ্দেশ্য হৈছে জম্মু-কাশ্মীৰৰ সংস্কৃতি, পৰম্পৰা আৰু পৰ্যটনক উৎসাহিত আৰু পুনৰুজ্জীৱিত কৰা ৷ ‘‘জম্মু-কাশ্মীৰৰ বাবে এই বৈঠক অতি তাৎপৰ্যপূৰ্ণ ৷ G20ৰ বহু সদস্য ৰাষ্ট্ৰই এই বৈঠকত অংশগ্ৰহণৰ বাবে সন্মতি প্ৰকাশ কৰাত আমি অত্যন্ত সুখী ৷

G20ৰ প্ৰতিনিধিসকলক আদৰণি জনোৱাৰ সময়ত জম্মু-কাশ্মীৰৰ মুখ্য সচিব অৰুণ কুমাৰ মেহতাই কয়, ‘‘এই বছৰ জম্মু-কাশ্মীৰত সৰ্বাধিক পৰ্যটকৰ আগমন হোৱা দেখিবলৈ পোৱা গৈছে ৷ এয়া কেৱল আৰম্ভণি ৷ অহা বছৰৰ পৰা দিল্লীৰ পৰা জম্মু-কাশ্মীৰলৈ ৰে’লেৰে আহিব পাৰিব আৰু অনাগত 6 মাহৰ ভিতৰ গাড়ী চলাই পৰ্যটকে সৌন্দৰ্য উপভোগ কৰিব পাৰিব ৷’’

G20ৰ প্ৰতিনিদিসকলক আদৰিবৰ বাবে এতিয়া তৎপৰ হৈ পৰিছে জম্মু-কাশ্মীৰৰ প্ৰশাসন ৷ প্ৰতিনিধিসকলৰ অধিকাংশই শ্ৰীনগৰৰ তাজ ভিভান্তা আৰু ললিত গ্ৰেণ্ড পেলেচত থাকিব আৰু জম্মু আৰু কাশ্মীৰৰ শিল্পীসকলে প্ৰতিনিধিসকলৰ সন্মুখত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰিব ৷ যাৰ বাবে এতিয়া নিৰাপত্তাৰ ক্ষেত্ৰত কোনো ক্ৰুটি ৰখা নাই প্ৰশাসনে (Counter terrorism in Kashmir) ৷

লগতে পঢ়ক: JK G20 meet : জি-20 পূৰ্বে জম্মু-কাশ্মীৰৰ একাধিক স্থানত NIA-ৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.