ETV Bharat / bharat

তামিলনাডুৰ চাহ ব্যৱসায়ীৰ পুত্ৰৰ উপগ্ৰহ উদ্ভাৱন; বায়ু প্ৰদূষণ নিৰীক্ষণত বৈপ্লৱিক পৰিৱৰ্তনৰ আশা

বায়ু প্ৰদূষণ চিনাক্ত কৰিবলৈ সক্ষম হোৱা এক সঁজুলি সৃষ্টি কৰাৰ আকাংক্ষাৰে কিশোৰ বিজ্ঞানীজনৰ এই উল্লেখযোগ্য যাত্ৰা আৰম্ভ হৈছিল । ইয়াৰ বাবে তেওঁ বিজ্ঞান শিক্ষক ৰামচন্দ্ৰন আৰু ভৰানী এডুকেচন গ্ৰুপৰ অধ্যক্ষ ডঃ ৰামসুব্ৰমনিয়ামৰ পৰা নিৰ্দেশনা গ্ৰহণ কৰিছিল ।

author img

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 1:18 PM IST

Jayaprakash Low Cost Satellite
তামিলনাডুৰ চাহ ব্যৱসায়ীৰ পুত্ৰৰ উপগ্ৰহ উদ্ভাৱন

নিউজ ডেস্ক, ১৭ নৱেম্বৰ : একাগ্ৰতা আৰু অধ্যৱসায় থাকিলে যিকোন লক্ষ্যত উপনীত হ'ব পৰা যায় । ইয়াৰ বাবে কোনো প্ৰতিবন্ধকতায়ে কোনো প্ৰতিভাক বশ কৰিব নোৱাৰে । তাৰেই এক শেহতীয়া উদাহৰণ হৈছে তামিলনাডুৰ এগৰাকী বিস্ময় বালকৰ অভিলাষী উদ্ভাৱন । তামিলনাডুৰ কাৰুৰ জিলাৰ এগৰাকী চাহ বিক্ৰেতাৰ পুত্ৰই এৰ গুৰুত্বপূৰ্ণ সফলতা লাভ কৰিছে ।

১৬ বছৰীয়া জয়প্ৰকাশে কম খৰচৰ উপগ্ৰহ ব্যৱহাৰ কৰি বায়ু প্ৰদূষণৰ স্তৰ নিৰীক্ষণ কৰাৰ বাবে এক অভিনৱ সমাধান প্ৰস্তুত কৰিছে । কিশোৰ বিজ্ঞানীজনৰ এই উল্লেখযোগ্য যাত্ৰা আৰম্ভ হৈছিল বায়ু প্ৰদূষণ চিনাক্ত কৰিবলৈ সক্ষম হোৱা এক সঁজুলি সৃষ্টি কৰাৰ আকাংক্ষাৰ সৈতে । ইয়াৰ বাবে তেওঁ বিজ্ঞান শিক্ষক ৰামচন্দ্ৰন আৰু ভৰানী এডুকেচন গ্ৰুপৰ অধ্যক্ষ ডঃ ৰামসুব্ৰমনিয়ামৰ পৰা নিৰ্দেশনা গ্ৰহণ কৰিছিল ।

জয়প্ৰকাশৰ চাতুৰ্য আৰু বুদ্ধিমত্তাৰ ফলস্বৰূপে পৃথিৱী পৃষ্ঠৰ পৰা ১০-২০ কিলোমিটাৰৰ ভিতৰত ট্ৰ'পস্ফিয়াৰত বায়ু প্ৰদূষণৰ স্তৰ চিনাক্ত কৰিবলৈ প্ৰস্তুত কৰা এটা সৰু উপগ্ৰহৰ উদ্ভাৱন হৈছে । কোটি কোটি টকা ব্যয়সাপেক্ষ পৰম্পৰাগত উপগ্ৰহৰ বিপৰীতে জয়প্ৰকাশে মাত্ৰ কেইহাজাৰমান টকাৰ সামান্য বাজেটেৰে উপগ্ৰহটোৰ কাৰ্যসমূহ সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে ।

ইটিভি ভাৰত তামিলনাডুৰ সাংবাদিকৰ সৈতে এক বিশেষ সাক্ষাৎকাৰত জয়প্ৰকাশে কয় যে তেওঁৰ উপগ্ৰহটো মূলত এক হিলিয়াম বেলুন । ই পৰম্পৰাগত মহাকাশ-আবদ্ধ উপগ্ৰহৰ বিপৰীতে এক ব্যয়সাধ্য বিকল্প প্ৰদান কৰিব । সমগ্ৰ প্ৰকল্পটোৰ বাবে ত্ৰিছ হাজাৰ টকা ব্যয় হয় । ইয়াৰ ফলত সুলভ মূল্যতে ঔদ্যোগিক প্ৰদূষণৰ স্তৰ নিৰন্তৰভাৱে নিৰীক্ষণ কৰিবলৈ সক্ষম হ'ব ।

অত্যধিক বায়ু প্ৰদূষণত অৰিহণা যোগোৱা কাৰখানাবোৰৰ গেছ চিনাক্ত কৰাৰ বাবে প্ৰস্তুত কৰা ক্ষুদ্ৰ স্তৰৰ উপগ্ৰহটোৰ প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে সুদূৰপ্ৰসাৰী প্ৰভাৱ আছে । জয়প্ৰকাশৰ এই আৱিষ্কাৰে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ বিষয়াসকলৰ বাবে বায়ু প্ৰদূষকবোৰ কাৰ্যকৰীভাৱে নিৰীক্ষণ আৰু নিয়ন্ত্ৰণ কৰাৰ বাবে এক ব্যৱহাৰিক আৰু ব্যয়সাধ্য সমাধান প্ৰদান কৰিব পাৰে ।

আনহাতে, নিজৰ আকাংক্ষাৰ কথা ব্যক্ত কৰি জয়প্ৰকাশে কয় যে তেওঁৰ এগৰাকী ইছৰো বিজ্ঞানী হোৱাৰ সপোন আছে । তেওঁৰ লক্ষ্য হৈছে বায়ু প্ৰদূষণৰ মোকাবিলা কৰা আৰু প্ৰদূষণমুক্ত পৃথিৱীলৈ অৰিহণা যোগাই দেশৰ সেৱা কৰা । ইফালে আৰ্থিক সীমাবদ্ধতা সত্ত্বেও তেওঁ নিজৰ বিদ্যালয়ত গ্ৰিফন এৰো স্পেচ ক্লাব গঠন কৰিছে । ইয়াৰ দ্বাৰা বৈজ্ঞানিক আৱিষ্কাৰত ব্যৱহৃত উপগ্ৰহ পদ্ধতি আৰু সঁজুলিৰ বিষয়ে এহাজাৰৰো অধিক শিক্ষাৰ্থীক জ্ঞান প্ৰদান কৰিছে ।

ভৰানী এডুকেচন গ্ৰুপৰ অধ্যক্ষ ডঃ ৰামসুব্ৰমনিয়ামে ঘোষণা কৰে যে ৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ দ্বাৰা আয়োজিত ৰাষ্ট্ৰীয় বিজ্ঞান সন্মিলনত জয়প্ৰকাশৰ হিলিয়াম বেলুন উপগ্ৰহ প্ৰদৰ্শন কৰা হ'ব । ইছৰোৰ বাংগালোৰ উপগ্ৰহ কেন্দ্ৰৰ প্ৰাক্তন সঞ্চালক মাইলাস্বামী আন্নাদুৰাই জয়প্ৰকাশক নিৰ্দেশনা প্ৰদান কৰিছে । তেওঁ বৰ্তমান দৈৰ্ঘ্য দূৰত্বত বায়ু প্ৰদূষণ সৃষ্টি কৰা অন্যান্য গেছ চিনাক্ত কৰিবলৈ এটা সংস্কৰণ ২ মিনি উপগ্ৰহ উদ্ভাৱনৰ বাবে কাম কৰি আছে । শিক্ষানুষ্ঠানখনে এই প্ৰতিশ্ৰুতিপূৰ্ণ প্ৰচেষ্টাক সমৰ্থন আৰু ইয়াক কাৰ্যকৰী কৰিবলৈ সাজু হৈছে ।

লগতে পঢ়ক :OptRoute Mobile App : দেশৰ সামগ্ৰী পৰিবহণত বৈপ্লিৱক পৰিৱৰ্তন; আইআইটি মাদ্ৰাজৰ মোবাইল এপ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.