ETV Bharat / bharat

Karnataka Landslide: কৰ্ণাটকৰ ভূমিস্খলনত কেৰালাৰ তিনি শ্ৰমিকৰ মৃত্যু - কৰ্ণাটকৰ ভূমিস্খলনত কেৰালাৰ তিনি শ্ৰমিকৰ মৃত্যু

কৰ্ণাটকৰ বাণ্টৱালত ভয়ংকৰ ভূমিস্খলন (Landslide in Karnataka)। কেৰালাৰ তিনিজন শ্ৰমিক নিহত । আন এজন শ্ৰমিক গুৰুতৰভাৱে আহত । কেইবাখনো জিলাত ধাৰাষাৰ বৰষুণৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে প্ৰশাসনে ।

Karnataka Landslide
কৰ্ণাটকৰ ভূমিস্খলনত কেৰালাৰ তিনি শ্ৰমিকৰ মৃত্যু
author img

By

Published : Jul 7, 2022, 6:11 PM IST

নেশ্যনেল ডেস্ক,৭ জুলাই : অসমৰ পাছত এইবাৰ প্ৰকৃতিৰ ৰোষত কৰ্ণাটক । ৰাজ্যখনৰ বিভিন্ন স্থানত ধাৰাষাৰ বৰষুণ হোৱা দেখা গৈছে (Heavy rains in Karnataka)। আনকি আগন্তুক কেইবাদিনলৈ ৰাজ্যখনত ধাৰাষাৰ বৰষুণ হোৱাৰো আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই । যাৰ বাবে কেইবাখনো জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে ।

ৰাজ্যবাসীয়ে বানপানী আৰু ভূমিস্খলনৰ আশংকাত থকাৰ সময়তে নিশা দক্ষিণ কৰ্ণাটকৰ বাণ্টৱাল মহকুমাৰ পাঞ্জিকাললু গাঁৱৰ মুক্কুদাৰ ওচৰত ভয়ংকৰ ভূমিস্খলন । য'ত নিহত কেৰালাৰ তিনিগৰাকী শ্ৰমিক (3 workers died in Karnataka landslide)। মৃত শ্ৰমিক কেইজন ক্ৰমে কোট্টায়াম অঞ্চলৰ বাবু, পালাক্কাডৰ বিজু আৰু আলাপুঝাৰ সন্তোষ বুলি চিনাক্ত কৰা হৈছে ।

ভূমিস্খলনৰ ফলত জনি নামৰ কান্নুৰৰ এগৰাকী শ্ৰমিকো আহত হয় । আহত শ্ৰমিকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । শ্ৰমিকসকলে ৰবৰ খেতিত কাম কৰিবলৈ কৰ্ণাটকলৈ আহিছিল আৰু পাঞ্জিকাললু গাঁৱত বাস কৰি আছিল বুলি জানিব পৰা গৈছে । ইফালে ভূমিস্খলনৰ পাছতে ততালিকে দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তৰফৰ পৰা উদ্ধাৰ অভিযান চলোৱা হৈছিল ।

উল্লেখ্য যে নিশা প্ৰায় ৯.৩০ মান বজাত এই ভূমিস্খলন হৈছিল । লগে লগে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী, বান্টৱাল নগৰ আৰক্ষী আৰু স্থানীয় লোক সকল উপস্থিত হৈছিল । আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰ কৰিবলৈ তেওঁলোকে একেলকে অভিযান আৰম্ভ কৰিছিল ।

কিন্তু দুৰ্ভাগ্যজনকভাৱে এই ঘটনা তিনিজন শ্ৰমিকৰ মৃত্যু হয় । ইফালে কৰ্ণাটকৰ উপকূলীয় চহৰসমূহত বানপানী আৰু ভূমিস্খলনৰ আশংকা বৃদ্ধি পাইছে । বহুতো জিলা প্ৰশাসনে বিদ্যালয় আৰু মহাবিদ্যালয় কেইদিনৰ বাবে বন্ধ ৰখাৰো সিদ্ধান্ত লৈছে ।

লগতে পঢ়ক :কৰ্ণাটকত ৰেড এলাৰ্ট: শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.