ETV Bharat / bharat

AICC chief to choose next Karnataka CM : সিদ্দাৰামাইয়া নে শিৱকুমাৰ হ’ব কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী- ভাগ্য নিৰ্ণয় কৰিব খাৰ্গেয়ে - কৰ্ণাটকত নতুন মুখ্যমন্ত্ৰী

কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীক লৈ ৰাজ্যত চলি আছে বহু জল্পনা-কল্পনা ৷ তথ্য অনুসৰি, সিদ্দাৰমাইয়া নাইবা ডি কে শিৱকুমাৰ হ’ব পৰৱৰ্তী মুখ্যমন্ত্ৰী (Karnataka CM Ccandidate) ৷ সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে ।সূত্ৰ অনুসৰি, চিদ্দাৰামায়াই প্ৰথম দুবছৰ মুখ্যমন্ত্ৰী হিচাবে অব্যাহত থাকিব। কেপিচিচিৰ সভাপতি ডি কে শিৱকুমাৰে অহা তিনি বছৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিব । (AICC chief to choose next Karnataka CM) ৷

AICC chief to choose next Karnataka CM
কোন হ’ব কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ?
author img

By

Published : May 14, 2023, 10:10 PM IST

Updated : May 14, 2023, 10:16 PM IST

নেশ্যনেল ডেস্ক, 14 মে’ : কোন হ’ব কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী (Karnataka CM Ccandidate)? এই লৈ দেশৰ ৰাজনীতিত চলি আছে সৰৱ চৰ্চা ৷ ইয়াৰ মাজতে ৰাজনৈতিক ক্ষেত্ৰখনৰ পৰা আহিছে এক বিশেষ খবৰ ৷ কৰ্ণাটক কংগ্ৰেছ বিধানসভা দলে সৰ্বসন্মতিক্ৰমে কংগ্ৰেছ বিধানসভা দলৰ নেতাৰ নিৰ্বাচন এআইচিচিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ ওপৰত এৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে (AICC chief to choose next Karnataka CM)।

ইয়াৰ পূৰ্বে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে কৰ্ণাটকত কংগ্ৰেছ বিধানসভা দলৰ নেতা নিৰ্বাচনৰ বাবে জ্যেষ্ঠ নেতা সুশীলকুমাৰ সিন্দে, জিতেন্দ্ৰ সিং আৰু দীপক বাবাৰিয়াক পৰ্যবেক্ষক হিচাবে নিযুক্তি দিছিল । কংগ্ৰেছ বিধানসভা দলৰ বৈঠকত নেতা বাছনি সন্দৰ্ভত এই সিদ্ধান্ত লোৱা হৈছে ।

দেওবাৰে বেংগালুৰুৰ এখন হোটেলত অনুষ্ঠিত এখন বৈঠকৰ সময়ত চি এল পিয়ে একক শাৰীৰ প্ৰস্তাৱ গৃহীত কৰে (CLP passed a single line resolution) । কৰ্ণাটকৰ সকলো নৱ-নিৰ্বাচিত কংগ্ৰেছ বিধায়কে চৰকাৰ গঠনৰ এই আলোচনাত অংশগ্ৰহণ কৰে । ইয়াৰ পূৰ্বে কংগ্ৰেছে কৰ্ণাটকত নতুন মুখ্যমন্ত্ৰী নিৰ্বাচনৰ বাবে অনুষ্ঠিত হ’বলগীয়া গুৰুত্বপূৰ্ণ বিধায়িনী দলৰ বৈঠকৰ পূৰ্বে জ্যেষ্ঠ নেতা সুশীল কুমাৰ সিন্দেকে ধৰি তিনিজন কেন্দ্ৰীয় পৰ্যবেক্ষক নিযুক্তি দিছিল ৷

বেংগালুৰুৰ শ্বাংগ্ৰী-লা হোটেলত নেতাসকল উপস্থিত হোৱাৰ পিচতে এই বৈঠক আৰম্ভ হয় । মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সিন্দেৰ উপৰিও আন পৰ্যবেক্ষকসকল হৈছে দলৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং আৰু এআইচিচিৰ প্ৰাক্তন সাধাৰণ সম্পাদক দীপক বাবাৰিয়া ।

লগতে পঢ়ক : Banner of Next CM in Karnataka : কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীক লৈ কংগ্ৰেছৰ পোষ্টাৰ যুদ্ধ !

এআইচিচিৰ সাধাৰণ সম্পাদক কে চি ভেনুগোপালে কয় যে কেন্দ্ৰীয় পৰ্যবেক্ষকে কংগ্ৰেছ বিধানসভা দলৰ বৈঠক চোৱাচিতা কৰিব । ‘‘মাননীয় কংগ্ৰেছ সভাপতি ডাঙৰীয়াই কৰ্ণাটকৰ চিএলপি নেতা, 2019 ৰ নিৰ্বাচনৰ বাবে শ্ৰীযুত সুশিলকুমাৰ সিন্দে (প্ৰাক্তন মুখ্যমন্ত্ৰী, মহাৰাষ্ট্ৰ), শ্ৰী জিতেন্দ্ৰ সিং (এআইচিচি জিএছ) আৰু শ্ৰী দীপক বাবাৰিয়া (প্ৰাক্তন এআইচিচি জিএছ)ক পৰ্যবেক্ষক হিচাপে প্ৰতিনিধিত্ব কৰিছে ।’’ টুইটযোগে ভেনুগোপালে সদৰী কৰে এই কথা ৷

ইয়াৰ পূৰ্বে চিএলপিৰ বৈঠকৰ সন্দৰ্ভত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে দিল্লীত সংবাদ মাধ্যমৰ আগত কয়, "আমাৰ পৰ্যবেক্ষকসকল বেংগালুৰুলৈ গৈছে ৷ তেওঁলোকে উপস্থিত হোৱাৰ পিচত চিএলপিৰ বৈঠক হ'ব । চিএলপিৰ বৈঠকৰ পিচত তেওঁলোকে নিজৰ মতামত হাইকমাণ্ডৰ সৈতে আলোচনা কৰিব ৷ তাৰ পিচত হাইকমাণ্ডে ইয়াৰ পৰাই নিজৰ সিদ্ধান্ত প্ৰেৰণ কৰিব’’ ।

জানিব পৰা মতে, বেংগালুৰুত আয়োজিত এই সভাত কংগ্ৰেছৰ 135 গৰাকী বিধায়কে অংশগ্ৰহণ কৰে । বিৰোধী দলৰ নেতা সিদ্দাৰমৈয়া, কেপিচিচিৰ সভাপতি ডি কে শিৱকুমাৰ, এআইচিচিৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুনা খাৰ্গে, কংগ্ৰেছ প্ৰচাৰ সমিতিৰ সভাপতি এম বি পাটিল, ইস্তাহাৰ সমিতিৰ সভাপতি ড৹ জি পৰমেশ্বৰ, জ্যেষ্ঠ বিধায়ক আৰভি দেশপাণ্ডে, এইচ কে পাটিল, কেপিচিচিৰ প্ৰাক্তন সভাপতি দীনেশ গুণ্ডুৰাও, জ্যেষ্ঠ লিংগায়ত নেতা শমনুৰ শিৱশংকৰপ্পাকে আদি আন কেবাজনো নেতা মুখ্যমন্ত্ৰীৰ এই দৌৰত আছে বুলি জানিব পৰা গৈছে ।

সিদ্দাৰমাইয়া নাইবা ডি কে শিৱকুমাৰই পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে । সূত্ৰ অনুসৰি, চিদ্দাৰামায়াই প্ৰথম দুবছৰ মুখ্যমন্ত্ৰী হিচাবে অব্যাহত থাকিব। কেপিচিচিৰ সভাপতি ডি কে শিৱকুমাৰে অহা তিনি বছৰ মুখ্যমন্ত্ৰী হিচাবে কাৰ্যনিৰ্বাহ কৰিব । ডি কে শিৱকুমাৰৰ নেতৃত্বত 2028 চনৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি তথ্য লাভ কৰা হৈছে । বিধায়িনী দলৰ বৈঠকত নিৰ্বাচিত হোৱা নতুন মুখ্যমন্ত্ৰীয়ে কাইলৈ অৰ্থাৎ সোমবাৰে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাবে শপত গ্ৰহণ কৰিব ।

লগতে পঢ়ক : Next CBI director : কৰ্ণাটকৰ ডিজিপিক চিবিআইৰ পৰৱৰ্তী সঞ্চালক হিচাবে নিযুক্তি

Last Updated : May 14, 2023, 10:16 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.