নেশ্যনেল ডেস্ক, 22 ফেব্ৰুৱাৰী : কেৰালা চৰকাৰখনে ৰাজ্যখনৰ সন্ত্ৰাসবাদী শক্তিসমূহক ভৰণ-পোষণ কৰি আছে বুলি এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কেৰালাৰ বিজেপি সভাপতি কে. সুৰেন্দ্ৰনে ৷ যি সময়ত উত্তৰ প্ৰদেশৰ আদিত্যনাথ চৰকাৰখনে সন্ত্ৰাসবাদীৰ বাবে কাৰাগাৰ স্থাপন কৰি আছে সেই সময়তেই পিনাৰায়ী বিজয়নে তেওঁলোকক কেবিনেটৰ অন্তৰ্ভুক্ত কৰা বুলি মন্তব্য কৰে কে. সুৰেন্দ্ৰনে ৷
তেওঁ আৰু কয় যে, বিগত 6 দশকে কেৰালাক শাসন কৰি অহা LDF আৰু UDF চৰকাৰখনৰ বিৰুদ্ধে থকা ৰাইজৰ ক্ষোভৰ বৰ্হিপ্ৰকাশ বিজেপিৰ ‘বিজয় যাত্ৰা’ত দেখিবলৈ পোৱা গৈছে ৷
সবৰিমালা প্ৰসংগত প্ৰত্যক্ষভাৱে মাত মতা ওমেন চেন্দী আৰু ৰমেশ চেন্নিথৱালাই এতিয়া ৰাইজক প্ৰৱঞ্চনা কৰিছে ৷ পিনাৰায়ী চৰকাৰখনে সবৰিমালাৰ হিন্দু ভক্ত সকলক অশান্তি কৰা সময়ত সম্পূৰ্ণ মৌন ভূমিকা পালন কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী ওমেন চেন্দীয়ে ৷
লগতে পঢ়ক-পণ্ডিচেৰী এতিয়া দল বাগৰাৰ আখৰাথলী