ETV Bharat / bharat

নিযুক্তিৰ ক্ষেত্ৰত তৃতীয় লিংগৰ ব্যক্তিৰ বাবে আসন সংৰক্ষণ

author img

By

Published : Jul 8, 2021, 9:42 AM IST

চৰকাৰী চাকৰিত নিযুক্তিৰ ক্ষেত্ৰত যিকোনো বিভাগ, পদ আদিত তৃতীয় লিংগৰ ব্যক্তিৰ বাবে ১ শতাংশ আসন সংৰক্ষণ কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে । প্ৰত্যক্ষ নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে খালী পদসমূহ পূৰণ কৰা হ'ব ।

Karnataka govt reserves 1 percent vacancies for transgenders
কৰ্ণাটকত নিযুক্তিৰ ক্ষেত্ৰত তৃতীয় লিংগৰ ব্যক্তিৰ বাবে ১ শতাংশ আসন সংৰক্ষণ

নেশ্যনেল ডেস্ক, 8 জুলাই : তৃতীয় লিংগৰ ব্যক্তিৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে কৰ্ণাটক চৰকাৰৰ এক সিদ্ধান্তই । এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ অধীনৰ সকলো শ্ৰেণী, সকলো বিভাগ তথা পদৰ নিযুক্তিৰ ক্ষেত্ৰত তৃতীয় লিংগৰ ব্যক্তিৰ বাবে ১ শতাংশ আসন সংৰক্ষণ কৰা হ'ব । মঙলবাৰে এই কথা ঘোষণা কৰে কৰ্ণাটক চৰকাৰে । কৰ্ণাটক অসামৰিক সেৱাৰ সাধাৰণ নিযুক্তিৰ ৯ নং নীতি সংশোধন কৰাৰ সময়ত এই সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰে ।

তৃতীয় লিংগৰ ব্যক্তিৰ ক্ষেত্ৰত প্ৰত্যক্ষ নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে খালী পদসমূহ পূৰণ কৰা হ'ব বুলিও চৰকাৰে ঘোষণা কৰিছে । সাধাৰণ যোগ্যতা, অনুসূচীত জাতি (Scheduled Caste), অনুসূচীত জনজাতি (Scheduled Tribe), আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ (Other Backward Classes) এই সকলো শ্ৰেণীৰ অধীনত পদৰ ক্ষেত্ৰতে এই সংৰক্ষণ ব্যৱস্থা উপলব্ধ হ'ব । ৯ নং নীতিৰ সংশোধনী অনুসৰি, প্ৰতিটো নিযুক্তি কৰ্তৃপক্ষই পুৰুষ, মহিলা আৰু 'অন্যান্য' হিচাপে গ্ৰুপ বি, চি আৰু ডি সঞ্চালকৰ নিযুক্তিৰ বাবে এটা পৃথক স্তম্ভ প্ৰস্তুত কৰা উচিত ।

ৰাজ্য চৰকাৰৰ তৰফৰ পৰা জাৰি কৰা জাননীখনত উল্লেখ কৰা হৈছে যে, কোনো নিযুক্তি কৰ্তৃপক্ষই যাতে যিকোনো শ্ৰেণীৰ পদৰ বাবে বাছনি প্ৰক্ৰিয়াত এগৰাকী তৃতীয় লিংগৰ প্ৰাৰ্থীৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণ কৰিব নোৱাৰে তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

এই নতুন নিয়ম অনুসৰি তৃতীয় লিংগৰ ব্যক্তিৰ বাবে সংৰক্ষিত ১ শতাংশ আসনৰ বাবে যদি পৰ্যাপ্ত সংখ্যক আবেদনকাৰী নাথাকে, তেন্তে এনে পদবোৰ একে শ্ৰেণীৰ পুৰুষ অথবা মহিলা প্ৰাৰ্থীয়ে পূৰণ কৰিব লাগে । তৃতীয় লিংগৰ ব্যক্তিৰ বাবে খালী পদৰ সংৰক্ষণ কৰাৰ বাবে কৰ্ণাটক অসামৰিক সেৱা(সাধাৰণ নিযুক্তি) নিয়ম, ১৯৭৭ সংশোধন কৰা হৈছে । এই জাননীখন যোৱা ১৩ মে'ত জাৰি কৰা হৈছিল আৰু এতিয়া অধিসূচনা প্ৰস্তুত কৰা হৈছে ।

লগতে পঢ়ক: দেশত এতিয়াও উপলব্ধ ১.৬৭ কোটিৰো অধিক ক'ভিড প্ৰতিষেধক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.