ETV Bharat / bharat

CBI Investigation against agriculture minister: কৃষিমন্ত্ৰীৰ বিৰুদ্ধে উৎকোচ অভিযোগৰ চিআইডি তদন্তৰ নিৰ্দেশ কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ

author img

By

Published : Aug 8, 2023, 10:51 PM IST

কৰ্ণাটকৰ কৃষিমন্ত্ৰী চালুভাৰায় স্বামীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ তুলি পত্ৰ প্ৰেৰণ কৰিছিল মাণ্ডিয়া জিলাৰ কৃষি বিষয়া ৷ "বিতৰ্কিত" পত্ৰখনৰ সন্দৰ্ভত কৃষিমন্ত্ৰী চালুভাৰায় স্বামীয়ে মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়া আৰু উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে মত বিনিময় কৰি তদন্ত কৰিবলৈ আহ্বান জনায়।

CBI Investigation against agriculture minister
কৃষিমন্ত্ৰীৰ বিৰুদ্ধে উৎকোচ অভিযোগৰ চিআইডি তদন্তৰ নিৰ্দেশ কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্ক, ৮ আগষ্ট: কৰ্ণাটকৰ কৃষিমন্ত্ৰী চালুভাৰায় স্বামীৰ বিৰুদ্ধে মাণ্ডিয়া জিলাৰ কৃষি বিষয়াই লিখা অভিযোগ পত্ৰৰ চিআইডি তদন্তৰ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে । গৃহমন্ত্ৰীৰ সৈতে আলোচনাৰ অন্তত মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই এই গোচৰটো চিআইডিক চমজাই দিয়াৰ সিদ্ধান্ত লয় । ইফালে কৃষি বিষয়াসকলে মন্ত্ৰী চালুৱৰায়াস্বামীৰ বিৰুদ্ধে ৰাজ্যপালৰ ওচৰত অভিযোগ দাখিল কৰিছে বুলি ইতিমধ্যে ছ’চিয়েল মিডিয়াত এখন পত্ৰ প্ৰচাৰিত হৈছে । এই সন্দৰ্ভত এতিয়া শাসক-বিৰোধীৰ মাজত অভিযোগ প্ৰতিঅভিযোগ আৰম্ভ হৈছে ।

‘প্ৰণালীবদ্ধ ষড়যন্ত্ৰ’- চালুভাৰয়া স্বামী: এই সন্দৰ্ভত ইপিনে কৃষিমন্ত্ৰী চালুভাৰায় স্বামীয়ে মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়া আৰু উপ মুখ্যমন্ত্ৰী ডিকে শিৱকুমাৰক সাক্ষাৎ কৰি পত্ৰখনৰ তদন্তৰ বাবে অনুৰোধ জনায় । আবেদনখনত মন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে যে, "যোৱা দুমাহত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত সংখ্যাগৰিষ্ঠতাৰে কংগ্ৰেছ চৰকাৰ ক্ষমতালৈ অহাৰ পিছত হতাশ হৈ পৰা একাংশ ৰাজনৈতিক বিৰোধী আৰু দুষ্কৃতিকাৰীয়ে ষড়যন্ত্ৰ ৰচনা কৰি মিছা অভিযোগ উত্থাপন কৰিছে । এয়া চৰকাৰ আৰু মোক বদনাম কৰাৰ পদ্ধতিগত ষড়যন্ত্ৰ বুলি উল্লেখ কৰে কৃষিমন্ত্ৰী চালুভাৰায় স্বামীয়ে ।"

কংগ্ৰেছ দলৰ জনপ্ৰিয়তাবাদী আঁচনি ৰূপায়ণত হতাশ হৈ একাংশ নিবনুৱা ৰাজনীতিবিদে সমাজৰ বাবে ক্ষতিকাৰক দুষ্কৃতিকাৰীক সহযোগিতা কৰি বিভাগীয় বিষয়াৰ নাম ব্যৱহাৰ কৰি সত্যৰ পৰা বহু দূৰৈত কাল্পনিক কাহিনী সৃষ্টি কৰিছে । ৰাজ্যপাল আৰু অন্যান্য সাংবিধানিক সংস্থালৈ ভুৱা চিঠি জমা দি তেওঁলোকে উচটনিমূলক আচৰণ দেখুৱাইছে । ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাটো প্ৰয়োজনীয় । অন্যথা জনপ্ৰতিনিধি আৰু বিষয়াসকলে নিৰ্ভয়ে ৰাইজৰ বাবে নিজৰ কৰ্তব্য পালন কৰাত অসুবিধাৰ সৃষ্টি হ’ব ।’ কৃষিমন্ত্ৰী চালুভাৰায় স্বামীয়ে কয় ।

লগতে পঢ়ক: ED notice: মুখ্যমন্ত্ৰীলৈ প্ৰৱৰ্তন সঞ্চালকালয়ৰ জাননী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.