ETV Bharat / bharat

Kargil Vijay Diwas 2022 : শ্ৰীনগৰত কাৰ্গিল বিজয় দিৱসৰ ব্যাপক আয়োজন

author img

By

Published : Jul 26, 2022, 7:16 PM IST

প্ৰতিবছৰৰ দৰে এইবাৰো দেশৰ ভিন্ন প্ৰান্তত কাৰ্গিল বিজয় দিৱস পালন কৰা হৈছে (Kargil Vijay Diwas)। শ্ৰীনগৰত দিৱসৰ বিশাল কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে । বীৰত্ব প্ৰদৰ্শন কৰা ভাৰতীয় সেনা বাহিনীৰ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন ।

Kargil Vijay Diwas 2022
শ্ৰীনগৰত কাৰ্গিল বিজয় দিৱসৰ ব্যাপক আয়োজন

নেশ্যনেল ডেস্ক,২৬ জুলাই : দেশজুৰি মঙলবাৰে পালন কৰা হৈছে কাৰ্গিল বিজয় দিৱসৰ (Kargil Vijay Diwas celebrated in India)। শ্ৰীনগৰস্থিত কাৰ্গিল যুদ্ধ স্মাৰকৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত ২৩ সংখ্যক কাৰ্গিল বিজয় দিৱস ব্যাপকভাৱে পালন কৰা হৈছে (Kargil Vijay Diwas celebrated at Kargil War Memorial)। লাডাখৰ দ্ৰাছত সকলোতকৈ বিশাল অনুষ্ঠানটোৰ আয়োজন কৰা হৈছে । সেনাই শ্ৰীনগৰত কাৰ্গিল যুদ্ধৰ সময়ত নিহত সৈনিকসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে অনুষ্ঠানৰ আয়োজন কৰিছে ।

দ্ৰাছৰ যুদ্ধ স্মাৰকত আয়োজিত অনুষ্ঠানটোত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে । বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে বীৰত্ব প্ৰদৰ্শন কৰা ভাৰতীয় সেনা বাহিনীৰ স্মৰণত দেশপ্ৰেমৰ বিষয়বস্তুৰ ওপৰত বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰে । ড্ৰোণৰ নিৰীক্ষণত আছিল সমগ্ৰ কাৰ্যসূচী । ইফালে শ্ৰীনগৰৰৰ কেন্দ্ৰ লাল চকত এক সাংস্কৃতিক কাৰ্যসূচীৰ দ্বাৰা বিজয় দিৱসৰ সামৰণি পৰে ।

ইয়াৰ মাজতে কাৰ্গিল যুদ্ধত দেশৰ হকে যুদ্ধত অৱতীৰ্ণ হোৱা এগৰাকী বীৰ যোদ্ধাই ইটিভি ভাৰতত বিশেষ মন্তব্য কৰে । যুদ্ধৰ কথা স্মৰণ কৰি তেওঁ নিজকে গৌৰৱান্বিত অনুভৱ কৰে ।

কৰ্পোৰেটৰ (ৰাজবাগ) শ্বাহিন ভাটে এই দিৱস সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, শান্তিৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ আৰু শ্বহীদ সৈনিকসকলক স্মৰণ কৰিবলৈ এই দিনটো পালন কৰা হৈছে । ইয়াৰ মাজতে শাসকীয় বিজেপিয়ে আৰম্ভ কৰা হৰ ঘৰ তিৰংগা কাৰ্যসূচীক লৈ ৰাজনৈতিক নেতাসকলক তীব্ৰ সমালোচনা কৰে প্ৰাক্তন নেতা ফাৰুক ৰেঞ্জুৱে (Farooq Renzushah on Har Ghar Tiranga)। তেওঁৰ মতে ঘৰত পতাকা উত্তোলনৰ বাবে কোনো লোকক বাধ্য কৰাব নালাগে ।

ৰাজনীতিবিদসকলে প্ৰথমে তেওঁলোকৰ ঘৰত পতাকা উত্তোলন কৰা উচিত । যিসকল নেতাই সদায় মূলসুঁতিৰ বুলি দাবী কৰি আহিছে তেওঁলোক হয় বিচ্ছিন্নতাবাদী নেতা হিচাপে প্ৰমাণ দিছে বুলিও তেওঁ অভিযোগ কৰে । ইফালে লাডাখৰ নাগৰিকসকলক পাকিস্তানৰ অনুগামী বুলি অভিহিত কৰাৰ বাবে জম্মু আৰু কাশ্মীৰৰ তদানীন্তন মুখ্যমন্ত্ৰী ড৹ ফাৰুক আব্দুল্লাকো তেওঁ সমালোচনা কৰে ।

উল্লেখ্য যে, ১৯৯৯ চনৰ ২৬ জুলাইত ভাৰতীয় সেনাই লাডাখৰ কাৰ্গিলত প্ৰায় তিনি মাহ ধৰি চলি থকা যুঁজৰ অন্তত "অপাৰেচন বিজয়"ৰ সফল সমাপ্তি ঘোষণা কৰে । ভাৰতৰ বিজয়ক স্মৰণ কৰিবলৈ এই দিনটো 'কাৰ্গিল বিজয় দিৱস' হিচাপে পালন কৰা হয় । প্ৰায় তিনি মাহ ধৰি চলি থকা কাৰ্গিল যুদ্ধৰ সময়ত ৫২৭ গৰাকী ভাৰতীয় সৈনিক নিহত হোৱাৰ বিপৰীতে ১,৩৬৩ গৰাকী সৈনিক আহত হৈছিল ।

লগতে পঢ়ক :Kargil Vijay Diwas 2022: দেশজুৰি পালন কাৰ্গিল বিজয় দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.