ETV Bharat / bharat

News click case : প্ৰবীৰ পুৰকায়স্থ আৰু অমিত চক্ৰৱৰ্তীৰ ন্যায়িক জিম্মা 1 ডিচেম্বৰলৈ বৃদ্ধি - News Click case Update

ইউএপিএৰ অধীনত গ্ৰেপ্তাৰ হোৱা নিউজক্লিকৰ প্ৰতিষ্ঠাপক প্ৰবীৰ পুৰকায়স্থ আৰু এইচ আৰ মুৰব্বী অমিত চক্ৰৱৰ্তীৰ ন্যায়িক জিম্মা ১ ডিচেম্বৰলৈ বৃদ্ধি কৰিছে আদালতে। চীনৰ পৰা ধন লৈ চৰকাৰ বিৰোধী আঁচনি চলোৱাৰ অভিযোগ।

News click case
প্ৰবীৰ পুৰকায়স্থ আৰু অমিত চক্ৰৱৰ্তীৰ ন্যায়িক জিম্মা বৃদ্ধি
author img

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 6:49 PM IST

নিউজ ডেস্ক, 2 নৱেম্বৰ : নিউজক্লিকৰ প্ৰতিষ্ঠাপক প্ৰবীৰ পুৰকায়স্থ আৰু এইচ আৰ মুৰব্বী অমিত চক্ৰৱৰ্তীক 9 দিনৰ আৰক্ষীৰ জিম্মা শেষ হোৱাৰ পিছত বৃহস্পতিবাৰে পটিয়ালা হাউছ কোৰ্টত হাজিৰ কৰোৱা হয় ৷ পাটিয়ালা হাউছ কোৰ্টৰ ন্যায়াধীশ হৰদীপ কৌৰে দুয়োজন অভিযুক্তক 1 ডিচেম্বৰলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷ যোৱা 3 অক্টোবৰত দিল্লী আৰক্ষীৰ বিশেষ কোষে বেআইনী কাৰ্যকলাপ আইন (ইউএপিএ)ৰ অধীনত দুয়োকে গ্ৰেপ্তাৰ কৰিছিল ৷ চীনৰ পৰা ধন লৈ চৰকাৰ বিৰোধী আঁচনি চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল দুয়োজনক ৷

ইয়াৰ পূৰ্বে 25 অক্টোবৰত আৰক্ষীয়ে দুয়োকে সোধা-পোছাৰ বাবে আৰক্ষীৰ জিম্মাত বিচাৰিছিল ৷ ইয়াৰ পূৰ্বে পুৰকায়স্থই তেওঁৰ প্ৰতিষ্ঠানৰ ইলেক্ট্ৰনিক সঁজুলি (কম্পিউটাৰ) ঘূৰাই দিয়াৰ দাবীত আদালতত আবেদন দাখিল কৰিছিল ৷ যাৰ ওপৰত আদালতে দিল্লী আৰক্ষীক জাননী জাৰি কৰি 10 দিনৰ ভিতৰত উত্তৰ বিচাৰিছিলল ৷ কম্পিউটাৰৰ উপৰিও দিল্লী আৰক্ষীয়ে জব্দ কৰিছিল মোবাইল, লেপটপকে ধৰি অন্যান্য ইলেক্ট্ৰনিক সঁজুলি ৷ ইয়াৰ পিছত জব্দ কৰা যন্ত্ৰসমূহৰ পৰা তথ্য আহৰণ কৰাৰ পাছত আৰক্ষীয়ে পুৰকায়স্থ আৰু চক্ৰৱৰ্তীক জেৰা কৰে ৷

এই কাৰণতে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰাৰ পিছত প্ৰথমে জিম্মাত বিচৰা নাছিল ৷ নিউজ পৰ্টেলটোৱে দেশৰ ফেডাৰেল গাঁথনিৰ ক্ষতিসাধন কৰিবলৈ চেষ্টা কৰাৰো অভিযোগ উত্থাপন হৈছে ৷ দুয়োকে গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে আৰক্ষীয়ে অভিযান চলাই নিউজ ক্লিকৰ সৈতে জড়িত 9 গৰাকী মহিলা সাংবাদিককে ধৰি 40 জনতকৈ অধিক লোকক জেৰা কৰিছিল ৷ ইয়াৰ পিছত দক্ষিণ দিল্লী অঞ্চলত অৱস্থিত নিউজ ক্লিকৰ কাৰ্যালয়টোও ছীল কৰা হয় ৷

লগতে পঢ়ক : Bhutan King Assam Visit : দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব ভূটানৰ ৰজা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.