ETV Bharat / bharat

আজি কংগ্ৰেছত যোগদান কৰিব কানহাইয়া কুমাৰ আৰু জিগনেশ মেৱানীয়ে

author img

By

Published : Sep 28, 2021, 1:13 PM IST

ৰাহুল গান্ধীৰ উপস্থিতিত চিপিআই নেতা তথা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি কানহাইয়া কুমাৰ আৰু গুজৰাটৰ নিৰ্দলীয় বিধায়ক জিগনেশ মেৱানীয়ে মঙলবাৰে কংগ্ৰেছত যোগদান কৰিব । শেহতীয়াকৈ বহু যুৱ কংগ্ৰেছীয়ে দল ত্যাগ কৰাৰ পাছত দুয়োগৰাকী চৰ্চিত নেতাৰ যোগদানে বিশেষ প্ৰতিক্ৰিয়া হৈছে ৰাজনৈতিক মহলত ।

Congress
কংগ্ৰেছত যোগদান কৰিব কানহাইয়া কুমাৰ আৰু জিগনেশ মেৱানীয়ে

নেশ্যনেল ডেস্ক, ২৮ ছেপ্টেম্বৰ : কংগ্ৰেছত যোগদান কৰিব চিপিআই নেতা তথা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি কানহাইয়া কুমাৰ আৰু গুজৰাটৰ নিৰ্দলীয় বিধায়ক জিগনেশ মেৱানীয়ে । সূত্ৰৰ মতে মঙলবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ উপস্থিতিত দুয়োগৰাকী নেতাই যোগ দিব কংগ্ৰেছ দলত । শেহতীয়াকৈ কানহাইয়া কুমাৰে ৰাহুল গান্ধীক সাক্ষাৎ কৰিছিল আৰু তেতিয়াৰ পৰাই ৰাজনৈতিক মহলত বিভিন্ন ধৰণৰ চৰ্চা আৰম্ভ হৈছিল । পিছে দুয়োগৰাকীয়ে ভাৰতৰ প্ৰভাৱশালী নেতা হিচাপে পৰিচিত ।

kanhaiya kumar

জিগনেশ মেৱানী দলিত আন্দোলনৰ অন্যতম নেতা :

জিগনেশ মেৱানী দলিত আন্দোলনৰ এগৰাকী প্ৰভাৱশালী নেতা । ৰাজনীতিত প্ৰৱেশ কৰাৰ পূৰ্বে তেওঁ এগৰাকী সাংবাদিক, উকীল আৰু এগৰাকী দলিত কৰ্মী হিচাপে পৰিচিত আছিল । ভেৰাভালত উনাৰ ঘটনাৰ পাছতে মেৱানীয়ে ঘোষণা কৰিছিল যে দলিতসকলে মৃত জন্তুৰ চামৰা আঁতৰোৱা কাম,নলা পৰিষ্কাৰৰ দৰে লেতেৰা কাম আৰু নকৰে ।

তাৰ পাছতে হঠাৎ শিৰোনাম দখল কৰিছিল মেৱানীয়ে । মেৱানী তেতিয়াৰ পৰাই দেশত চৰ্চা লাভ কৰে । ইফালে তেওঁ প্ৰায়ে প্ৰধানমন্ত্ৰী মোডীৰ নীতিসমূহক সমালোচনা কৰে ।

মোডী বিৰোধী হিচাপে কানহাইয়াৰ আছে বিশেষ পৰিচয় :

কানহাইয়া কুমাৰ ছাত্ৰ আন্দোলনৰ পৰাই দেশজুৰি চৰ্চাত আছে । চিপিআইৰ ছাত্ৰ সংগঠনসমূহ অল ইণ্ডিয়া ষ্টুডেণ্টছ ফেডাৰেচনৰ অংশ হৈ আহিছে । তেওঁ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থাৰ সভাপতি আছিল । তেওঁ যোৱা লোকসভা নিৰ্বাচনত বিহাৰৰ বেগুচৰাইৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল আৰু বিজেপি প্ৰাৰ্থী গিৰিৰাজ সিঙৰ হাতত পৰাজিত হৈছিল ।

Jignesh Mewani

ৰাহুল গান্ধীৰ ঘনিষ্ঠৰ কংগ্ৰেছ ত্যাগ :

শেহতীয়াকৈ কংগ্ৰেছৰ যুৱ নেতাসকলে দল ত্যাগ কৰি বিজেপি বা আন দলসমূহত যোগদান কৰা দেখা গৈছে । জ্যোতিৰাদিত্য সিন্ধিয়া, জীতেন প্ৰসাদ, সুস্মিতা দেৱ, অশোক তানৱাৰ, প্ৰিয়ংকা চতুৰ্বেদী, ললিতেশপতি ত্ৰিপাঠীৰ দৰে বহু তৰুণ নেতাই কংগ্ৰেছ ত্যাগ কৰিছে । এই আটাইকেইজন ৰাহুল গান্ধীৰ ঘনিষ্ঠসকলৰ ভিতৰত অন্যতম আছিল ।

ৰাহুল গান্ধীৰ এই যুৱ ব্ৰিগেডক কংগ্ৰেছৰ ভৱিষ্যতৰ মুখ বুলি গণ্য কৰা হৈছিল । তথাপিও, কংগ্ৰেছে তেওঁলোকক দলত ৰাখিব নোৱাৰিলে । এটাৰ পাছত আন এজন যুৱ নেতাই কংগ্ৰেছ ত্যাগ কৰিছে যদিও গুলাম নবী আজাদৰ দৰে বহু জ্যেষ্ঠ নেতাই এতিয়াও কংগ্ৰেছক শক্তিশালী কৰাত গুৰুত্ব প্ৰদান কৰিছে ।

যুৱ নেতাসকলৰ প্ৰস্থানৰ ফলত সৃষ্টি হোৱা শূন্যতা পূৰণ কৰিবলৈ কংগ্ৰেছে কানহাইয়া কুমাৰ আৰু জিগনেশ মেৱানীক দললৈ আদৰণি জনাব বুলি ধাৰণা কৰা হৈছে । আন্দোলনৰ মাজেৰে দুয়োগৰাকী নেতাৰ জন্ম হৈছে আৰু তেওঁলোকৰ প্ৰজন্মৰ মাজত দুয়োগৰাকীৰে বিশেষ গুৰুত্ব আছে । কংগ্ৰেছে কানহাইয়া, জিগনেশ আৰু হাৰ্ডিকৰ দৰে নেতাসকলক "আউটচৰ্চিং" কৰি দলত যুৱ নেতাৰ পদত্যাগৰ মোহৰ মচিবলৈ চেষ্টা কৰা বুলি ধাৰণা কৰা হৈছে ।

লগতে পঢ়ক : সৌৰভ গাংগুলীক আদালতে বিহিলে জৰিমনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.