ETV Bharat / bharat

অসামৰিক বিমান পৰিবহণ মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ জ্যোতিৰাদিত্য সিন্ধিয়াৰ

author img

By

Published : Jul 10, 2021, 10:45 AM IST

যোৱা বছৰ কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা জ্যোতিৰাদিত্য সিন্ধিয়াই (Jyotiraditya Scindia) বুধবাৰে ৰাষ্ট্ৰপতি ভৱনত শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi) নেতৃত্বাধীন চৰকাৰত কেন্দ্ৰীয় মন্ত্ৰী (Central minister) হিচাপে শপত গ্ৰহণ কৰে । জ্যোতিৰাদিত্যৰ পিতৃ মাধৱৰাও সিন্ধিয়া পূৰ্বে অসামৰিক বিমান পৰিবহণ মন্ত্ৰী আছিল ।

Civil Aviation Minister
অসামৰিক বিমান পৰিবহন মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ জ্যোতিৰাদিত্য সিন্ধিয়াৰ

নেশ্যনেল ডেস্ক,10 জুলাই : প্ৰধানমন্ত্ৰীৰ সম্প্ৰসাৰিত মন্ত্ৰীসভাত স্থান পালে যোৱা বছৰ কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা জ্যোতিৰাদিত্য সিন্ধিয়াই (Jyotiraditya Scindia) । বুধবাৰে ৰাষ্ট্ৰপতি ভৱনৰ শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi) নেতৃত্বাধীন চৰকাৰত কেন্দ্ৰীয় মন্ত্ৰী (Central minister) হিচাপে শপত গ্ৰহণ কৰে সিন্ধিয়াই । ইয়াৰ পিছতে তেওঁক অসামৰিক বিমান পৰিবহণ মন্ত্ৰীৰ (Civil Aviation Minister) দায়িত্ব দিয়া হয় ।

জ্যোতিৰাদিত্য সিন্ধিয়াই শুকুৰবাৰে দেশৰ ৩৩ তম অসামৰিক বিমান পৰিবহণ মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে । সিন্ধিয়াই প্ৰাক্তন বিমান মন্ত্ৰী হৰদীপ সিং পুৰীৰ উপস্থিতিত দায়িত্ব গ্ৰহণ কৰে । কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰেও সিন্ধিয়াক অভিনন্দন জনোৱাৰ বাবে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ত উপস্থিত হয় ।

উল্লেখ্য যে, জ্যোতিৰাদিত্যৰ পিতৃ মাধৱৰাও সিন্ধিয়াই পূৰ্বে অসামৰিক বিমান পৰিবহণ মন্ত্ৰীৰ দায়িত্বত ১৯৯১ চনৰ পৰা ১৯৯৩ চনলৈ কাৰ্যনিৰ্বাহ কৰিছিল । মন্ত্ৰী হিচাপে শপত লোৱাৰ পিছতে জ্যোতিৰাদিত্য সিন্ধিয়াই পিতৃক সোঁৱৰণ কৰি সপোন পূৰণ হোৱা বুলি মন্তব্য কৰে ৷ মধ্য প্ৰদেশত কংগ্ৰেছৰ শাসনৰ পিছত যোৱা বছৰ ৰাজ্যখনত বিজেপিয়ে পুনৰ ক্ষমতালৈ ঘূৰি অহাৰ ক্ষেত্ৰত সিন্ধিয়াই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।

সিন্ধিয়াৰ প্ৰতি অনুগত্য স্বীকাৰ কৰি ২২ জন কংগ্ৰেছ বিধায়কে পদত্যাগ কৰিছিল ৷ যাৰ ফলত কমল নাথ নেতৃত্বাধীন চৰকাৰত সংকটৰ সৃষ্টি হৈছিল । স্পষ্টভাষী আৰু আকৰ্ষণীয় ব্যক্তিত্বৰ ৫০ বছৰীয়া সিন্ধিয়া কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ চৰকাৰৰ যোগাযোগ আৰু তথ্য প্ৰযুক্তিৰ ৰাজ্যিক মন্ত্ৰী আছিল । সিন্ধিয়া মধ্য প্ৰদেশৰ পৰা ৰাজ্যসভাৰ সাংসদ আছিল ।

তেওঁ ২০০৯-২০১২ চনত ইউপিএৰ দ্বিতীয় কাৰ্যকালত চৰকাৰৰ কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ ৰাজ্যিক মন্ত্ৰী আছিল । তদুপৰি ২০১২-২০১৪ চনত কেন্দ্ৰীয় শক্তি ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ) আছিল । পিতৃ মাধৱৰাও সিন্ধিয়াৰ (Madhavrao Scindia) বিমান দুৰ্ঘটনাত মৃত্যু হোৱাৰ পিছতে গোৱালিয়ৰৰ ৰাজ পৰিয়ালৰ সৈতে সম্পৰ্ক থকা জ্যোতিৰাদিত্য সিন্ধিয়া প্ৰথমবাৰৰ বাবে ২০০২ চনত গুণা সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল । মাধৱৰাও সিন্ধিয়াই ১৯৭১ চনত ২৬ বছৰ বয়সত লোকসভালৈ নিৰ্বাচিত হোৱাৰ লগতে গোৱালিয়ৰ আৰু গুণা সমষ্টিৰ পৰা একেৰাহে ৯ বাৰকৈ নিৰ্বাচনত জয়ী হৈছিল ।

জ্যোতিৰাদিত্য সিন্ধিয়াই ২০১৯ ৰ লোকসভা নিৰ্বাচনত আশ্চৰ্যজনকভাৱে পৰাজয়ৰ সন্মুখীন হৈছিল । সিন্ধিয়া মধ্য প্ৰদেশ ক্ৰিকেট সংস্থাৰ সভাপতি আছিল । বিজেপি নেতাজনে ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ৰ (Stanford University) পৰা এমবিএ আৰু হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ (Harvard University) পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল ।

লগতে পঢ়ক : দেশৰ অক্সিজেন নাটনিক লৈ প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত বিশেষ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.