ETV Bharat / bharat

চৰকাৰে সাময়িকভাৱে বন্ধ কৰিলে এপ ভিত্তিক অটো সেৱা

author img

By

Published : Oct 7, 2022, 8:48 PM IST

ৰাজ্যিক পৰিবহণ বিভাগৰ (Karnataka Transport Department) আয়ুক্ত টি এইচ এম কুমাৰে দাবী কৰে যে তেওঁলোকে অটো সেৱাৰ দ্বাৰা আদায় কৰা অত্যধিক মূল্যৰ বিৰুদ্ধে অসংখ্য অভিযোগ লাভ কৰি আহিছে । তেওঁ আইনী ব্যৱস্থা লোৱাৰ সতৰ্কবাণী দিছিল যদিও কেব এগ্ৰিগেটৰসকলে তেওঁলোকৰ জাননীৰ প্ৰতি সঁহাৰি নিদিয়ে ।

cab
cab

নিউজ ডেস্ক, ৭ অক্টোবৰ : কৰ্ণাটক পৰিবহণ বিভাগে (Karnataka Transport Department) শুকুৰবাৰে ওলা (Ola), উবেৰ (Uber) আৰু ৰেপিডোক (Rapido) তেওঁলোকৰ অটো সেৱা তৎক্ষণাৎ বন্ধ কৰিবলৈ জাননী জাৰি কৰে (Karnataka Transport Department notice to cab) । লগতে গ্ৰাহকসকলক আৰোপ কৰা অত্যধিক মাচুলৰ বিৰুদ্ধে কৰা অভিযোগৰ ওপৰত ব্যাখ্যা দিবলৈ নিৰ্দেশ দিয়ে । আনহাতে, পৰিবহণ বিভাগে এপ ভিত্তিক কেব এগ্ৰিগেটৰসকলক সতৰ্ক কৰি দিয়ে যে যদি তেওঁলোকৰ জাননী মতে ব্যাখ্যা আগবঢ়োৱা নহয়, তেন্তে তেওঁলোক আইনী ব্যৱস্থাৰ সন্মুখীন হ'ব লাগিব ।

ৰাজ্যিক পৰিবহণ বিভাগৰ আয়ুক্ত টি এইচ এম কুমাৰে জনাইছে যে তেওঁলোকে যোৱা দুই-তিনি দিনত এই সন্দৰ্ভত বৃহৎসংখ্যক অভিযোগ লাভ কৰিছে (complaints against cab aggregators) । অটো সেৱাৰ বাবে দুগুণ মাচুল লোৱাৰ বাবে কেব এগ্ৰিগেটৰৰ বিৰুদ্ধে বিশেষভাৱে অভিযোগ উত্থাপন কৰা হৈছিল । কেব এগ্ৰিগেটৰসকলক জাননী জাৰি কৰা হৈছে আৰু ব্যাখ্যাৰ বাবে তিনি দিনৰ সময় দিয়া হৈছে । তেওঁ এই সন্দৰ্ভত কয়, "আমি ইয়াৰ সঁহাৰি পোৱাৰ পিছত সিদ্ধান্ত লোৱা হ'ব ।"

আনহাতে, সূত্ৰসমূহে কয় যে ন্যূনতম অটো ভাড়া ৩০ টকা আৰু ৫ মিনিট অপেক্ষাৰ বাবে ৫ টকা অপেক্ষাৰ মাচুল আনুষ্ঠানিকভাৱে নিৰ্ধাৰণ কৰা হৈছে । কিন্তু কেব এগ্ৰিগেটৰসকলে ন্যূনতম ভাড়া হিচাপে 100 টকা আদায় কৰিছে আৰু বৃহৎসংখ্যক লোকে ইয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে ।

ইফালে, ১ নৱেম্বৰৰ পৰা ওলা, উবেৰ, ৰেপিডো আৰু অন্যান্য এপ-আধাৰিত সেৱা প্ৰদানকাৰীসকলৰ সৈতে প্ৰতিযোগিতা কৰিবলৈ বেংগালুৰু অটোৰিক্সা ড্ৰাইভাৰ ইউনিয়নে (Bengaluru Autorickshaw Drivers Union) এটা মোবাইল এপ 'নাম্মা যাত্ৰী এপ' (Namma Yatri App) মুকলি কৰাৰ পৰিকল্পনা কৰিছে । উদ্যোগী নন্দন নিলেকানি সমৰ্থিত ফাউণ্ডেচনৰ সৈতে অংশীদাৰিত্বত এই এপটো মুকলি কৰা হ'ব ।

এ আৰ ডি ইউৰ (ARDU) সভাপতি ডি ৰুদ্ৰস্বামীয়ে এই সন্দৰ্ভত কয় যে এপ-আধাৰিত সেৱা প্ৰদানকাৰীসকলে 100 টকা মাচুল লয় আৰু চালকসকলক মাত্ৰ 60 টকা দিয়ে । বাকীখিনি কমিছন হিচাপে ৰাখে ।

লগতে পঢ়ক :কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি শশী থাৰুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.