ETV Bharat / bharat

Karnataka Cabinet expansion : কৰ্ণাটকত আজি ২৪ নতুন মন্ত্ৰীৰ শপত গ্ৰহণ - 24 ministers to take oath in Karnataka

মন্ত্ৰীসভা সম্প্ৰসাৰণৰ পূৰ্বে মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়া আৰু উপ-মুখ্যমন্ত্ৰী শিৱকুমাৰে বিগত তিনিদিন ধৰি দিল্লীত বাহৰ পাতি আছিল । এই সময়ছোৱাত দলটোৰ নেতৃবৃন্দৰ সৈতে তেওঁলোক কেইবাবাৰো আলোচনাত মিলিত হয় (Karnataka Cabinet expansion) ।

Karnataka Cabinet expansion
Karnataka Cabinet expansion
author img

By

Published : May 27, 2023, 11:49 AM IST

নিউজ ডেস্ক, ২৭ মে' : শনিবাৰে নৱগঠিত কৰ্ণাটক চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটিব (Karnataka Cabinet expansion) । দক্ষিণ ভাৰতৰ ৰাজ্যখনত কংগ্ৰেছ চৰকাৰে ক্ষমতা গ্ৰহণ কৰাৰ এসপ্তাহ পিছত মন্ত্ৰীসভাত ২৪ জন বিধায়কক কেবিনেট মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ সাজু হৈছে (24 ministers to take oath in Karnataka) । ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াৰ লগতে দহজন কেবিনেট মন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে ২০ মে'ত শপত গ্ৰহণ কৰিছিল । উল্লেখ্য যে কৰ্ণাটক মন্ত্ৰীসভাত সৰ্বমুঠ ৩৪ জন মন্ত্ৰী থাকিব পাৰে ।

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে জনোৱা অনুসৰি, ৰাজভৱনত পুৱা ১১.৪৫ বজাত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ কথা আছে । নতুনকৈ সম্প্ৰসাৰিত কেবিনেটত বিধায়ক এইচ কে পাটিল, কৃষ্ণ বাইৰেগৌড়া, এন চেলুভাৰায়াস্বামী, কে ভেঙ্কটেশ, এইচ চি মহাদেৱাপ্পা, কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ঈশ্বৰ খান্দ্ৰে আৰু ৰাজ্যিক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি দীনেশ গুণ্ডু ৰাও অন্তৰ্ভুক্ত হ'ব (Siddaramaiah ministry expansion) ।

অন্যান্য সকলৰ ভিতৰত ক্যাটাছান্দ্ৰা এন ৰাজান্না, শৰণবাসপ্পা দৰ্শনপুৰ, শিৱানন্দ পাটিল, ৰামাপ্পা বালাপ্পা টিম্মাপুৰ, এছ এছ মল্লিকাৰ্জুন, শিৱৰাজ সংগপ্পা টাংগাদাগী, চৰণপ্ৰকাশ ৰুদ্ৰপ্পা পাটিল, মনকাল বৈদ্য, লক্ষ্মী হেব্বালকাৰ, ৰহিম খান, ডি সুধাকৰ, সন্তোষ লাড, এন এছ বচেৰাজু, সুৰেশ বি এছ, মধু বংগৰাপ্পা, মধু বঙ্গৰাপ্পা, এম চি সুধাকৰ আৰু বি নাগেন্দ্ৰই শপত গ্ৰহণ কৰিব ।

কংগ্ৰেছ সূত্ৰই জনোৱা মতে, লক্ষ্মী হেব্বালকাৰ, মধু বংগৰাপ্পা, ডি সুধাকৰ, চেলুভাৰায়া স্বামী, মনকুল বৈদ্য আৰু এম চি সুধাকৰ হৈছে শিৱকুমাৰৰ অতি ঘনিষ্ঠ । উল্লেখ্য, কংগ্ৰেছ হাইকমাণ্ডে সিদ্ধাৰামাইয়াৰ হাতত শাসনভাৰ অৰ্পণৰ পূৰ্বে ৰাজ্যখনৰ শীৰ্ষ পদৰ অন্যতম শক্তিশালী প্ৰতিদ্বন্দ্বী আছিল উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ ।

কংগ্ৰেছ কেবিনেটে ছয়জন লিঙ্গায়ত, চাৰিজন ভক্কালিগা, তিনিজন অনুসূচিত জাতিৰ, দুজন অনুসূচিত জনজাতিৰ আৰু পাঁচজন অন্যান্য় পিছপৰা সম্প্ৰদায়ৰ- কুৰুবা, ৰাজু, মাৰাঠা, এডিগা আৰু মোগাভেৰা আৰু এজন ব্ৰাহ্মণৰ প্ৰতিনিধি নিৰ্বাচন কৰা হৈছে । আনহাতে, অঞ্চল অনুসৰি প্ৰতিনিধিত্বৰ ক্ষেত্ৰত, সাতজনকৈ মন্ত্ৰী পুৰণি মহীশূৰ আৰু কল্যাণ কৰ্ণাটক অঞ্চলৰ, ছয়জন কিট্টুৰ কৰ্ণাটক অঞ্চলৰ আৰু দুজন মধ্য কৰ্ণাটকৰ ।

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ এক চৰকাৰী বিবৃতিত কোৱা হৈছে যে সিদ্ধাৰামাইয়াৰ নতুন কেবিনেটত জাতি, অঞ্চল অনুসৰি প্ৰতিনিধিত্বৰ লগতে জ্যেষ্ঠ আৰু কনিষ্ঠ বিধায়কসকলো সন্তুলিত হৈছে । বিবৃতিটোত লগতে উল্লেখ কৰা হৈছে যে কেবিনেটত আঠজন লিঙ্গায়ত, শিৱকুমাৰকে ধৰি পাঁচজন ভক্কালিগা আৰু নজন অনুসূচিত জাতিৰ মন্ত্ৰী আছে । শপত গ্ৰহণ কৰিবলগা মন্ত্ৰীসকলৰ দপ্তৰ শনিবাৰে সন্ধিয়াৰ ভিতৰত ঘোষণা কৰা হ'ব বুলি ৰাজ্যিক মন্ত্ৰী কে এইচ মুনিয়াপ্পাই কয় ।

লগতে পঢ়ক :Smriti Irani on Sengol Controversy : গান্ধী পৰিয়ালে নেহৰুৰ লাখুঁটি হিচাপে ছেংগোলক চুকত পেলাই ৰাখিছে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.