ETV Bharat / bharat

Karnataka Election results : ৰাহুল গান্ধীয়ে হ'ব পৰৱৰ্তী প্ৰধানমন্ত্ৰী;সিদ্দৰামাইয়া

কৰ্ণাটকত কংগ্ৰেছৰ বিজয়ত উৎসাহিত হৈ জ্যেষ্ঠ নেতা সিদ্দাৰামাইয়াই কয় যে এইটো ধৰ্মনিৰপেক্ষ দলৰ বিজয় (Congress win Karnataka election)। তেওঁ আশা ব্যক্ত কৰি কয় যে ৰাহুল গান্ধীয়ে ২০২৪ চনত প্ৰধানমন্ত্ৰী হ'ব ।

author img

By

Published : May 13, 2023, 5:12 PM IST

Karnataka Election results
ৰাহুল গান্ধীয়ে হ'ব পৰৱৰ্তী প্ৰধানমন্ত্ৰী

নেশ্যনেল ডেস্ক,১৩ মে': কৰ্ণাটকত চৰকাৰ গঠনৰ বাবে সাজু হৈছে কংগ্ৰেছ দল (Karnataka Election results)। শনিবাৰে নিৰ্বাচনৰ ফলাফল দেখাৰ পাচতে কংগ্ৰেছ নেতা সিদ্দাৰামাইয়াই কয় যে কৰ্ণাটকৰ ৰাইজৰ সঁহাৰি দেখি তেওঁ আশাবাদী যে ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী হ'ব । তেওঁৰ মতে আগন্তুক লোকসভা নিৰ্বাচনতো ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব । ২০১৪ আৰু ২০১৯ ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থীয়েই ২০২৪ নিৰ্বাচনৰ বাবেও প্ৰধানমন্ত্ৰী প্ৰাৰ্থী হ’ব ।

কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ফলাফলক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে জনাদেশ হিচাবে অভিহিত কৰি সিদ্দাৰামাইয়াই কয় যে এই নিৰ্বাচন অহা বছৰৰ লোকসভা নিৰ্বাচনৰ বাবে এক মাইলৰ খুঁটি হ'ব (Siddaramaiah on PM candidate)। তেওঁ আশা প্ৰকাশ কৰি কয় যে সকলো অ-বিজেপি দল একত্ৰিত হ'ব । ইতিমধ্যে বিজেপি পৰাজিত হৈছে আৰু আশা কৰে যে ৰাহুল গান্ধীয়ে দেশৰ প্ৰধানমন্ত্ৰী হ'ব ।

সিদ্দাৰামাইয়াইৰ মতে এয়া নৰেন্দ্ৰ মোডী, অমিত শ্বাহ আৰু জে পি নাড্ডাৰ বিৰুদ্ধে জনাদেশ । তেওঁ উল্লেখ কৰা মতে প্ৰধানমন্ত্ৰীয়ে ২০ বাৰকৈ কৰ্ণাটক ভ্ৰমণ কৰিছিল । পূৰ্বে কোনো প্ৰধানমন্ত্ৰীয়ে এনেদৰে প্ৰচাৰ চলোৱা নাছিল বুলিও তেওঁ উল্লেখ কৰে ।

সিদ্দাৰামাইয়াই টুইট কৰি কয় যে কংগ্ৰেছে ১৩০ খন আসন অতিক্ৰম কৰিব । এইটো কংগ্ৰেছ দলৰ বাবে এক বৃহৎ বিজয় । কৰ্ণাটকৰ মানুহে এটা পৰিৱৰ্তন বিচাৰিছিল কিয়নো তেওঁলোক বিজেপি চৰকাৰৰ সৈতে অতিষ্ঠ হৈ পৰিছিল । বিজেপিয়ে অপাৰেচন 'লোটাছ'ত যথেষ্ট ধন খৰচ কৰিছিল । ৰাহুলৰ পদযাত্ৰাই দলটোৰ উৎসাহী কেডাৰকো সহায় কৰিছিল বুলি সিদ্দাৰামাইয়াই কয় । কৰ্ণাটকৰ জনসাধাৰণে এক স্থিৰ চৰকাৰ বিচাৰিছিল যি প্ৰতিশ্ৰুতি অনুসৰি কাম কৰে আৰু সেয়েহে কংগ্ৰেছক ৰাইজে জয়ী কৰাইছে বুলি তেওঁ উল্লেখ কৰে ।

উল্লেখ্য যে কৰ্ণাটকত কংগ্ৰেছৰ বিজয়ৰ পাচতে এতিয়া মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীক লৈ কংগ্ৰেছত চৰ্চা চলিছে । মুখ্যমন্ত্ৰীৰ অন্যতম দাবীদাৰ হৈছে কংগ্ৰেছ নেতা সিদ্দাৰামাইয়া । অৱশ্যে বহুতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰৰ নামো চৰ্চালৈ আনিছে ।

লগতে পঢ়ক :Chief Minister race in Karnataka: কোন বহিব কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.