নিউজ ডেস্ক, 11 জানুৱাৰী: শিক্ষানুষ্ঠানত হিজাব নিষিদ্ধ কৰাৰ পাচত কৰ্ণাটকৰ বহু মুছলমান ছোৱালী নিজৰ শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছে ৷ নাগৰিক সমাজৰ এক প্ৰতিবেদনত কোৱা হৈছে এই কথা (Hijab ban deprived Muslim women) ৷ প্ৰতিবেদনখন প্ৰকাশ কৰিছে পিপলচ্ ইউনিয়ন ফৰ চিভিল লিবাৰ্টিছ, কৰ্ণাটক নামৰ সংস্থাটোৱে ৷ য’ত মুছলিম ছাত্ৰীসকলৰ ক্ষতিপূৰণ ৰাজ্য চৰকাৰে ভৰিব লাগিব বুলি উল্লেখ কৰা হৈছে ৷
প্ৰতিবেদনটোৰ মতে, শিক্ষাৰ দুৱাৰ বন্ধ কৰি কৰ্ণাটকৰ মুছলমান ছাত্ৰীৰ অধিকাৰ উলংঘন কৰা হৈছে ৷ ৰাজ্য চৰকাৰৰ নিষেধাজ্ঞা বজাই ৰাখি উচ্চ ন্যায়ালয়ে দিয়া ৰায়ত কোনো শিক্ষানুষ্ঠানক তাৎক্ষণিকভাৱে হিজাব নিষিদ্ধ কৰিবলৈ নিৰ্দেশ দিয়া হোৱা নাছিল ৷ অৱশ্যে, শিক্ষানুষ্ঠানসমূহ হঠাতে অৱৰোধ কৰা হৈছিল (Report about Karnataka Hijab ban) ৷
প্ৰতিবেদনত কোৱা হৈছে যে বিদ্যালয়, পি ইউ মহাবিদ্যালয় আৰু স্নাতক মহাবিদ্যালয়সমূহে ছাত্ৰীসকলৰ অধিকাৰক সন্মান নকৰাকৈ হিজাবৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে (Karnataka hijab ban) । "মহাবিদ্যালয় শিক্ষা বিভাগ আৰু শিক্ষা বিভাগে স্পষ্ট কৰিব লাগে যে, কৰ্ণাটক উচ্চ ন্যায়ালয়ে সকলো বিদ্যালয়তে হিজাব পিন্ধা নিষিদ্ধ কৰা নাই । শিক্ষানুষ্ঠানসমূহত হিজাবৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা উচিত" ।
প্ৰতিবেদনখনত লগতে কোৱা হৈছে যে, শিক্ষা বিভাগে মহাবিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে এনে বৈষম্য সন্দৰ্ভত কোনো আইনী ব্যৱস্থা লোৱা নাছিল । পি ইউ চি এলে ৰাজ্যখনৰ পাঁচখন জিলা যেনে হাছান, দক্ষিণ কানাড়া, উদুপী, শিমোগা আৰু ৰাইচুড়ত হিজাপ সন্দৰ্ভত অধ্যয়ন চলোৱাৰ পিচত এই প্ৰতিবেদন প্ৰস্তুত কৰিছিল । গৱেষণা দলটোৱে কয় যে, তেওঁলোকে পি ইউ মহাবিদ্যালয়, স্নাতক মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে হিজাব নিষেধাজ্ঞাৰ বিষয়ে তেওঁলোকৰ মতামত জানিবলৈ বাৰ্তালাপ কৰিছিল ।
মুছলমান ছাত্ৰীসকলৰ প্ৰতিক্ৰিয়াৰ ভিত্তিত প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, মুছলমান ছাত্ৰীৰ মৌলিক অধিকাৰ খৰ্ব কৰা হৈছে (constitutional right to education) । প্ৰতিবেদনত লগতে দাবী কৰা হৈছে যে, জিলা প্ৰশাসন, শিক্ষা বিভাগ আৰু আৰক্ষীয়ে নিজৰ সাংবিধানিক বাধ্যবাধকতা উলংঘা কৰিছে । প্ৰতিবেদন অনুসৰি, মুছলমান ছাত্ৰীৰ সহপাঠী আৰু বন্ধু-বান্ধৱীয়ে হিজাবৰ বিৰোধিতা প্ৰকাশ কৰি ভুক্তভোগী ছাত্ৰ-ছাত্ৰীক স্তম্ভিত কৰি তুলিছে ।
‘‘তেওঁলোকে হঠাতে স্কুল, সহপাঠী আৰু শিক্ষকৰ সমৰ্থন হেৰুৱাই পেলাইছে । লগতে, ক্ষতিগ্ৰস্ত ছাত্ৰীসকল মানসিকভাৱে হাতাশগ্ৰস্ত হৈ পৰিছে । মুছলমান সম্প্ৰদায়ে অকলেই এই সংকটৰ সন্মুখীন হৈছে’’ বুলি প্ৰতিবেদনত কোৱা হৈছে । ইয়াত আৰু কোৱা হৈছে যে, ভাৰতীয় নাগৰিকৰ গৰিষ্ঠসংখ্যকে তেওঁলোকৰ মৌলিক অধিকাৰ সুৰক্ষাৰ বাবে তেওঁলোকৰ সৈতে কান্ধত কান্ধ মিলাই থিয় দিব লাগিছিল (Hijab ban deprived women of right to education)।
হিজাব নিষিদ্ধ হোৱাৰ বাবে বহুতো মুছলমান ছাত্ৰীয়ে পৰীক্ষাত বহাৰ অধিকাৰ হেৰুৱাইছে আৰু তাৰ ফলস্বৰূপে শিক্ষাবৰ্ষৰ পৰা বঞ্চিত হৈছে বুলি প্ৰতিবেদনত কোৱা হৈছে । "ছাত্ৰীসকল শিকাৰ সুযোগৰ পৰা বঞ্চিত হৈছে । ইয়াৰ ফলত ছাত্ৰীসকলৰ মনস্তাত্ত্বিক দিশত বিৰূপ প্ৰভাৱ পৰিছে" (Karnataka Hijab ban news) ।
এজন মুছলমান ছাত্ৰৰ উদ্ধৃতিৰে প্ৰতিবেদনত কোৱা হৈছে যে, "সেই সময়ত আমাৰ হাতত কোনো বিকল্প নাছিল । আন এখন কলেজলৈ বদলি কৰাটো সম্ভৱ নাছিল । গতিকে আমি হিজাব আঁতৰাবলৈ বাধ্য হ'লোঁ ।" ২০২২ চনৰ প্ৰথম মাহকেইটাত প্ৰি-ইউনিভাৰ্চিটি কলেজ উদুপীয়ে মুছলমান ছাত্ৰীক হিজাব পিন্ধাত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছত হিজাবৰ বিবাদে শিৰোনাম দখল কৰিছিল ।
পিছত ৰাজ্যজুৰি বিয়পি পৰে এই প্ৰতিবাদ । কৰ্ণাটক উচ্চ ন্যায়ালয়ে ২০২২ চনৰ ১০ ফেব্ৰুৱাৰীত মুছলমান ছাত্ৰ-ছাত্ৰীৰ আবেদনৰ শুনানি গ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলক “শ্ৰেণীকোঠাৰ ভিতৰত চাদৰ, স্কাৰ্ফ, হিজাব, ধৰ্মীয় পতাকা বা তেনেধৰণৰ পতাকা” পৰিধান কৰাত বাধা আৰোপ কৰে ।
লগতে পঢ়ক: Bihar Rape case: জ্যেষ্ঠ আইএএছ বিষয়া আৰু প্ৰাক্তন আৰজেডি বিধায়কৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ