নেশ্যনেল ডেস্ক,৪ এপ্ৰিল: কৰ্ণাটকৰ চিক্কাবাল্লাপুৰত জিলেটিন বিস্ফোৰণৰ পিছত ৰাজ্যখনৰে আন এখন গাঁও হাছানত পুনৰ এক অনুৰূপ ঘটনা সংঘটিত হয় । জিলেটিন বিস্ফোৰণৰ ফলত পুনৰ এগৰাকী লোকৰ মৃত্যু হয় । ঘটনাত কেইবাজনো লোক আহত হয় ।
ইফালে ঘটনাৰ পিছতে সেই স্থানত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈছে । আহত সকলক ততাতৈয়াকৈ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । ঘটনাস্থলীত জিলাখনৰ উপ-আৰক্ষী অধীক্ষক নন্দিনী উপস্থিত হৈ পৰিদৰ্শন কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে ।
উপ-আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে বিস্ফোৰক সামগ্ৰী থকা দোকানখনৰ এখন অনুজ্ঞাপত্ৰ আছিল । ঘটনাৰ প্ৰতিক্ৰিয়া কৰি কংগ্ৰেছ নেতা বাগুৰ মঞ্জেগৌড়াই কয় যে বিষয়তো যোৱা মাহতে জিলা কতৃপক্ষৰ দৃষ্টিগোচৰ কৰা হৈছিল কিন্তু কতৃপক্ষই গুৰুত্ব নিদিলে ।