ETV Bharat / bharat

'লাভ জেহাদ'ৰ বিৰুদ্ধে কৰ্ণাটকত আইন প্ৰণয়নৰ পৰিকল্পনা - 'লাভ জেহাদ'ৰ

বিজেপিৰ কৰ্ণাটকৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকে শনিবাৰে 'লাভ জেহাদ' আৰু গো-হত্যা ৰোধৰ বাবে আইন প্ৰণয়ন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে । ৰাজ্যখনত ২০০৯ চনত 'লাভ জেহাদ'ৰ প্ৰথমটো ঘটনা পোহৰলৈ আহে ।

'লাভ জেহাদ'ৰ বিৰুদ্ধে কৰ্ণাটকত আইন প্ৰণয়নৰ পৰিকল্পনা

author img

By

Published : Dec 7, 2020, 6:16 PM IST

নেশ্যনেল ডেস্ক, ৭ ডিচেম্বৰ: কৰ্ণাটকৰ ৰাজ্য চৰকাৰে ৰাজ্যখনত 'লাভ জেহাদ'ৰ বিৰুদ্ধে আইন প্ৰণয়ন আৰু কাৰ্যকৰী কৰিবলৈ প্ৰস্তাৱ গ্ৰহণৰ সম্ভাৱনা আছে । ইয়াৰ পূৰ্বে উত্তৰ প্ৰদেশ চৰকাৰে এক নতুন আইন প্ৰণয়ন কৰে, যি আইনে বিবাহৰ অচিলাৰে ধৰ্মান্তৰকৰণ সম্পূৰ্ণৰূপে নাইকিয়া কৰিব । এই নতুন আইন মতে, বলপূৰ্বকভাৱে ধৰ্ম পৰিৱৰ্তন কৰা লোকৰ বাবে ১৫,০০০ টকা জৰিমনাৰ লগতে ৫ বছৰৰ বাবে কাৰাবাসৰ শাস্তি ধাৰ্য কৰা হৈছে । আইনখনত দুবছৰ আৰু ৭ বছৰ পৰ্যন্ত কাৰাবাস আৰু জৰিমনাৰ কথাও উল্লেখ আছে । ২৫,০০০টা ধৰ্ম পৰিৱৰ্তনৰ ঘটনাৰ ভিতৰত অধিক ঘটনাৰ বলি হৈছে কিশোৰী অথবা অনুসূচিত জাতি-জনগোষ্ঠীৰ মহিলা ।

কৰ্ণাটকৰ বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকে শনিবাৰে ভিন্ন ধৰ্মাৱলম্বী লোকৰ মাজৰ বিবাহ আৰু গো-হত্যা ৰোধৰ বাবে আইন প্ৰণয়ন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে । মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰাপ্পায়ো এই আইন প্ৰণয়নত নিজৰ ইচ্ছা ব্যক্ত কৰিছে । একেদৰে গৃহ বিভাগেও ৰাজ্যখনত 'লাভ জেহাদ' ৰোধৰ বাবে পৰিকল্পনা হাতত লৈছে । ৰাজ্যখনত ২০০৯ চনত 'লাভ জেহাদ'ৰ প্ৰথমটো ঘটনা পোহৰলৈ আহে । সম্ৰাজ নগৰৰ হিন্দু সম্প্ৰদায়ৰ এগৰাকী যুৱতীয়ে মুছলিম সম্প্ৰদায়ৰ এজন যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ হয় । যুৱতীগৰাকীৰ পিতৃয়ে উচ্চ ন্যায়ালয়ত এক আবেদন জৰিয়তে অভিযোগ তোলে যে, তেওঁ কন্যাক বলপূৰ্বভাৱে মুছলিম সম্প্ৰদায়ৰ যুৱকজনে অপহৰণ কৰিছে ।

উচ্চ ন্যায়ালয়ে এই গোচৰৰ তদন্তৰ দায়িত্ব চি আই ডিক অৰ্পণ কৰে । অৱশ্যে তদন্তত এই ঘটনা 'লাভ জেহাদ' আখ্যা দিব পৰাকৈ কোনো তথ্য উদ্ধাৰ হোৱা নাছিল । যুৱতীগৰাকীয়ে স্ব-ইচ্ছাৰে ধৰ্মান্তৰণ কৰা আৰু বিবাহপাশত আবদ্ধ হোৱাৰ কথাহে তদন্তত পোহৰলৈ আহে । ইয়াৰ পিছৰে পৰা ৰাজ্যখনত 'লাভ জেহাদ'ৰ প্ৰসংগ বাৰে বাৰে উত্থাপন হয় । ২০১১ চনত বিজেপি চৰকাৰৰ শাসন কালত বিধানসভাত 'লাভ জেহাদ' বিতৰ্কৰ মূল বিষয় হৈ পৰে । বিজেপি বিধায়ক মল্লিকা প্ৰসাদে দাখিল কৰা এক প্ৰতিবেদনত উল্লেখ থকা অনুসৰি, দক্ষিণ কান্নাড়া জিলাৰ ৮৪ গৰাকী যুৱতী সন্ধানহীন হৈ আছিল ।

২০১৭ চনত এগৰাকী হিন্দু যুৱতীৰ পিতৃয়ে শিৱমোগ্গা আৰক্ষী থানাত তেওঁৰ কন্যাক বলপূৰ্বকভাৱে ধৰ্মান্তৰ কৰা অভিযোগ তুলি গোচৰ ৰুজু কৰে । ২০১৮ চনত কাচৰগোডস্থিত এটা হিন্দু সমৰ্থকৰ সংগঠনৰ নেতাৰ কন্যাই মুছলিম সম্প্ৰদায়ৰ যুৱকৰে সম্পৰ্ক স্থাপন কৰাৰো অভিযোগ উত্থাপিত হৈছিল । আইন মতে, সামূহিক ৰূপান্তৰকৰণ সামজিক সংগঠনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু পঞ্জীয়ন বাতিল কৰা হ'ব । ইয়াৰ বাবে সামজিক সংগঠনটোৱে ৫০,০০০ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব আৰু আয়োজকে ৩-১০ বছৰ পৰ্যন্তকাৰাবাস খাটিবলগীয়া হ'ব । এই আইন মতে, বিবাহৰ বাবে নিজ ইচ্ছাৰে ধৰ্ম পৰিৱৰ্তন কৰিব বিচৰা সকলে বিবাহৰ দুমাহৰ পূৰ্বে জিলা দণ্ডাধীশক এই বিষয়ে অৱগত কৰিব লাগিব ।

যদি দণ্ডাধীশে অনুমতি দিয়ে তেন্তে ব্যক্তিগৰাকীয়ে বিবাহপাশত আবদ্ধ হ'ব পাৰিব । এই নিয়ম ভংগকাৰীক ৬ মাহৰ পৰা ৩ বছৰ পৰ্যন্ত কাৰাদণ্ডেৰে দণ্ডিত কৰা হ'ব । লগতে ১০,০০০ টকা জৰিমনাও বিহিব । বিশেষজ্ঞৰ পৰা বিধিসন্মত পৰামৰ্শ লোৱাৰ পিছতে বিজেপি চৰকাৰে 'লাভ জেহাদ'ৰ বিৰুদ্ধে এখন নতুন আইনৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে গৃহ বিভাগে । এলাহাবাদ আৰু কৰ্ণাটক উচ্চ ন্যায়ালয়ে স্পষ্টভাৱে ৰায় দিছে যে, প্ৰাপ্তবয়স্ক যুৱক-যুৱতীৰ নিজৰ জীৱনসংগী নিজে বাচি লোৱাৰ অধিকাৰ আছে । মধ্য প্ৰদেশ, হাৰিয়ানা, অসমৰ দৰে ৰাজ্যসমূহেও নতুন আইন প্ৰণয়নৰ বাবে চিন্তা-চৰ্চা কৰি আছে ।

লগতে পঢ়ক:চেন্ট্ৰেল ভিস্তা প্ৰজেক্টঃ নিৰ্মাণ কাৰ্য অব্যাহত ৰখাক লৈ কেন্দ্ৰক ভৎসৰ্না উচ্চতম ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.