নেশ্যনেল ডেস্ক, ২১ আগষ্ট : যোৱা ১৬ জুনৰ পৰা পৰ্যায়ক্ৰমে বাধ্যতামূলক কৰা হৈছে সোণৰ অলংকাৰৰ হলমাৰ্কিং । কিন্তু কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে দেশৰ ভিন্ন প্ৰান্তৰ গহণা ব্যৱসায়ীসকলে । ২৩ আগষ্টত সমগ্ৰ দেশৰ গহণা ব্যৱসায়ীসকলে সাংকেতিক ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে । সৰ্বভাৰতীয় ৰত্ন আৰু অলংকাৰ ঘৰুৱা পৰিষদে(All India Gem and Jewellery Domestic Council) জনোৱা মতে, তেওঁলোকৰ এই প্ৰতিবাদী কাৰ্যসূচীত দেশৰ বিভিন্ন প্ৰান্তৰ ৰত্ন আৰু অলংকাৰ উদ্যোগৰ ৩৫০ টা সংগঠনে সমৰ্থন আগবঢ়াৱ ।
উল্লেখ্য যে, চৰকাৰে যোৱা ১৬ জুনৰ পৰা সোণৰ অলংকাৰৰ হলমাৰ্কিং বাধ্যতামূলক কৰিছে । প্ৰথমাৱস্থাত এই প্ৰক্ৰিয়া কাৰ্যকৰী কৰাৰ বাবে ২৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ২৫৬ খন জিলাক বাছনি কৰা হৈছে । সোণৰ হলমাৰ্কিঙৰ অৰ্থ হৈছে মূল্যৱান ধাতুৰ বিশুদ্ধতাৰ প্ৰমাণপত্ৰ । চৰকাৰে বাধ্যতামূলক কৰাৰ পূৰ্বে একাংশ জুৱেলাৰে স্বেচ্ছামূলকভাৱে হলমাৰ্কিঙৰ ব্যৱস্থা হাতত লৈ আহিছিল ।
সৰ্বভাৰতীয় ৰত্ন আৰু অলংকাৰ ঘৰুৱা পৰিষদৰ অধ্যক্ষ অশোক মীনাৱালাই এক বিবৃতিযোগে জনায় যে, এদিনীয়া সাংকেতিক ধৰ্মঘট হৈছে হলমাৰ্ক ইউনিক আইডেণ্টিফিকেশ্যন নম্বৰ(Hallmark Unique identification Number)ৰ কাৰ্যকৰীকৰণৰ বিৰুদ্ধে সংস্থাটোৰ শান্তিপূৰ্ণ প্ৰতিবাদ । দানাভাই জুৱেলাৰ্ছ গ্ৰুপৰ সঞ্চালয়ক তথা চৰকাৰৰ দ্বাৰা নিযুক্ত সমিতিৰ জুৱেলাৰ্ছৰ প্ৰতিনিধি অশোক মীনাৱালাই কয় যে, জুৱেলাৰসকলে নতুন হলমাৰ্ক ইউনিক আইডেণ্টিফিকেশ্যন নম্বৰ গ্ৰহণ কৰিব নোৱাৰে ।
কিয়নো সোণৰ বিশুদ্ধতাৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই । তেওঁ লগতে কয় যে, বি আই এছে ভাবিছে যে নতুন হলমাৰ্ক ইউনিক আইডেণ্টিফিকেশ্যন নম্বৰে সোণৰ বিশুদ্ধতা উন্নত কৰিব । কিন্তু অলংকাৰ গঢ়োতাসকলৰ মতে, এয়া কেৱল এক ট্ৰেকিং প্ৰণালী । সৰ্বভাৰতীয় ৰত্ন আৰু অলংকাৰ ঘৰুৱা পৰিষদৰ সঞ্চালক দিনেশ জৈনে এইচ ইউ ই ডি প্ৰণালীক অত্যন্ত সময়োপযোগী বুলি অভিহিত কৰি কয় যে বৰ্তমানৰ হলমাৰ্কিং কেন্দ্ৰসমূহৰ গতি আৰু ক্ষমতা প্ৰতিদিনে প্ৰায় দুই লাখ ইউনিট । এই গতিত কাম কৰিলে এই বছৰত তৈয়াৰ হোৱা অলংকাৰৰ হলমাৰ্ক হ'বলৈ ৩-৪ বছৰ সময় লাগিব ।
তেওঁ লগতে কয় যে, বৰ্তমান হলমাৰ্ক থকা গহণাৰ বাবে প্ৰায় ৫-১০ দিন সময়ৰ প্ৰয়োজন হৈছে । ইয়াৰ ফলত কামত বাধা আহি পৰিছে আৰু এই উদ্যোগটোৰ কাম স্তব্ধ হৈ পৰিছে । আনহাতে, একাংশ জুৱেলাৰে হলমাৰ্কিঙৰ প্ৰতি সমৰ্থন আগবঢ়াইছে । মুম্বাইৰ পাইকাৰী গোল্ড জুৱেলাৰী এছ'চিয়েশ্যনৰ সভাপতি প্ৰকাশ কাগ্ৰেচাই কয় যে, জুৱেলাৰসকলে হলমাৰ্কিংক আদৰণি জনাইছে আৰু বৰ্তমান পঞ্জীয়ন ৩৪,০০০-৮৮,০০০ লৈ বৃদ্ধি পাইছে ।
সৰ্বভাৰতীয় ৰত্ন আৰু অলংকাৰ ঘৰুৱা পৰিষদৰ মতে, গহণা তৈয়াৰ কৰিও হলমাৰ্ক ব্যৱহাৰ নকৰাকৈ বিক্ৰী কৰাসকলৰ ওপৰত জৰিমনা অথবা অপৰাধমূলক কাম কৰাৰ বাবে ব্য়ৱস্থা হোৱা হ'ব । এনে পদক্ষেপ গ্ৰহণ কৰিলে ব্যৱসায় বন্ধ হৈ পৰিব বুলি পৰিষদে শংকা ব্যক্ত কৰিছে । এতিয়া হলমাৰ্ক ব্যৱহাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাজু হৈছে জুৱেলাৰসকল ।
লগতে পঢ়ক: সন্ত্ৰাসবাদীৰ অস্তিত্ব স্থায়ী নহয়ঃ প্ৰধানমন্ত্ৰী মোডী