নেশ্যনেল ডেস্ক, 10 আগষ্ট : মধ্যপ্ৰদেশৰ এগৰাকী জ্যেষ্ঠ মহিলা, আই এ এছ বিষয়াই বুধবাৰে সংসদৰ ভিতৰত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ কথিত “অশ্লীল আচৰণ”ৰ বিৰুদ্ধে প্ৰতিবাদ কৰা মহিলা সাংসদসকলক মণিপুৰৰ মহিলাসকলে কেনে অনুভৱ কৰে সেই বিষয়েও চিন্তা কৰিবলৈ কয় ৷ আপাত দৃষ্টিত হিংসাত্মক পৰিস্থিতিৰ সন্মুখীন হোৱা ৰাজ্যখনৰ যৌন নিৰ্যাতনৰ ভিডিঅ’ৰ কথা উল্লেখ কৰি আই এ এছ বিষয়া শৈলবালা মাৰ্টিনে পূৰ্বতে ‘টুইটাৰ’ নামেৰে জনাজাত ‘এক্স’ত হিন্দী ভাষাত লিখিছে, ‘‘জাৰা সোচ্যে মণিপুৰ কি মহিলাও কো কৈছা মেহছুছ হোৱা হোগা’’ (মণিপুৰৰ মহিলাসকলে কেনে অনুভৱ কৰিছিল) ।
-
ज़रा सोचिए मणिपुर की महिलाओं को कैसा महसूस हुआ होगा? pic.twitter.com/lINeLtQyuT
— Shailbala Martin (@MartinShailbala) August 9, 2023 " class="align-text-top noRightClick twitterSection" data="
">ज़रा सोचिए मणिपुर की महिलाओं को कैसा महसूस हुआ होगा? pic.twitter.com/lINeLtQyuT
— Shailbala Martin (@MartinShailbala) August 9, 2023ज़रा सोचिए मणिपुर की महिलाओं को कैसा महसूस हुआ होगा? pic.twitter.com/lINeLtQyuT
— Shailbala Martin (@MartinShailbala) August 9, 2023
মধ্যপ্ৰদেশ কেডাৰৰ আমোলাগৰাকী বৰ্তমান ভূপালৰ মন্ত্ৰালয়ত (ৰাজ্যিক সচিবালয়) সাধাৰণ প্ৰশাসন বিভাগত অতিৰিক্ত সচিব হিচাপে নিযুক্ত হৈ আছে । এই মন্তব্য কৰাৰ লগে মাৰ্টিনে সদনত ৰাহুল গান্ধীৰ আচৰণক লৈ লোকসভাৰ অধ্যক্ষলৈ উদ্দেশ্যি এখন পত্ৰও প্ৰেৰণ কৰে ৷ কেইবাগৰাকীও মহিলা সাংসদৰ স্বাক্ষৰ সম্বলিত হৈ আছে পত্ৰখনত ।
বুধবাৰে লোকসভাত অনাস্থা প্ৰস্তাৱৰ বিতৰ্কত অংশগ্ৰহণ কৰাৰ পিচত গান্ধীয়ে উৰণীয়া চুমা প্ৰদৰ্শন কৰাৰ অভিযোগ তুলি কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে তেওঁক নাৰীবিদ্বেষী বুলি অভিহিত কৰে ৷ কেন্দ্ৰীয় মন্ত্ৰী ইৰাণীয়ে ৰাহুল গান্ধীক নাৰীবিদ্বেষী আখ্যা দি সদনে কেতিয়াও এনে “অশোভনীয় আচৰণ”ৰ সাক্ষী হোৱা নাছিল বুলি কয় ৷
ইৰাণীয়ে ৱায়ানাদৰ সাংসদগৰাকীৰ বিৰুদ্ধে যুঁজ দি তেওঁৰ “অশ্লীল ইংগিত”ক লৈ ক্ষোভ প্ৰকাশ কৰে । "মোৰ আগত কথা কোৱা ব্যক্তিজনে... এটা অশ্লীল ইংগিত দিছে... কেৱল নাৰীবিদ্বেষী পুৰুষেহে সদনৰ মজিয়াত মহিলা সংসদ সদস্যক উৰণীয়া চুমা দিব পাৰে... এনে অশ্লীল কাম সদনে আগতে কেতিয়াও প্ৰত্যক্ষ কৰা নাই । সমগ্ৰ দেশে গান্ধী পৰিয়ালৰ সংস্কৃতি দেখিছে ।’’ আমেথিৰ বিজেপি সাংসদগৰাকীয়ে এইদৰে কয় ।
লোকসভাৰ অধ্যক্ষলৈ প্ৰেৰণ কৰা ২০ গৰাকীতকৈও অধিক মহিলা সংসদ সদস্যৰ দ্বাৰা স্বাক্ষৰিত এখন এজাহাৰত গান্ধীয়ে ‘অশ্লীল’ আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে ৷ যিয়ে কেৱল “সদনত মহিলা সদস্যৰ মৰ্যাদাক অপমান কৰাই নহয়, সদনৰ বদনাম কঢ়িয়াই আনি মৰ্যাদাও তললৈ নমাই আনিছে” ৷
মাৰ্টিনৰ এই টুইটৰ সন্দৰ্ভত কোনো মন্তব্য দিব পৰা নগ’ল । মণিপুৰৰ কাংপকপি জিলাত ৪ মে’ত দুগৰাকী মহিলাক উলংগ কৰি পেৰেড কৰি পুৰুষৰ দলে নিৰ্যাতন চলোৱাৰ ভিডিঅ’ 19 জুলাইত প্ৰকাশ পাইছিল ৷ এই ঘটনাক দেশজুৰি গৰিহণা দিছিল বিভিন্ন মহলে ৷