ETV Bharat / bharat

বিদ্যালয় পুনৰ আৰম্ভ কৰাৰ সন্দৰ্ভত কৰ্ণাটকে সোমবাৰে ল'ব সিদ্ধান্ত - ক'ভিড-19

বিদ্যালয়সমূহ পুনৰ আৰম্ভ কৰাৰ সন্দৰ্ভত কাইলৈ সিদ্ধান্ত ল'ব কৰ্ণাটক চৰকাৰে ৷ বিদ্যালয় সমূহ পুনৰ আৰম্ভ কৰা উচিত নে অনুচিত এই সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ বাবে মুখ্যমন্ত্ৰী বিএচ য়েডিয়ুৰাপ্পা ৰ লগতে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা মন্ত্ৰী এছ সুৰেশ কুমাৰ সোমবাৰে শিক্ষা বিভাগৰ লগতে বাংগালুৰুৰ অন্যান্য চৰকাৰী বিষয়া সকলৰ সৈতে বৈঠকত মিলিত হ'ব ৷

বিদ্যালয় পুনৰ আৰম্ভ কৰাৰ সন্দৰ্ভত কৰ্ণাটকে সোমবাৰে ল'ব সিদ্ধান্ত

author img

By

Published : Nov 22, 2020, 8:00 PM IST

বাংগালুৰু, 22 নৱেম্বৰ: অভিভাৱক সকলৰ লগতে, স্বাস্থ্য সমিতি আৰু শিক্ষা বিশেষজ্ঞ সকলৰ পৰামৰ্শ গ্ৰহণৰ পাছতে বিদ্যালয় পুনৰ মুকলি কৰা সন্দৰ্ভত সোমবাৰে এক সিদ্ধান্তত উপনীত হ'ব কৰ্ণাটক চৰকাৰ ৷

বিদ্যালয় সমূহ পুনৰ মুকলি কৰা যাব নে নাযাব এই সম্পৰ্কত এক অন্তিম সিদ্ধান্ত লোৱাৰ বাবে মুখ্যমন্ত্ৰী বি এছ য়েডিয়ুৰাপ্পাৰ লগতে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা মন্ত্ৰী এছ সুৰেশ কুমাৰ সোমবাৰে শিক্ষা বিভাগৰ লগতে বাংগালুৰুৰ অন্যান্য চৰকাৰী বিষয়া সকলৰ সৈতে এক বৈঠকত মিলিত হ'ব ৷

চৰকাৰে ইতিমধ্যে শিক্ষা বিশেষজ্ঞ সকলৰ লগতে স্বাস্থ্য বিষয়াসকলৰ পৰামৰ্শ বিচাৰিছে আৰু এই পৰামৰ্শ সমূহ বিবেচনা কৰি ৰাজ্য চৰকাৰে ইতিমধ্যে মহাবিদ্যালয় আৰু উচ্চতৰ পৰ্যায়ৰ শিক্ষানুষ্ঠান সমূহ পুনৰ আৰম্ভ কৰিছে ৷ তথ্য অনুসৰি কিছুসংখ্যক বিশেষজ্ঞ তথা চৰকাৰী বিষয়াই শিক্ষা বিভাগক হাইস্কুল সমূহৰ বাবে ডিচেম্বৰ মাহৰ পৰা অফলাইন ক্লাছ আৰম্ভ কৰিবৰ বাবে পৰামৰ্শ আগবঢ়াইছে ৷

ৰাজ্যখনত ক'ভিড-19 ত আক্ৰান্তৰ সংখ্যা ক্ৰমাগতভাৱে বাঢ়ি গৈ থকাৰ পৰিপ্ৰেক্ষিতত এনে সিদ্ধান্ত ল'ব লগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷ শনিবাৰৰ দিনটোত ৰাজ্যখনত 1,781 গৰাকী লোক নতুনকৈ ক'ভিডত আক্ৰান্ত হোৱাৰ পৰিৱৰ্তে ৰাজ্যখনত বৰ্তমানলৈকে মুঠ 8,71,342 লোক ক'ভিডত আক্ৰান্ত হৈছে ৷ ইয়াৰে ভিতৰত 8,34,968 গৰাকীয়ে আৰোগ্য লাভ কৰাৰ পৰিবৰ্তে 11,641 গৰাকীয়ে মৃত্যক আকোঁৱালি লৈছে ৷

লগতে পঢ়ক: পাকিস্তানত বন্দুক দেখুৱাই সাত বছৰীয়া নাবালিকা ধৰ্ষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.