ETV Bharat / bharat

karnataka Poll 2023 : কৰ্ণাটক কংগ্ৰেছৰ সভাপতিৰ হেলিকপ্টাৰত ঈগলৰ খুন্দা

author img

By

Published : May 2, 2023, 5:37 PM IST

নিৰ্বাচনী প্ৰচাৰৰ মাজতে কৰ্ণাটকত অঘটন । কৰ্ণাটক প্ৰদেশ কংগ্ৰে কমিটী সভাপতি ডি কে শিৱকুমাৰৰ হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত (KPCC presidents helicopter accident) । ঈগলৰ খুন্দাত ভাগি যায় হেলিকপ্টাৰখনৰ আইনা । অৱশ্যে সকলো যাত্ৰী নিৰাপদে অৱতৰণ কৰে ।

KPCC presidents helicopter accident
KPCC presidents helicopter accident

নিউজ ডেস্ক, ২ মে' : কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান বৰ্তমান তুংগত (Karnataka election 2023) । কংগ্ৰে-বিজেপি উভয়ে ৰাজ্যখনত প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে । তাৰ মাজতে মঙলবাৰে ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ অভিযানৰ যাত্ৰাপথত সংঘটিত হয় এক অঘটন । অৱশ্যে এই অঘটনৰ পিচত ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে কৰ্ণাটক প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ডি কে শিৱকুমাৰ (KPCC president DK Shivakumar) ।

আকাশীপথেৰে যাত্ৰা কৰি থকাৰ সময়ত শিৱকুমাৰৰ হেলিকপ্টাৰখনত হঠাতে আহি এটা ঈগলে খুন্দা মাৰে । মঙলবাৰে পুৱা বাংগালুৰুৰ এখন ব্যক্তিগত হোটেলত দলৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশৰ অনুষ্ঠান আছিল । উক্ত অনুষ্ঠানত অংশ গ্ৰহণৰ পিচত তেওঁ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিবলৈ কোলাৰৰ মুলাবাগিলুলৈ গৈ আছিল (eagle hits KPCC presidents helicopter) ।

তেনে সময়তে এটা চৰায়ে আহি হস্কোটৰ ওচৰত হেলিকপ্টাৰখনৰ উইণ্ডশ্বিল্ডত খুন্দা মাৰে । চৰাইটোৰ প্ৰচণ্ড খুন্দাৰ ফলত হেলিকপ্টাৰখনৰ আইনা ভাগি পৰে । ইয়াৰ পিছতে ডি কে শিৱকুমাৰে যাত্ৰা কৰি থকা হেলিকপ্টাৰখনে ততাতৈয়াকৈ জৰুৰী অৱতৰণ কৰে (DK Shivakumars helicopter hit by eagle) ।

ইয়াৰ পিছতে তেওঁ হেলিকপ্টাৰ যাত্ৰা বাতিল কৰে । তাৰ পৰা কেপিচিচিৰ সভাপতিগৰাকীয়ে পথযোগে কোলাৰ জিলাৰ দুৱাৰমুখ সদৃশ স্থানত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভালৈ যাত্ৰা কৰে । উল্লেখ্য যে, হেলিকপ্টাৰখনত পাইলটসহ সাতজন লোকে যাত্ৰা কৰি আছিল । দুৰ্ঘটনাটোৰ পিছত হেলিকপ্টাৰখন পুনৰ যাত্ৰা কৰা স্থানলৈ উভতি আহি সুকলমে অৱতৰণ কৰে । হেলিকপ্টাৰখনে যাত্ৰা আৰম্ভ কৰাৰ ১০ মিনিট পিচতে এই অঘটনটো সংঘটিত হয় ।

জানিব পৰা মতে, উক্ত ঘটনাটোৰ ফলত কোনো ডাঙৰ বিপদ সংঘটিত হোৱা নাই । আনহাতে, হেলিকপ্টাৰখনৰ যাত্ৰাপথত এটা ব্যক্তিগত সংবাদ মাধ্যমৰ সাক্ষাৎকাৰো চলি আছিল । অৱশ্যে উক্ত সাক্ষাৎকাৰৰ চিত্ৰগ্ৰহণ কৰি থকা এজন টিভি কেমেৰামেন আৰু ডি কে শিৱকুমাৰৰ সৈতে ভ্ৰমণ কৰি থকা তেওঁৰ ৰাজনৈতিক উপদেষ্টা অমিত পালিয়া সামান্যভাৱে আঘাতপ্ৰাপ্ত হয় ।

"মুলবাগাললৈ গা থকা অৱস্থাত আমাৰ হেলিকপ্টাৰখন দুৰ্ঘটনাত পতিত হয় । তাৰ ফলত মোৰ সহযাত্ৰীসকল আঘাতপ্ৰাপ্ত হয় । সকলো ভগৱানৰে ইচ্ছা । কুশলে ৰখাৰ বাবে ঈশ্বৰক ধন্যবাদ । মই সুৰক্ষিত । জৰুৰী অৱতৰণত দ্ৰুত সঁহাৰি প্ৰদানৰ বাবে মই পাইলটজনক ধন্যবাদ জনাইছোঁ । এতিয়া পথযোগে মুলবাগাললৈ যাত্ৰা কৰি আছোঁ ।" কেপিচিচিৰ সভাপতি ডি কে শিৱকুমাৰে এটা টুইটত প্ৰকাশ কৰিছে ।

লগতে পঢ়ক :Karnataka Poll Manifesto of Congress : কৰ্ণাটকত বিনামূলীয়া বাছ যাত্ৰা, বিদ্যুতৰ প্ৰতিশ্ৰুতি কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.