ETV Bharat / bharat

Karnataka Cabinet expansion : কৰ্ণাটকৰ ৰাজভৱনত ২৪ মন্ত্ৰীৰ শপত গ্ৰহণ - Congress president Mallikarjun Kharge

কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃবৰ্গৰ লগতে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং চুখু আৰু ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে (24 Ministers take oath in Karnataka) ।

Karnataka Cabinet expansion
Karnataka Cabinet expansion
author img

By

Published : May 27, 2023, 2:46 PM IST

নিউজ ডেস্ক, ২৭ মে' : পূৰ্ণতা পালে কৰ্ণাটকৰ সিদ্ধাৰামাইয়া মন্ত্ৰীসভাই । কৰ্ণাটক কেবিনেটৰ সম্প্ৰসাৰণৰ অংশ হিচাপে শনিবাৰে ৰাজভৱনত ২৪ জন কংগ্ৰেছ বিধায়কে শপত গ্ৰহণ কৰে (24 Ministers take oath in Karnataka) । উল্লেখ্য, যোৱা ২০ মে'ত দহজন কেবিনেট মন্ত্ৰীৰ সৈতে ডি কে শিৱকুমাৰক উপ-মুখ্যমন্ত্ৰী হিচাপে লৈ সিদ্ধাৰামাইয়াই কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল (Karnataka Cabinet expansion) ।

শপত গ্ৰহণ কৰা মন্ত্ৰীসকলৰ ভিতৰত গদগ সমষ্টিৰ বিধায়ক তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা এইচ কে পাটিলে সিদ্ধাৰামাইয়া নেতৃত্বাধীন চৰকাৰৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে (Congress MLAs took oath at Karnataka Raj Bhavan) । কৃষ্ণ বাইৰেগৌড়া, এন চালুভাৰায়াস্বামী, কে ভেঙ্কটেশ আৰু ডঃ এইচ চি মহাদেৱাপ্পা ঈশ্বৰ খান্দ্ৰেয়েও কৰ্ণাটকৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । উল্লেখ্য কৰ্ণাটকৰ মন্ত্ৰীসভাত সৰ্বাধিক ৩৪ জন মন্ত্ৰী থাকিব পাৰে ।

কংগ্ৰেছ কেবিনেটে ছয়জন লিঙ্গায়ত, চাৰিজন ভক্কালিগা, তিনিজন অনুসূচিত জাতিৰ, দুজন অনুসূচিত জনজাতিৰ আৰু পাঁচজন অন্যান্য পিছপৰা সম্প্ৰদায়ৰ- কুৰুবা, ৰাজু, মাৰাঠা, এডিগা আৰু মোগাভেৰা আৰু এজন ব্ৰাহ্মণৰ প্ৰতিনিধি ৰাখিছে । আনহাতে, অঞ্চল অনুসৰি প্ৰতিনিধিত্বৰ ক্ষেত্ৰত সাতজনকৈ মন্ত্ৰী পুৰণি মহীশূৰ আৰু কল্যাণ কৰ্ণাটক অঞ্চলৰ, ছয়জন কিট্টুৰ কৰ্ণাটক অঞ্চলৰ আৰু দুজন মধ্য কৰ্ণাটকৰ ।

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ এক চৰকাৰী বিবৃতিত কোৱা হৈছে যে সিদ্ধাৰামাইয়াৰ নতুন কেবিনেটত জাতি আৰু অঞ্চল অনুসৰি প্ৰতিনিধিত্বৰ লগতে জ্যেষ্ঠ আৰু কনিষ্ঠ বিধায়কসকলৰ মাজতো সন্তুলন বজাই ৰখা হৈছে (Karnataka Chief Minister Siddaramaiah) । বিবৃতিটোত লগতে উল্লেখ কৰা হৈছে যে কেবিনেটত আঠজন লিঙ্গায়ত, শিৱকুমাৰৰ সৈতে পাঁচজন ভক্কালিগা আৰু নজন অনুসূচিত জাতিৰ মন্ত্ৰী আছে । শনিবাৰে সন্ধিয়াৰ ভিতৰত শপত গ্ৰহণ কৰা মন্ত্ৰীসকলৰ দপ্তৰ ঘোষণা কৰা হ'ব বুলি ৰাজ্যিক মন্ত্ৰী কে এইচ মুনিয়াপ্পাই কয় ।

উল্লেখ্য, মন্ত্ৰীসভা সম্প্ৰসাৰণ সন্দৰ্ভত সিদ্ধাৰামাইয়া আৰু শিৱকুমাৰে কেন্দ্ৰীয় কংগ্ৰেছৰ শীৰ্ষ নেতাসকলৰ সৈতে দীঘলীয়া আলোচনা কৰে । সিদ্ধাৰামাইয়া মন্ত্ৰীসভাত কাক অন্তৰ্ভুক্ত কৰা হ'ব সেই বিষয়ত আলোচনাৰ সময়ত এআইচিচিৰ সাধাৰণ সম্পাদক কে চি বেণুগোপাল আৰু ৰণদীপ সুৰজেৱালাও উপস্থিত থাকে । আনহাতে, কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে (Congress president Mallikarjun Kharge) আৰু দলৰ প্ৰাক্তন মুৰব্বী ৰাহুল গান্ধীয়ে (congress leader Rahul Gandhi) এই তালিকাখনত চূড়ান্ত সন্মতি প্ৰদান কৰে ।

অৱশ্যে মন্ত্ৰীসকলৰ নামক লৈ সিদ্ধাৰামাইয়া আৰু শিৱকুমাৰৰ মাজত মতভেদ আছিল যদিও আলোচনাৰ জৰিয়তে সেয়া সমাধান কৰা হয় । শপত গ্ৰহণ অনুষ্ঠানত কংগ্ৰেছৰ কেন্দ্ৰীয় নেতাসকলৰ লগতে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং চুখু আৰু ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনেও অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :Vivekananda Reddy murder case : অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তদন্তৰ দাবী চিবিআইৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.